1. উদ্য়ানশস্য়

ভাল খবৰঃ পাচলি খেতিয়কৰ বাবে ২০ হাজাৰ টকা অনুদান চৰকাৰৰ

KJ Staff
KJ Staff
Cultivation of Vegetables
Cultivation of Vegetables

দেশৰ কৃষক সকলক উপাৰ্জন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উভয়ে নিজ নিজ স্তৰত বহুতো আঁচনি গ্ৰহণ কৰি আহিছে । যাতে কৃষক সকলে কোনো সমস্যা সন্মুখীন হ'ব নালাগে ।

শেহতীয়াকৈ কৃষক সকলৰ উপাৰ্জন বৃদ্ধি কৰিবৰ বাবে চৰকাৰে বিশেষকৈ পাচলি ফাৰ্মৰ ওপৰত ২০ হাজালৈকে অনুদান আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । এই আঁচনিৰ সুবিধা দুই হেক্টৰলৈকে পাচলি খেতিয়কে লাভ কৰিব পাৰিব ।

এই অনুদান কি আঁচনিৰ অদীনত লাভ কৰিব ?

চৰকাৰে চৰকাৰী একত্ৰিত উদ্যান শস্য উন্নয়ন অভিযানৰ(Government Integrated Horticulture Development Mission)অধীনত এই ৰাজসাহায্য প্ৰদান কৰি আহিছে । এই অভিযানৰ অধীনত  কৃষকসকলক অন্যান্য সুবিধাও প্ৰদান কৰা হৈছে । যাতে কৃষকজনে কোনো সমস্যা নোহোৱাকৈ কৃষি কাৰ্য কৰিব পাৰে ।

পাচলি খেতিৰ ব্যয়

পাচলি খেতিৰ ক্ষেত্ৰত কৃষকৰ মুঠ ব্যয় প্ৰায় ৫০ হাজাৰ টকা হয়, তেতিয়া সেই কৃষকজনে চৰকাৰৰ এই অভিযানৰ অধীনত ২০ হাজাৰ টকাকৈ অনুদান লাভ কৰিব । অৰ্থাৎ পাচলি খেতিৰ ক্ষেত্ৰত কৃষকৰ ব্যক্তিগত ব্যয় হ'ব মাত্ৰ ৩০ হাজাৰ টকা ।

আঁচনিখনত কোনবোৰ পাচলি অন্তৰ্ভুক্ত কৰা হ'?

জিলা উদ্যান শস্য বিষয়া মমতা সিং যাদৱে কয় যে, চৰকাৰৰ এই আঁচনিৰ লাভালাভ কেৱল সেই সকল কৃষকক হে দিয়া হ'ব যাৰ প্ৰতি হেক্টৰত ৫০,০০০ টকা উৎপাদনত ব্যয় হয় । তেওঁ লগতে জানিবলৈ দিয়ে যে, বিলাহী, ৰঙালাও, গৰ্ড, কেৰেলা, তৰাই, তিয়ঁহ আদি পাচলিও এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব।

লগতে পঢ়কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ ! দেশত বৃদ্ধি পালে ৰাসায়নিক সাৰৰ মূল্য

English Summary: Farmers will now get a grant of 20 thousand on the cultivation of vegetables

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.