1. উদ্য়ানশস্য়

কম খৰচতে অতি লাভজনক সেউজগৃহ কেনেদৰে নিৰ্মাণ কৰিব ?

KJ Staff
KJ Staff

বৰ্তমান সময়ত 'গ্ৰীন হাউচ'  বা 'সেউজ গৃহ' কৃষি পদ্ধতিয়ে ব্যাপক হাৰত প্ৰসাৰতা লাভ কৰিছে । সেউজ গৃহৰ জৰিয়তে ঘৰৰ ভিতৰত আবতৰীয়াভাৱে বিভিন্ন শস্যৰ খেতি কৰি যথেষ্ট লাভাম্বিত হ’ব পাৰি । ইয়াৰ দ্বাৰা বহু খেতিয়কে ইতিমধ্যে এক লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

সচৰাচৰ সেউজ গৃহ এটা লোহা, কাঠ অথবা বাঁহৰ খুঁটাৰে বনোৱা হয় আৰু ঘৰটোৰ চাল বা বেৰবোৰ গ্লাছ বা প্লাষ্টিকেৰে ঢাকি দিয়া হয় । আৰম্ভণিতে সেউজ গৃহবোৰত গ্লাছহে ব্যৱহাৰ কৰা হৈছিল ।  লাহে লাহে উন্নতমানৰ প্লাষ্টিক আৱিস্কাৰ হোৱাৰ লগে লগে এইবোৰত বহুল পৰিমাণে প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ লোৱা হয় ।

সেয়েহে বৰ্তমান সময়ত পলিকাৰ্বনেট, ছেড নেট আদি প্লাষ্টিক সামগ্ৰীসমূহৰ দ্বাৰা বনোৱা সেউজ গৃহৰ ব্যাপক প্ৰচলন হৈ থকা দেখা গৈছে । জহকালত সেউজ গৃহৰ ভিতৰত তাপমান সচৰাচৰ বাহিৰৰ তাপমানতকৈ ২-৩ ডিগ্ৰী ছেণ্টগ্ৰেড বেছি হৈ থাকে । আনহাতে জাৰকালি ভিতৰৰ তাপমান বাহিৰৰ তাপমানতকৈ ৫-৬ ডিগ্ৰী ছেণ্টিগ্ৰেড বেছি হয় ।

অতি খৰচী সেউজ গৃহবোৰ উন্নত প্ৰযুক্তি সম্পন্ন আৰু এইবোৰৰ ভিতৰত পানী, পোহৰ, উষ্ণতা, আপেক্ষিক আদ্ৰতা আদি বায়ুমণ্ডলৰ প্ৰায়বোৰ কাৰকৰ নিয়ন্ত্ৰণৰ সুবিধা থাকে। এনে সেউজ গৃহৰ ভিতৰত পোহৰৰ পৰিমাণ বঢ়াবলৈ উচ্চপোহৰ সম্পন্ন বালব, আপেক্ষিক আৰ্দ্ৰতা বঢ়াবলৈ ‘মিষ্টাৰ’,‘ফগাৰ’,উষ্ণতা বঢ়াবলৈ হিটাৰ আদি ভিন ভিন সঁজুলি ব্যৱহাৰ কৰা হয় । এনে একো-একোটা সেউজ গৃহ নিৰ্মাণত কেইবালাখ টকাও ব্যয় হয় ।

মধ্যম খৰচী সেউজ গৃহবোৰত পানী, পোহৰ, উষ্ণতা, আপেক্ষিক আদ্ৰতা আদি বায়ুমণ্ডলৰ কিছুমান কাৰকৰহে নিয়ন্ত্ৰণৰ সুবিধা থাকে । এনে একো-একোটা সেউজ গৃহ ৪-৫ লাখ টকাৰ ভিতৰত নিৰ্মাণ কৰিব পৰা যায় ।

কম খৰচী সেউজ গৃহবোৰ বাঁহ বা কাঠৰ খুঁটাৰ ওপৰত প্লাষ্টিক বা পলিথিনৰ চাল দি সজা হয় । অৱশ্যে সেউজ গৃহটোত ব্যৱহাৰ কৰা প্লাষ্টিকখন কোনো সাধাৰণ মানৰ প্লাষ্টিক নহয় । খুব টান আৰু প্ৰায় ২০০ মাইক্ৰন ডাঠ এই পলিথিনখনে সূৰ্যৰ পৰা অহা ৰশ্মিৰ ৮৫-৯০ শতাংশহে ঘৰটোৰ ভিতৰলৈ সোমাব দিয়ে । সূৰ্যৰ পৰা

যিবোৰ ‘ইউ ভি’(আল্টা ভায়লেট) অৰ্থাৎ ‘অতি বেঙুনীয়া’ ৰশ্মি আহে, সেই ৰশ্মিবোৰ এই পলিথিনখনে ধৰি ৰাখে ।

সেয়েহে এই পলিথিনখনক ইউ ভি ষ্টেবিলাইজড্‌ ফিল্ম’বা অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধী ফিল্ম বুলিও কোৱা হয়। এই ৰশ্মিবোৰ পলিফিল্মখনে ধৰি নাৰাখিলে ঘৰটোৰ ভিতৰত কৰা শাক-পাচলি বা ফুলৰ ৰ্ং, আকাৰ তথা অন্যান্য গুণাগুণ নষ্ট হ’ব পাৰে।

লগতে পঢ়কঃ Ration Card: অনলাইন ৰেচন কাৰ্ড বনোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া-

English Summary: How to build a very profitable greenhouse

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.