1. উদ্য়ানশস্য়

বিষাক্ত কাঠফুলা কেনেদৰে চিনাক্ত কৰিব ? ভুল নকৰি জানিবলৈ পঢ়ক...

KJ Staff
KJ Staff
কাঠফুলা চিনাক্তকৰণ
কাঠফুলা চিনাক্তকৰণ

বিষাক্ত কাঠফুলা খাই মানুহৰ মৃত্যু হোৱাৰ খবৰ আমি প্ৰায়ে শুনি থাকো । বিষাক্ত কাঠফুলা বা বনৰীয়া কাঠফুলা খাই বিপদত পৰা মূল কাৰণটো হৈছে, কাঠফুলা চিনাক্তকৰণত অসুবিধা আৰু লোকবিশ্বাস ।

কোন বিধা কাঠফুলা খোৱাৰ উপযোগী আৰু কোন বিধ কাঠফুলা বিষাক্ত বা খোৱাৰ বাবে অপকাৰী তাক চিনাক্ত কৰাত আজিও বহু লোকে ভূল কৰে । বহু লোকে চিনাক্ত কৰিব নাজানি বনৰীয়া বিষাক্ত কাঠফুলা খোৱাৰ ফলত মৃত্যু সাৱতিব লগীয়া হয় ।

সমান্তৰালভাৱে আমাৰ সমাজত কাঠফুলাৰ খোৱাৰ ক্ষেত্ৰত কিছুমান লোকবিশ্বাসও চলি আছে । বহু লোকে প্ৰচলিত বিশ্বাস অনুসৰি কাঠত বিকশিত হোৱা কাঠফুলা খোৱাৰ বাবে সংগ্ৰহ কৰে । কিন্তু এয়া ভূল, কিয়নো  কাঠত বিকশিত হোৱা সকলে কাঠফুলা খোৱাৰ উপযোগী নহয় । এনে ভূলৰ বাবে বহু লোকৰ ইতিমধ্যে মৃত্যুও হৈছে ।

বিষাক্ত কাঠফুলা কেনেদৰে চিনাক্ত কৰিবঃ

  • ৰঙা কেপ বা ৰঙা কাণ্ড থকা কাঠফুলা পৰিহাৰ কৰিব । ৰঙা প্ৰকাৰ সকলো কাঠফুলা বিষাক্ত নহয়, কিন্তু পৰাপক্ষত কাঠফুলাৰ ওপৰত ৰঙা দেখিলে যিকোনো প্রকাৰে পৰিহাৰ কৰক ।
  • বগা গিল থকা কাঠফুলা পৰিহাৰ কৰিব । যি কাঠফুলাৰ মূলটোৰ ওপৰত এটা আঙুঠি লগতে কন্দযুক্ত তাক পৰিহাৰ কৰিব । কন্দযুক্ত সকলো কাঠফুলা বিষাক্ত নহয়,যদিও সেই কাঠফুলা সুৰক্ষিত স্থানৰ পৰা বাচনি কৰিব লাগে ।

লগতে পঢ়কঃ জলকীয়া খেতিত চাহী পোকৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ উপায়

  • সন্দেহ সৃষ্টি হ'লে কেতিয়াও সেই কাঠফুলা সংগ্ৰহ নকৰিব । ই আপোনাৰ স্বাস্থ্যৰ অতি অপকাৰী তথা ই বৃহৎ ক্ষতি কৰিব পাৰে ।
  • আপুনি কেতিয়াও পুৰণি আৰু পচা কাঠফুলা সংগ্ৰহ নকৰিব । কাঠফুলাৰ গুণাগুণ পৰীক্ষা কৰিহে খোৱা বাবে সংগ্ৰহ কৰিব ।
  • ছাতি আকৃতিৰ বা পেৰাছ'ল আকৃতিৰ কাঠফুলাবোৰ আৰু সেইবোৰৰ কাণ্ডৰ চাৰিওফালে বগা আঙুঠি থাকিলে ক্ৰয় নকৰিব । এইবোৰ অমণিতাছ (Amanitas)প্ৰকাৰ হ'ব পাৰে, যি আটাইতকৈ মাৰাত্মক । এই কাঠফুলাবোৰ বয়সহোৱাৰ লগে লগে মুগা হৈ পৰে।
  • কাঠফুলাৰ মিঠা গোন্ধৰ দ্বাৰা প্ৰলোভিত নহ'ব। মিঠা গোন্ধযুক্ত কাঠফুলা বিষাক্ত হ'ব পাৰে । লগতে ক্ষুদ্ৰ মুগা কাঠফুলা আৰু ওম্ফলটাছ অলেৰিয়াছ (Omphalotus olearius) পৰিহাৰ কৰিব, যাক জেক ও' লণ্ঠন (Jack O’ Lantern) কাঠফুলা বুলিও কোৱা হয় । এইটো এটা বিষাক্ত কমলাবৰণৰ কাঠফুলা  ।
  • কেৱল এজন নিৰ্ভৰযোগ্য বিক্ৰেতাৰ পৰা কাঠফুলা ক্ৰয় কৰাটো সুৰক্ষিত। বনৰীয়া বন বা ৰাস্তাৰ কাষৰ পৰা কাঠফুলা সংগ্ৰহ নকৰিব । কাঠফুলাৰ গুনাগুনৰ বিষয়ে নিশ্চিত নহ'লে , ইয়াক পৰাপক্ষত একেবাৰে পৰিহাৰ কৰিব ।

লগতে পঢ়কঃ কম খৰচতে অতি লাভজনক সেউজগৃহ কেনেদৰে নিৰ্মাণ কৰিব ?

English Summary: How to identify poisonous mushrooms?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.