1. উদ্য়ানশস্য়

অসমৰ এই থলুৱা ফলবিধৰ নাম জানেনে? ৯০% লোকেই দিব পৰা নাই শুদ্ধ উত্তৰ

KJ Staff
KJ Staff
থেৰেজু
থেৰেজু

অসমৰ স্থানীয় বহু ফলৰ গছ ক্ৰমাত নোহোৱা হ’বলৈ ধৰিছে। মিৰিকা টেঙা, জেটুলীপকা, কৰ্জা টেঙা, থেৰেজু আদি গছবোৰ এতিয়াৰ প্ৰজন্মৰ ৯০ শতাংশ ল’ৰা-ছোৱালীয়ে হয়তো চিনি নাপায়। এই আপুৰুগীয়া থলুৱা ফল-ফুলবোৰ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। আজি যিবিধ ফলৰ বিষয়ে ক’বলৈ লৈছোঁ, সেয়া অসমীয়া সংস্কৃতিৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। এটা সময় আছিল যেতিয়া এই ফল অবিহনে সম্পূৰ্ণ নহৈছিল ব’হাগ বিহুৰ যা-যোগাৰ।

ঘৰে ঘৰে নহলেও চুবুৰিটোৰ কাৰোবাৰ ঘৰত বহাগৰ বতৰতে পক ধৰি ক’লা পৰিছিল এই ফল। আপুনি যদি সঠিক অনুমান কৰিব পাৰিছে তেন্তে এই ফলবিধৰ নাম হৈছে থেৰেজু। টেঙা-মিঠা এই ফল বহাগতে পকিবলৈ ধৰে। বিহুত খোৱা এশ এবিধ শাকৰ ভিতৰত থেৰেজুৰ পাতকো ধৰা হয়। ৰং গাঢ় কৰিবলৈ জেতুকা পিচোঁতে মিলাই লোৱা হয় থেৰেজু টেঙা।  

থেৰেজু পাত আৰু গছ
থেৰেজু পাত আৰু গছ

থেৰেজু ৰ গছ প্ৰায় ২-৩ মিটাৰলৈকে ওখ হয়। গছ  জোপোহা আৰু চিৰসেউজীয়া। ডালবোৰ লেহুকা আৰু সামান্য তললৈ হাউলি পৰা। গছজোপা খহতা, মুগাচানেকীয়া আৰু ওপৰৰ চামনিটো সামান্য ফাঁট মেলা। সৰু ঠাল-ঠেঙুলীৰ বৰণ গাঢ় সেউজীয়া আৰু মসৃণ।

বৈজ্ঞানিক নাম : Prunus jenkinsii Hook.f. & Th.
গোত্ৰ : Rosaceae
অসমীয়া নাম : থেৰেজু টেঙা

বিৱৰণ : অসমৰ স্থানীয় চিৰসেউজ, জোপোহা বৃক্ষ। পাত একান্তৰ ১২-১৮ ছেমি দীঘল, ২-৫ ছেমি বহল, বল্লমাকাৰ, আয়তাকাৰ। ফুল বগা, ৰেচিম পুষ্পবিন্যাসত ফুলে। ফল ডিম্বাকৃতিৰ, সোৱাদ টেঙা।

বিস্তৃতি : অসমৰ স্থানীয় উদ্ভিদ

(তথ্য- সংগ্ৰহ)

ফেচবুকত এজন ব্যৱহাৰকাৰীয়ে যেতিয়া ফটো আপলোড কৰি এই ফলবিধৰ নাম সুধিছিল, তেতিয়া প্ৰায় ৯০% লোকেই দিব পৰা নাছিল ইয়াৰ শুদ্ধ উত্তৰ।

লগতে পঢ়কঃ Cassava বা শিমলা আলু: এই উদ্ভিদৰপৰাই প্ৰস্তুত কৰা হয় চাগুদানা

English Summary: Local fruit of Assam- Thereju

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.