 
            অ’ ফুল অ’ ফুল নুফুল কিয়! শীত কালত আপোনাৰ যত্নপালিত ফুল গছকেইজোপাত ফুল নুফুলাৰ বাবে আপুনিও দোমোজাত পৰিছে নেকি? পিছে ফুল গছে ইয়াৰ উত্তৰ দিয়ালৈ এতিয়া আপুনি অপেক্ষা কৰিব নালাগে। বিশেষ পদ্ধতি ব্যৱহাৰ কৰি এতিয়া আপুনি নুফুলা গছতো ফুল ফুলাব পাৰিব।যদি আপুনি বাগিচাৰ কাম কৰি ভাল পায় আৰু নাৰ্জি গছ আপোনাৰ বাগিছাত ৰোপণ কৰিছে, তেন্তে এই লেখাটো আপোনাৰ বাবে কামত আহিব পাৰে। কাৰণ এই লেখাটোত আমি নাৰ্জি গছত অধিক ফুল কেনেকৈ ফুলাব পাৰি সেই বিষয়ে আলোচনা কৰিম।
নাৰ্জি এনে এবিধ ফুল, যাক ইয়াৰ সৌন্দৰ্য্যৰ বাবে প্ৰায় সকলোৱে ভাল পায় আৰু নিজৰ বাৰীত ৰোপণ কৰিব বিচাৰে। কিন্তু প্ৰায়ে এনেকুৱা হয় যে নাৰ্জি গছ বাৰীত লগোৱাৰ পাছত ইয়াত ভালদৰে ফুল নুফুলে। যদি আপোনাৰ বাগিচাৰ গছ-গছনিৰ ক্ষেত্ৰতো এনেকুৱা কিবা এটা হৈ আছে, তেন্তে এই লেখাটোৰ জৰিয়তে আপুনি গছ-গছনিৰ যত্ন ল’ব পাৰে।
নাৰ্জি গছত অধিক ফুল পোৱাৰ কিছুমান পদ্ধতি তলত দিয়া ধৰণৰ:
সৰিয়হৰ ব্যৱহাৰ কৰক
সৰিয়হৰ পিঠা (mustard cake) ব্যৱহাৰ কৰি এসপ্তাহৰ ভিতৰত নাৰ্জি গছলৈ ফুল আনিব পাৰি। ইয়াক ব্যৱহাৰ কৰিবলৈ প্ৰথমে এদিন বা দুদিন পানীত তিয়াই লওক, তাৰ পাছত কেকটো ভালদৰে গুড়ি কৰি সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ গছত দিব। এই পদ্ধতিৰ সহায়ত গছজোপাৰ বৃদ্ধিৰ লগতে ফুলৰ উৎপাদনো অতি দ্ৰুতগতিত বৃদ্ধি পায়।
থলুৱা গোবৰ ব্যৱহাৰ কৰক
যদি আপুনি সৰিয়হৰ পিঠা পোৱা নাই তেন্তে দেশী গোবৰো ব্যৱহাৰ কৰিব পাৰে। থলুৱা গোবৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব। প্ৰথমে গৰুৰ গোবৰ বা ভাৰ্মিকম্প’ষ্ট, কলৰ খোলা, হাড়ৰ গুড়িৰ গোবৰ লৈ এই তিনিওটা সমান পৰিমাণে মিহলাই লওক। পচন সাৰ মিহলোৱাৰ পাছত সপ্তাহত এবাৰ ১ৰ পৰা ২ কাপ পচন সাৰ দিব। এইবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ গছত ফুলবোৰ অতি বেগেৰে ফুলি উঠিব।
নাৰ্জি হৈছে ঠাণ্ডা ঋতুৰ অন্যতম ফুল। ই ভাৰতত শীতকালত ৰোপণ কৰা আটাইতকৈ জনপ্ৰিয় উদ্ভিদ, যি সাধাৰণতে সকলো ঘৰত পোৱা যায়। শীতকালত নাৰ্জিৰ সৌন্দৰ্য বৃদ্ধি হয়।
ইয়াৰ ফুলবোৰ ৰঙা, কমলা আৰু হালধীয়া ৰঙৰ। থলুৱা নাৰ্জি ফুলবোৰ আকাৰত সৰু। আনহাতে যদি আপুনি নাৰ্চাৰীৰ পৰা হাইব্ৰিড উদ্ভিদ লয়, ইয়াৰ ফুলৰ আকাৰ ডাঙৰ হ'ব। নাৰ্জি ৰোপণ কৰাৰ দুটা উপায় আছে। যদি আপুনি বিচাৰে, আপুনি বীজৰ জৰিয়তে, বা নাৰ্চাৰীৰ পৰা উদ্ভিদটো ক্ৰয় কৰি ইয়াক আপোনাৰ বাগিচাত ৰোপণ কৰিব পাৰে।
আনহাতে টাবত নাৰ্জি ফুল বেছিকৈ ফুলাবলৈ হ’লে পটিং মিশ্ৰণ এনেদৰে প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে, আপুনি ৫০ শতাংশ স্বাভাৱিক মাটি, ৪০ শতাংশ গোবৰ সাৰ বা ভাৰ্মিকম্প’ষ্ট, ১০ শতাংশ বালিৰ সৈতে অলপ নিম বা সৰিয়হৰ তুঁহ মিহলি কৰি এক পটিং মিশ্ৰণ প্ৰস্তুত কৰিব পাৰে।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments