1. উদ্য়ানশস্য়

Tulsi Farming: কম খৰচতে লাখ টকা উপাৰ্জনৰ বাবে কৰক তুলসী খেতি

KJ Staff
KJ Staff

তুলসী খেতি বৰ্তমান সময়ত কৃষক সকলৰ বাবে অতি লাভজনক । বহু খেতিয়কে এই খেতিৰ জৰিয়তে লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । এই খেতিৰ ইতিবাচক দিশটো হৈছে কম উৎপাদন ব্যয়েৰে অধিক লাভ অৰ্জন কৰিব পাৰে কৃষকে ।

আপুনি যদি আগ্ৰহ প্ৰকাশ কৰে ১৫,০০০ টকা খৰচ কৰিয়ে তুলসী খেতি কৰিব পাৰে । বীজ ৰোপণ কৰাৰ পিছত  আপুনি এই ব্যৱসায়ত শস্য চপোৱাৰ বাবে বেছি সময় অপেক্ষা কৰিব নালাগে । তুলসী কেতি কৰিবৰ বাবে মাত্ৰ ৩ মাহ সময়ৰ প্ৰয়োজন হয় । বহুতো আয়ুৰ্বেদিক সামগ্ৰী নিৰ্মাতাৰ বাবে অধিক প্ৰয়োজনীয় তুলসী উদ্ভিদৰ চাহিদাও বৰ্তমান সময় অধিক ।

১৫ হাজাৰ টকা খৰচ কৰি ৩ মাহৰ ভিতৰত এগৰাকী খেতিয়কে প্ৰায় ৩ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে । অতি লাভজনক তুলসী খেতিৰ লগতে দাৱৰ, বৈদ্যনাথৰ লগতে পতঞ্জলি দৰে কোম্পানীও জড়িত হৈ পৰিছে ।

আপোনাৰ মনত প্ৰশ্ন উদয় হৈছে যে, তুলসী ক'ত আৰু কেনেকৈ বিক্ৰী কৰিব । আপুনি তুলসী বিক্ৰী কৰিবলৈ হ'লে বজাৰৰ এজেণ্টৰ সৈতে যোগাযোগ কৰিব পাৰে । তদুপৰি আপুনি নিজে বজাৰত গৈ গ্ৰাহক বিক্ৰী কৰিবৱ পাৰে ।

আপুনি আপোনাৰ তুলসী চুক্তিৰ ভিত্তিত ফাৰ্মাচিউটিকেল ফাৰ্ম বা একে ধৰণৰ কোম্পানীক বিক্ৰী কৰিব পাৰে । এই কোম্পানীবোৰত তুলসীৰ চাহিদা অধিক আৰু বিক্ৰী কৰোঁতে আপোনাৰ কোনো সমস্যা নহ'ব ।

যিকিনহওক এই খেতিৰ দ্বাৰা লাভজনক উপাৰ্জন কৰিবলৈ হ'লে আপুনি শস্য চপোৱা সঠিক সময় জানিব লাগিব । যেতিয়া তুলসী গছৰ পাত ডাঙৰ হয় তেতিয়া তুলসী চপাব পাৰে । এই উদ্ভিদবোৰত তেলৰ পৰিমাণ ফুলাৰ লগে লগে হ্ৰাস হয়, সেইবাবে তুলসী ফুলাৰ আৰম্ভণিতে সংগ্ৰহ কৰালে ভাল । এই উদ্ভিদবোৰ ১৫ ৰ পৰা ২০ মিটাৰ উচ্চতাত কাটি দিব লাগে যাতে নতুন পোখাবোৰ সোনকালে ওলাই আহিব পাৰে ।

সাধাৰণতে তুলসী খেতি জুলাই মাহত কৰা হয় । সাধাৰণ প্ৰজাতিৰ উদ্ভিদবোৰ ৪৫ চে.মি ব্যৱধানত থাকিব লাগে, কিন্তু আৰআৰএলঅ'চি ১২ আৰু আৰআৰএলঅ'চি ১৪ প্ৰজাতিৰ ব্যৱধান ৫০ চে.মি হ'ব লাগিব । এই উদ্ভিদ ৰোপণৰ পিছত সামান্য পৰিমাণৰ জলসিঞ্চনৰ প্ৰয়োজন । তুলসী বিশেষজ্ঞসকলৰ মতে,  শস্য চপোৱাৰ ১০ দিন আগতে জলসিঞ্চন বন্ধ কৰিব লাগে ।

লগতে পঢ়কঃ পশুধনৰ মাৰাত্মক জহৰবাত বেমাৰ কি আৰু ইয়াৰ প্ৰতিকাৰ, জানিবলৈ পঢ়ক

English Summary: Profitable Tulsi Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.