1. উদ্য়ানশস্য়

লাভজনক উপাৰ্জনৰ বাবে ঘৰতে কিদৰে কৰিব চেৰী বিলাহীৰ খেতি ?

KJ Staff
KJ Staff
Cherry tomato Farming a a Profitable Business
Cherry tomato Farming a a Profitable Business

বৰ্তমান সময়ত বজাৰত বৃহৎ হাৰত বৃদ্ধি পাইছে চেৰী বিলাহীৰ চাহিদা। লাভজনক উপাৰ্জন চেৰী বিলাহীৰ খেতি কৃষকৰ বাবে যথেষ্ট সম্ভাৱনাপূৰ্ণ । গতিকে আহক আজিৰ এই প্ৰবন্ধটোত চেৰী বিলাহী খেতিৰ জৰিয়তে কৃষকসকলে কেনেদৰে সহজে অধিক উপাৰ্জন কৰিব পাৰে সেই বিষয়ে কিছু কথা আলোচনা কৰিম-

যিধৰণে চেৰী বিলাহী দেখাত ৰঙীন আৰু ৰসাল, সেইদৰে এই প্ৰজাতিৰ বিলাহীৰ খেতি কৰা পদ্ধতিও সহজ আৰু পখাৰৰ পৰিৱৰ্তে ঘৰতে কৰিব পাৰিব এই খেতি । ঘৰতে কিদৰে কৰিব চেৰী বিলাহীৰ খেতি ?

ঘৰতে চেৰী বিলাহী খেতি কৰা পদ্ধতি (Cherry Tomato Farming Methods)

চেৰী বিলাহী বীজ বসন্তৰ আৰম্ভণিতে ৰোপন কৰা হয় আৰু ইয়াৰ বাবে প্ৰয়োজন হয় নিষ্কাশন মাটিৰ।

চেৰী বিলাহীৰ পুলি প্ৰজননৰ বাবে প্ৰথমে এখন ট্ৰত খেতিৰ মাটি ভৰ্তি কৰক আৰু ট্ৰেখনৰ মাজভাগত এটা 1/2 চেমি গভীৰ গাঁত বা ছিদ্ৰ বনাওক।

ইযাৰ পাচতে সেই গাঁতটোত চেৰী বিলাহীৰ বীজ ৰোপন কৰক আৰু মাটিৰে পুনৰ ঢাকি দিয়ক ।

এই প্ৰজাতিৰ বিলাহীৰ বীজৰ গজালিৰ বাবে ৫ ৰ পৰা ৭ দিনৰ প্ৰয়োজন হ'ব, ইয়াৰ বাবে আপুনি বীজ ৰোপন কৰা ট্ৰেখনত প্ৰত্যেক দিনে  প্ৰায় ৬ ঘন্টাকৈ সূৰ্য পোহৰ পৰাৰ বাবে ব্যৱস্থা কৰক।

৫ ৰ পৰা ৭  দিনৰ ভিতৰত চেৰী বিলাহীৰ বীজৰ গজালি মেলাৰ আৰম্ভ কৰিব । যেতিয়াই গজালি উলাব তেতিয়াই  তেতিয়া আপুনি সেই গজালি মাটিত ৰোপন কৰিব লাগিব ।

যেতিয়া চেৰী বিলাহী গছ দ্ৰুতগতিত বৃদ্ধি হ'বলৈ আৰম্ভ কৰে, তেতিয়াই গছজোপা যাতে পৰি নাযায় তাৰ বাবে বাঁহৰ খুটাৰে গছজোপাক সুৰক্ষিত কৰিব লাগিব ।

চেৰী বিলাহীৰ খেতিৰ বাবে আটাইতকৈ গুৰুত্ব দিবলগীয়া কথাটো হল মাটিডোখৰৰ আৰ্দ্ৰতা ধৰি ৰখা । মাটিডোখৰ অত্যাধিক শুকান হলে চেৰী বিলাহীৰ ফল ভাঙিব বা পচিব পাৰে ।

চেৰী বিলাহীৰ  পুলি সংৰোপন কৰাৰ ৬৫ ৰ পৰা ৭০ দিনৰ ভিতৰত ফল লাগিবলৈ আৰম্ভ কৰিব ।

চেৰী বিলাহীৰ প্ৰকাৰ(Cherry Tomato Varieties)

চেৰী বিলাহীৰ কেইবাটাও প্ৰকাৰ আছে , সেই সমূহ হৈছে...

  • ব্লেক চেৰী (Black Cherry)

  • চেৰী ৰোমা(Cherry Roma)

  • কুৰাণ্ট (Currant)

  • হালধিয়া প্ৰজাতি (Yellow Pear)

চেৰী বিলাহীৰ কীট আৰু ৰোগ (Pests and diseases of cherry tomatoes)

চানবাৰ্ণ, ফুল আৰু পচন, ভেঁকুৰৰ সংক্ৰমণ আৰু বগা মাখিয়ে চেৰী বিলাহীৰ বাবে বিপদাশংকা সৃষ্টি কৰিব পাৰে।

চেৰী বিলাহীৰ স্বাস্থ্যৰ লাভালাভ (Health benefits of cherry tomatoes)

  • চেৰী বিলাহী পটাছিয়ামৰ এক ভাল উৎস আৰু শৰীৰত উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

  • চেৰী বিলাহী পুষ্টি উপাদানবোৰে গাৰ ছাল,ওজন হ্ৰাস আৰু হৃদযন্ত্ৰৰ ৰোগ নিৰাময় কৰাত সহায় কৰে ।

  • চেৰী বিলাহীত কেলৰি কম কিন্তু উচ্চ আঁহ, ভিটামিন এ আৰু চি আৰু কেৰোটিনইড এণ্টিঅক্সিডেণ্ট যেনে লুটিন লাইকোপেন আৰু বিটা-কেৰোটিন থাকে।

লগতে পঢ়কঃ লং খেতিৰে লাখ টকা উপাৰ্জনৰ সুযোগ, কেনেদৰে কৰিব ইয়াৰ খেতি?

English Summary: cherry Tomato Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.