
আমাৰ ওচৰে-পাজৰে বিভিন্ন ধৰণৰ কাঠফুলা দেখা পোৱা যায়। কিন্তু এই বিলাক খেৱাৰ বাবে মুঠেই উপযোগী নহয়৷ সেই বিলাক খালে মানুহৰ নানান ধৰণৰ ৰোগ হোৱাৰ উপৰিও খাদ্য বিষক্রিয়া হৈ মৃত্যু পর্য্যন্ত হব পাৰে যিটো আমি টিভি, নিউজ আদিত দেখি আহিছো ৷ কিন্তু বর্তমান সময়ত কাঠফুলাৰ কেইটামান বিশেষ প্ৰজাতিৰ খেতি কৰি বহতো খেতিয়ক লাভান্বিত হোৱা দেখা গৈছে।
সম্প্রতি কাঠফুলা এবিধ বিকল্প খাদ্য হিচাপে পৰিগণিত হৈছে। উল্লেনীয় বিষয় যে কম সময়ৰ ভিতৰতে বজাৰো দখল কৰিবলৈ সক্ষম হৈছে। আনকি কাঠফুলাই আন্ত:ৰাষ্ট্রীয় পর্যায়তো বিশেষ সমাদৰ লাভ কৰিছে আৰু লোভনীয় খাদ্য হৈ পৰিছে ৷ সেয়েহে আজি আমি অসমৰ নিবনুৱা যুৱক- যুৱতী সকলে কেনেকৈ ইয়াৰ বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি অধিক উৎপাদন কৰিব পাৰি আৰু নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম-
অতি গুৰত্বপূর্ণ কথা এয়ে যে ইয়াত কোনো ধৰণৰ বুজন পৰিমাণৰ ধন খৰচ নকৰাকৈ মাত্র কেই পেকেটমান বীজ কিনি আনি এই খেতি আৰম্ভ কৰিব পাৰি।
কৃষি পদ্ধতি
কাঠফুলা খেতিৰ বাবে অতি প্রয়োজনীয় বস্তুবিধ হৈছে ধান খেৰ৷ বর্তমান সময়ত প্ৰায় ঘৰে ঘৰে পোৱা যায বিশেষকৈ গাঁওলীয়া অঞ্চল সমূহত৷ প্রথমতে এই ধানখেৰখিনি শুকাই লব লাগে ৷ তাৰ পিছত এই শুকান খেৰ খিনি ভালদৰে পৰিস্কাৰ কৰি ২ ৰ পৰা ৩ ইঞ্চি জোখত কাটি লব লাগে ৷ খেৰখিনি পানীত জিকাই থ'ব লাগে, কিন্তু ৭ ঘন্টাতকৈ অধিক সময় থ'ব নালাগে। জিকা খেৰখিনি পানীৰ পৰা উলিয়াই আনি প্রায় ৩৫-৪৫ মিনিট সময় পানীত সিজাব লাগে, যাতে খেৰখিনি বীজাণুমুক্ত হয়। কেইমিনিটমান খেৰখিনি এঢলীয়াকৈ ৰাখি অথবা ৰদত শুকুৱাই, সিজোৱা খেৰখিনিৰ পৰা অতিৰিক্ত পানীভাগ আঁতৰাই পেলাব লাগে। এতিয়া ২৫ -১৪ ইঞ্চি জোখৰ এটা পলিথিনৰ মোনা ল'ব লাগে।
