1. উদ্য়ানশস্য়

এৰ’ বেম্ব’

KJ Staff
KJ Staff
Arrow Bamboo
Arrow Bamboo

এৰ’ বেম্বৰ বৈজ্ঞানিক নাম Pseudosasa japonca। জাপান আৰু কোৰিয়াত প্ৰাকৃতিকভাৱে পোৱা এইবিধ বাঁহক ইংৰাজীত এৰ’ বেম্ববুলি কোৱা হয়। জাপানীসকলে কাঁড় বনাবলৈ এইবিধ বাঁহ ব্যৱহাৰ কৰে বাবে জাপানী এৰবেম্ববুলিও জনা যায়ু। ২-৫ মিটাৰ পৰ্য্যন্ত ওখ হোৱা এইবিধ বাঁহৰ প্ৰতিডাল তৃণকাণ্ডৰ ব্যাস কেৱল মাত্ৰ ৰ ইঞ্চি বা তাতকৈও কম হোৱা দেখা যায়। অন্য বাঁহৰ তুলনাত এইবিধ বাঁহৰ ঠাণ্ডা-গৰম সহ্য কৰিব কৰা ক্ষমতা অধিক হোৱাৰ বাবে ০° উষ্ণতাতো ভালদৰে বৰ্তি থাকিব পাৰে আনহাতে ১৭.৭° উষ্ণতাতো চিৰসেউজ হৈ থাকে। তৃণকাণ্ড হালধীয়া মূগা বৰণৰ হোৱা দেখা যায়। ফুল ফুলাৰ পৰিঘটনা অতি বিৰল।

সাৰুৱা অথচ সেমেকা, পানী জমা নোহোৱা মাটিত এই প্ৰজাতিৰ বাঁহৰ খেতি ভাল হয়। মূঢ়া বিলাক মাটিত বগাই যোৱা ধৰণৰ হয়। সেয়ে মূঢ়াৰ পৃথকীকৰণ অথবা তৃণকাণ্ডৰ এছাৰী পৃথকীকৰণ(Macroproliferation) পদ্ধতিৰে এইবিধ বাঁহৰ বিস্তাৰণ ঘটোৱা হয়। ইন্দোনেচিয়া, জাপান, আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত এই প্ৰজাতিৰ বাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। ভাৰতবৰ্ষৰো বিভিন্ন স্থানত উদ্যানবিলাকত এইবিধ বাঁহ ৰোপন কৰা দেখা গৈছে।

এৰবেম্ববিশেষকৈ হেডজ বা সজীৱ স্ক্ৰীন তৈয়াৰ কৰিবলৈ ৰোপন কৰা হয়। মাটিৰ পৰা ৮-১০ চেঃমিঃ উচ্চতাৰ এইবিধ বাঁহৰ গাজ খাদ্যৰ উপযোগী বুলি তথ্য পোৱা যায়। ৰাজহুৱা স্থান, উদ্যান, চৰকাৰী, বেচৰকাৰী আবাসগৃহৰ চাৰিওফালে এইবিধ বাঁহ ৰোপন কৰি সীমা সুৰক্ষিত কৰাৰ লগতে প্ৰাকৃতিক দৃশ্যও মনোৰম কৰি তুলিব পাৰি। ঘৰৰ আভ্যন্তৰীণ সাজ-সজ্জাৰ বাবেও এইবিধ বাঁহ ব্যৱহাৰ কৰিব পাৰি।

English Summary: Arrow Bamboo

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.