1. উদ্য়ানশস্য়

হেডজ বেম্ব’

KJ Staff
KJ Staff
Bamboo
Bamboo

হেডজ বেম্বৰ বৈজ্ঞানিক নাম Bambusa multiplex স্থানীয়ভাৱে এইবিধ বাঁহক হেডজ বেম্ববুলিয়েই জনা যায়। চিৰসেউজীয়া এইবিধ বাঁহ প্ৰায় ২-৪ মিটাৰ পৰ্য্যন্ত ওখ হয়। প্ৰতিডাল বাঁহ এছাৰি সদৃশ আৰু প্ৰতিডাল বাঁহৰ তৃনকাণ্ডৰ ঘেৰ ১.৫-২.৫ চেঃমিঃ হোৱা দেখা যায়। নতুনকৈ ওলোৱা গাজ বিলাক নোমবিহীন, মিহি আৰু ক্ষীণ হোৱা দেখা যায়। ঢকুৱাৰ ৰং ঈষং-সেউজীয়া-হালধীয়া ৰঙৰ হয়।

সাধাৰণতে মুঢ়া ৰোপন কৰি অথবা মূঢ়াৰ পৃথকীকৰণ(Rhizome splitting) কৰি এই প্ৰজাতিৰ বাঁহৰ বিস্তাৰণ ঘটাব পাৰি। বিশ্বৰ ভালেমানবোৰ দেশত এইবিধ বাঁহৰ ফুল ফুলাৰ তথ্য পোৱা গৈছে। শেহতীয়াকৈ ১৯৭৭-১৯৮৫ চনত বাংলাদেশত এইবিধ বাঁহ চেগাচোৰোকাকৈ(Sporadic) ফুলাৰ তথ্য পোৱা গৈছে।

হেডজ বেম্বঘাইকৈ কোনো ক্ষেত্ৰৰ-সীমা নিৰ্দিষ্ট কৰিবলৈ ৰোপন কৰা হয়। ইয়াৰ উপৰিও থাইলেণ্ডত বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য, বাস্কেট আদি তৈয়াৰ কৰা আৰু হস্তশিল্পত এইবিধ বাঁহ প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয়। ঘৰৰ বাৰী, ৰেষ্টুৰেণ্ট, হোটেল, চৰকাৰী, আবাসগৃহ, উদ্যান আদিত এই প্ৰজাতিৰ বাঁহ শৃংখলাবদ্ধভাৱে ৰোপন কৰি পৰিবেশ সেউজীকৰণ(Greenary) কৰিব পাৰি।

English Summary: Heads Bamboo

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.