অতিৰিক্ত পানী নথকা অথচ জিকা কেইমুঠিমান খেৰ লৈ মোনাখনৰ ভিতৰত ভৰাব লাগে। ভৰোৱা খেৰখিনি হাতেৰে হেঁচি দি ২ ইঞ্চি ডাঠ এটা তৰপ কৰিব লাগে। কাঠফুলাৰ বীজখিনি শুকান পৰিষ্কাৰ থাল এখনত তিনিটা ভাগ কৰিব লাগে। এতিয়া কাঠফুলাৰ বীজখিনি খেৰৰ তৰপটোৰ ওপৰত ছটিয়াই দিব লাগে। কাঠফুলাৰ বীজ খিনি যাতে খেৰৰ তৰপটোৰ মাজৰ অংশ বাদ দি কাষবোৰত চাৰিওফালে পৰে তাৰ বাবে সাৱধানতা অৱলম্বন কৰিব। এনেদৰে ৪-৫ টা তৰপ তৈয়াৰ কৰিব লাগে। ওপৰৰ তৰপত দিয়া বীজখিনি খেৰেৰে পাতলকৈ আৱৰি দিব লাগে।
মোনাখনৰ মুখখন ৰচিৰে বান্ধি মোনাখনৰ গাটোত ২ ইঞ্চি দূৰত্বত সৰু সৰু বিন্ধা কৰি দিব লাগে। ইয়াৰ পিছত মোনাখন কাঠফুলা উৎপাদন কোঠাত ১৫ৰ পৰা ২০ দিন ৰাখিব লাগে আৰু লক্ষ্য কৰিব লাগে যাতে ৰ'দৰ প্রত্যক্ষ পোহৰ একেবাৰেই নপৰে। যেতিয়া ১৫-২৮ দিন ৰখাৰ পিছত সম্পূর্ণভাৱে বগা সূত্রপুঞ্জ(মাইচেলিয়াম) ওলাব তেতিয়া সাৱধানে খেৰৰ টোপোলাটোৰ পৰা প্লাষ্টিকৰ মোনাখন আঁতৰাই আনিব লাগে। লক্ষ্য ৰাখিব লাগে, যাতে খেৰৰ টোপোলাটো কেতিয়াও ভাগি নপৰে। প্লাষ্টিকৰ ৰছীৰ সহায়ত খেৰৰ টোপোলাটো আঁৰি থোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু পিছদিনাৰপৰা পানী ছটিয়াব লাগে।
শুকান বতৰত দুপৰীয়া অতিৰিক্তভাৱে পানী ছটিয়াব লাগে। বৃষ্টিপাতৰ সময়তো আআপেক্ষিক আর্দ্রতাৰ প্রতি লক্ষ্য ৰাখি প্রতিদিনে দুবাৰকৈ পানী ছটিয়াব লাগে। টোপোলাটোৰপৰা প্লাষ্টিকৰ মোনাখন খুলি আঁতৰোৱাৰ পিছত ৫ৰ পৰা ৭ দিন ভিতৰত কাঠ ফুলাবিলাক ওলাই আহিব আৰু কাঠফুলাবিলাকৰ কাষবিলাক ওপৰফালে ভাজ লাগিবলৈ আৰম্ভ কৰিলেই ছিঙিব পৰা যাব।
ছিঙাৰ সময়ত ঠাৰিডালৰ গুৰিত টানকৈ ধৰি পকাই ছিঙিব যাতে অতিৰিক্ত অংশ ৰৈ নাযায়। কাঠফুলা ওলোৱা মোনাখনৰ আটাইকেইটা কাঠফুলা একে সময়তে ছিঙিব লাগে। কেঁচা কাঠফুলা সৰু সৰু বিন্ধা থকা পলিথিন পেকটত ভৰাই বজাৰলৈ নিব পাৰে।
প্রথমবাৰ কাঠফুলা চপোৱাৰ পিছত পুনৰ স্পেয়াৰৰ জৰিয়তে ৫ৰ পৰা ৭ দিন পানী দি থাকিব লাগে। ৭ ৰ পৰা ১০ দিনৰ পিছত পুনৰ দ্বিতীয়বাৰৰ বাবে কাঠফুলা চপাব (ছিঙিব)পৰা যাব। এনেদৰে একোটা কাঠফুলা টোপোলাবোৰৰ পৰা ৪-৫ বাৰ পর্যন্ত কাঠফুলা ছিঙিব পৰা যায়। এটা টোপোলাৰ ৪-৫ বাৰ ছিঙাৰ পিছত কাঠফুলাৰ নতুন টোপোলা ৰাখিব লাগে।
লগতে পঢ়ক-Mushroom Farming with Rice straw: ধানখেৰৰ কাঠফুলাৰ খেতি কেনেকৈ কৰিব?
Share your comments