 
            সঁচ
১) বসন্ত ঋতুত খেতি কৰা সঁচ বোৰ: আর্লিয়েষ্ট অৱ অল , লংগ্রীণ , এক্সটা লং , পুচা ডো মৈচুমী
২) গ্রীষ্ম ঋতুত খেতি কৰা সঁচ বোৰ: মনচুন মর্ণাক , লংগ্রীণ , মনচুন , কইম্বাতুৰ লং
সঁচৰ বর্ণনা
১) পুচা ডো মৈচুমী: ডালবোৰ সেউজীয়া , নোমাল , পাতবোৰ বহল , পুলিৰ পৰা ফল ধৰালৈ ৫৫ দিনৰ ভিতৰত শেষ হয় ।
২) কইম্বাতুৰ লং: গছবোৰ যথেষ্ট ঠাল ঠেঙুলি মেলা , ফলবোৰ দীঘল পাতল সেউজীয়া ৰঙৰ , গছবোৰত ফল যথেষ্ঠ উত্পন্ন হয়, বাৰিষা বতৰৰ বাবে উপযোগী সঁচ ।
মাটি নির্ব্বাচন
ওখ পানী জমা নোহোৱা পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা মাটিত কেৰেলা খেতি ভাল হয় ।
বীজৰ পৰিমাণ
৪-৫ কি: গ্রাম / হেক্টৰত
সিঁচাৰ সময়
১) আগতীযা: অক্টোবৰ - নবেম্বৰ (মাটিত বগোৱা জাত )
২) মধ্যমীয়া: ফেব্রুৱাৰী – মার্চ
৩) শেহতীয়া: জুন - জুলাই । বীজৰ ব্যৱধান : ১.৫-২.৫ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ ) * ৬০ চে: মি: - ১.২ মিটাৰ (গছৰ পৰা গছলৈ)
সাৰ প্রয়োগ
| ক্রমিক নং | সাৰ পৰিমাণ (কি: গ্রাম / হেক্টৰত ) | মন্তব্য | 
| ১) পচনসাৰ | ১০০০ | 
 | 
| ২) নাইট্রজেন | (২০ +২০) | (ক) ২০ কি: গ্রাম মাটি প্রস্তুত কৰোতে | 
| ৩) ফছফৰাচ | ৩০ | (খ) ২০ কি: গ্রাম ফল আৰু ফুল ধৰাৰ সময়ত | 
| ৪) পটাচ | ৩০ | 
 | 
জলসিঞ্চন
শুকান অথবা খৰাং অৱস্থাত ৮-১০ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।
শস্য চপোৱা
ফলবোৰ পুৰঠ হলে চিঙাৰ ব্যৱস্থা কৰিব লাগে ।
উত্পাদন:
১০০-১২০ কুইন্টল / হেক্টৰত
উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট (সংগৃহীত)
লগতে পঢ়ক-ঔটেঙা আৰু ঢেকীয়াৰ বিভিন্ন গুণাগুণৰ বিষয়ে জানো আহক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments