1. উদ্য়ানশস্য়

তিতা কেৰেলাৰ খেতি-

KJ Staff
KJ Staff
তিতা কেৰেলাৰ খেতি
তিতা কেৰেলাৰ খেতি

সঁচ

১) বসন্ত ঋতুত খেতি কৰা সঁচ বোৰ: আর্লিয়েষ্ট অৱ অল , লংগ্রীণ , এক্সটা লং , পুচা ডো মৈচুমী

২) গ্রীষ্ম ঋতুত খেতি কৰা সঁচ বোৰ: মনচুন মর্ণাক , লংগ্রীণ , মনচুন , কইম্বাতুৰ লং

সঁচৰ বর্ণনা

১) পুচা ডো মৈচুমী: ডালবোৰ সেউজীয়া , নোমাল , পাতবোৰ বহল , পুলিৰ পৰা ফল ধৰালৈ ৫৫ দিনৰ ভিতৰত শেষ হয় ।

২) কইম্বাতুৰ লং: গছবোৰ যথেষ্ট ঠাল ঠেঙুলি মেলা , ফলবোৰ দীঘল পাতল সেউজীয়া ৰঙৰ , গছবোৰত ফল যথেষ্ঠ উত্পন্ন হয়, বাৰিষা বতৰৰ বাবে উপযোগী সঁচ ।

মাটি নির্ব্বাচন

ওখ পানী জমা নোহোৱা পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা মাটিত কেৰেলা খেতি ভাল হয় ।

বীজৰ পৰিমাণ

৪-৫ কি: গ্রাম / হেক্টৰত

সিঁচাৰ সময়
১) আগতীযা: অক্টোবৰ - নবেম্বৰ (মাটিত বগোৱা জাত )

২) মধ্যমীয়া: ফেব্রুৱাৰী – মার্চ

৩) শেহতীয়া: জুন - জুলাই । বীজৰ ব্যৱধান : ১.৫-২.৫ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ ) * ৬০ চে: মি: - ১.২ মিটাৰ (গছৰ পৰা গছলৈ)

সাৰ প্রয়োগ

ক্রমিক নং

সাৰ পৰিমাণ (কি: গ্রাম / হেক্টৰত )

মন্তব্য

১) পচনসাৰ

১০০০

 

২) নাইট্রজেন

(২০ +২০)

(ক) ২০ কি: গ্রাম মাটি প্রস্তুত কৰোতে

৩) ফছফৰাচ

৩০

(খ) ২০ কি: গ্রাম ফল আৰু ফুল ধৰাৰ সময়ত

৪) পটাচ

৩০

 

জলসিঞ্চন

শুকান অথবা খৰাং অৱস্থাত ৮-১০ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

শস্য চপোৱা

ফলবোৰ পুৰঠ হলে চিঙাৰ ব্যৱস্থা কৰিব লাগে ।

উত্পাদন:

১০০-১২০ কুইন্টল / হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট (সংগৃহীত)

লগতে পঢ়ক-ঔটেঙা আৰু ঢেকীয়াৰ বিভিন্ন গুণাগুণৰ বিষয়ে জানো আহক-

English Summary: Bitter Gourd farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.