1. খবৰ

পদ্মশ্ৰী ৰহিবাই চোমা পোপ্ৰে উদ্বোধন কৰিলে কৃষি জাগৰণৰ "ডিজিটেল মিডিয়া চেণ্টাৰ"

KJ Staff
KJ Staff

কৃষি জাগৰণে ইয়াৰ দায়িত্ব উপলব্ধি কৰি কৃষকসকলৰ স্বাৰ্থত ধাৰাবাহিকভাৱে কাম কৰি আহিছে । আজি, আমি  ক'বলৈ পাই অত্যন্ত আনন্দিত যে কৃষকসকলৰ বাবে কৃষি জাগৰণে ইয়াৰ সম্প্ৰসাৰণ কৰিছে। এই খণ্ডটোত, কৃষি জাগৰণে  সম্পাদকীয় দলক এটা নতুন কাৰ্যালয় উপহাৰ দিছে । খ্ৰীষ্টমাছৰ দিনা কৃষি জাগৰণে পদ্মশ্ৰী বঁটা প্ৰাপ্ত ৰাহিবাই সোমা পোপ্ৰেৰ হাতেৰে উদ্বোধন কৰিলে এক নতুন "ডিজিটেল মিডিয়া চেণ্টাৰ" ।

ৰহিবাইক বীজ মা (Seed Mother) বুলি কোৱা হয়

থলুৱা বীজৰ সুৰক্ষাত কাম কৰাৰ বাবে ৰহিবাই চোমা পোপ্ৰেক বীজ মাতৃ বুলি জনা যায় । বি.এ.আই.এফ. উন্নয়ন গৱেষণা ফাউণ্ডেচনৰ সদস্য তেওঁ । কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বৰ্ষত সৰ্বোচ্চ অসামৰিক ৰাষ্ট্ৰীয় বঁটা পদ্মশ্ৰী বঁটাপ্ৰদান কৰা হয় । কৃষি জাগৰণৰ "ডিজিটেল মিডিয়া চেণ্টাৰ" উদ্বোধন অনুষ্ঠানত তেখেতৰ উপস্হিতি কৃষি-জাগৰণৰ সমগ্ৰ পৰিয়ালৰ বাবে গৌৰৱৰ বিষয় ।

Padmashri Rahibai soma popre inagurate krishi jagran digital media centre
Padmashri Rahibai soma popre inagurate krishi jagran digital media centre

ভাষণৰ সময়ত ৰাহিবাই সোমা পোপ্ৰেয়ে কৃষি সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁলোকৰ আশ্চৰ্যকৰ কামৰ বাবে সমগ্ৰ কৃষি জাগৰণ দলটোক অভিনন্দন জনায় আৰু ভৱিষ্যতে তেওঁলোকক অধিক সফলতা কামনা কৰে ৷ ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত ধনুকা কৃষিটেক, সোমানি বীজ, এচিএছইএন হাইৱেগ, গোৱেল ৱেট ফাৰ্মা, অকুইভান্স এলএলপি, কৃশিকা, এইচপিএম, হাইৱেগ, এফএমচি আৰু এফএআই ৰ দৰে আন বহুতো ডাঙৰ কোম্পানীও উপস্থিত থাকে ৷প্ৰতিষ্ঠানসমূহৰ বহুতো বিশিষ্ট ব্যক্তিয়ে উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি তেওঁলোকৰ মতামত ব্যক্ত কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰগতিশীল কৃষি নেতৃত্ব সন্মিলন -২০২১ ত কৃষি সংবাদ জগতলৈ কৃষি জাগৰণে আগবঢ়োৱা অৱদানৰ বাবে কৃষি জাগৰণলৈ আগবঢ়োৱা হৈছিল ডিজিটেল মাধ্যমৰ উৎকৃষ্টতাৰ বটাঁ । কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক এম চি ডমিনিকে কেন্দ্ৰীয় মন্ত্ৰী পৰশত্তম ৰূপালাৰ পৰা এই বটাঁ গ্ৰহণ কৰে ।

কৃষি সাংবাদিকতাত নেতৃত্ব দিয়া কৃষি জাগৰণ ২৫ বছৰ আগতে এমচি ডমিনিক (এডিটৰ-ইন-চীফ)ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। শ্বাইনি ডমিনিক আৰু এম চি ডমিনিকৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেই কৃষি জাগৰণ আজি ভাৰতৰ আগশাৰীৰ কৃষি মাধ্যম । তদুপৰি, আজিৰ পৃথিৱীত কৃষি জাগৰণ হৈছে এক মিডিয়া হাউচ যি বিগত ২৫ বছৰ ধৰি ১২ টা ভাষাৰ আলোচনীৰ সৈতে ডিজিটেল আৰু প্ৰিণ্ট মিডিয়াত সেৱা আগবঢ়াই আছে ।

কৃষি জাগৰণৰ উদ্দেশ্য হৈছে কৃষকসকলক শেহতীয়া কৃষি কৌশল, চৰকাৰী আঁচনি আৰু অন্যান্য খবৰৰ লগতে  কৃষকসকলক দৈনিক আধুনিক তথ্য প্ৰদান কৰা ।

লগতে পঢ়কঃ জন্ম দিনৰ এদিন পূৰ্বে সাপে কামুৰিলে অভিনেতা ছলমান খানক

English Summary: krishi jagran digital media centre inaguration by seed mother Rahibhai Soma popre

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.