1. উদ্য়ানশস্য়

পদুম খেতি

KJ Staff
KJ Staff
Lotus the National Flower of India
Lotus the National Flower of India

পদুম (Lotus) এক জলজ উদ্ভিদ । দক্ষিণ এছিয়াৰ স্হানীয় উদ্ভিদ । ইয়াক সচৰাচৰ পানীৰ বাগিছাত খেতি কৰা হয় ।পদুম ভাৰতৰ ৰাষ্ট্ৰীয় ফুল । যিকোনো নাতিশীতোষ্ণ জলবায়ুত ইয়াক খেতি কৰিব পাৰি । বীজৰ পৰা, কণ্ডৰ পৰা পদুম খেতি কৰিব পৰা যায় । ই বিশুদ্ধতা, সৌন্দৰ্য, সম্পদ, উৰ্বৰতা, অনুগ্ৰহ, জ্ঞান আৰু মহিমাৰ প্ৰতীক ।

বীজৰ পৰা পদুম খেতি কৰিলে সাধাৰমতে প্ৰথম বছৰত নুফুলে । প্ৰকৃতি মাতৃৰ আটাইতকৈ ধুনীয়া সৃষ্টিবোৰৰ ভিতৰত পদুমক বহুতো বিশ্ব সংস্কৃতিৰ মাজত এক পবিত্ৰ ফুল বুলি গণ্য কৰা হয় । পদুম উদ্ভিদ ইয়াৰ ঔষধি মূল্যৰ বাবেও জনাজাত আৰু বিভিন্ন ভেষজ প্ৰস্তুতিত ইয়াক ব্যৱহাৰ কৰা হয় । এই বহুমূখী ফুলবিধ বগা, গোলপীয়া, আৰু ৰঙা ৰঙৰ পৰা আৰম্ভ কৰি হালধীয়ালৈকে উপলব্ধ । আকাৰবোৰ প্ৰায় ২ ৰ পৰা ৭ ইণ্চিৰ ভিতৰত হয় । ঘৰত পদুম গজাবলৈ চেষ্টা কৰোতে নিকট কি কৰিব লগা হয় তাৰ এক দীঘলীয়া তালিকা আছে ।

Lotus Farming
Lotus Farming

এই উদ্ভিদ শীতৰ প্ৰতি বিমুখ আৰু সূৰ্যৰ পোহৰ উপভোগ কৰে । দীৰ্ঘম্যদী অংকুৰণ প্ৰক্ৰিয়া আৰু কাৰিকৰী ৰোপন প্ৰক্ৰিয়াৰ সৈতে পদুম উদ্ভিদৰ সম্পূৰ্ণ যত্ন লোৱাতো গুৰুত্বপূৰ্ণ । আপুনি আপোনাৰ বাগিছাত কেনেদৰে পদুম গজাব পাৰে তাৰ ওপৰত ইয়াত আলোচনা কৰা হৈছে-

পদুমৰ বীজবোৰ গৰম পানীৰ গিলাচত ৰাখক । প্ৰতিদিনে পানী সনলি কৰক আৰু পদুমৰ শিপা এলাই অহাৰ পিছত সেইবোৰ ৪ ইঞ্চিৰ পাত্ৰত ৰাখক । উদ্ভিদৰ শিপা মাটি বা নুৰিৰে ঢাকি দিয়ক । পদুম উদ্ভিদক ডাঙৰ পাত্ৰলৈ সলনি কৰক য’ত কোনো নিস্কাশন ছিদ্ৰ নাই ।  পদুমৰ বাবে এটা ভাল পটি মাধ্যম হৈছে মাটিৰ মিশ্ৰণ প্ৰায় ৬০ শতাংশ মাটি আৰু ৪০ শতাংশ নদীবালি । মাটিৰ ওপৰত আৰু পাত্ৰ ৰিমৰ মাজত প্ৰায় ৩ ৰ পৰা ৪ ইঞ্চি এৰি দিয়ক । আপুনি সংশোধিত মাটিও ব্যৱহাৰ কৰিব পাৰে, ওপৰত ২য়ৰ পৰা ৩ ইঞ্চি গভীৰ বালিৰ পৃথক স্তৰ থাকিব পাৰে ।

লগতে পঢ়কঃ পদ্মশ্ৰী ৰহিবাই চোমা পোপ্ৰে উদ্বোধন কৰিলে কৃষি জাগৰণৰ "ডিজিটেল মিডিয়া চেণ্টাৰ"

     কৃষি পদ্ধতি-

১. প্ৰথমে বীজটো ২ ৰ পৰা ৩ মিনিটৰ বাবে এটা শিলত ঘঁহি লওক । বীজৰ বাহিৰ আৱৰণটো আতৰাই লওক

২. গৰম পানীৰ পাত্ৰত (২৪ পৰা ২৭ ডিগ্ৰী ছেণ্চিগ্ৰেড) বীজটো তিয়াই ৰাখক ।

৩. এটা মাটিৰ পাত্ৰত বীজ ৰোপণ কৰক (বোকা মাটি) ।

৪. ৩ বা ৪ দিনৰ ভিতৰত গজালি ওলাব ।

৫. গজালিটো বহল পাত্ৰত ৰোপণ কৰক ।

৬. পুখুৰীত পাত্ৰটো স্হাপন কৰক ।

লিখকঃ তীৰ্থাংকৰ শৰ্মা, এম.এ, এম.ফিল, বি.এড, গৱেষক (ৰাজীৱ গান্ধী বিশ্ব বিদ্যালয়, অৰুণাচল প্ৰদেশ)

English Summary: Lotus Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.