 
            জাত: থলুৱা জাত৷
মাটি : তামোল খেতিৰ বাবে সাধাৰণতে ওখ বালিচঁহীয়া মাটিয়েই উপযুক্ত৷ পানী জমা হোৱা আলতীয়া মাটি এই খেতিৰ বাবে অনুপযোগী৷ গতিকে এনে মাটি বাছনি কৰিব নালাগে৷
সঁচ নিৰ্বাচন: ওজনত প্ৰায় ৪০ গ্ৰাম মান ঘুৰনীয়া, স্বাস্হ্যবান তামোল সঁচৰ বাবে নিৰ্বাচন কৰিব লাগে৷ বাছি লোৱা তামোল খিনি এটা পাত্ৰত পানী লৈ তাত ডুবাই থব লাগে৷ পানীত ডুবুৱাৰ পাচত যিবোৰ তামোল পানীত ওপৰমুৱাকৈ ওপঙে তেনেবোৰ তামোলহে বাছনি কৰিব লাগে৷
পুলি প্ৰস্তুতি : বীজৰ বাবে বাছনি কৰা তামোলবোৰৰ পৰা বেটুটো এৰুৱাই ওখকৈ তৈয়াৰ কৰা পুলিবাৰীত ১৫x ১৫ ছে: মিটাৰ দুৰত্বত ওপৰ মুৱাকৈ পুতিব লাগে ৷ পুলিবাৰীখনত ছাঁ পৰাৰ ব্যৱস্হা কৰিব লাগে ৷ পুলিবোৰ ২৫-৩০ ছে: মিটাৰ মান ওখ হোৱাৰ পাচত ৩০ x ৩০ ছে: মিটাৰ দুৰত্বত দ্বিতীয়খন পুলিবাৰীলৈ স্হানান্তৰ কৰিব লাগে আৰু দ্বিতীয়খন পুলিবাৰীত পুলিবোৰ ১৮ মাহ পর্য্যন্ত ৰাখিব লাগে৷
পুলি ৰোপন : ২.৭৫ মিটাৰ x ২.৭৫ মিটাৰ দুৰত্বত পুলিবোৰ ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷
গাঁতৰ ব্যসাৰ্দ্ধ : ৯০ ছে: মি: x ৯০ ছে: মি:৷
ৰোৱাৰ সময় : বাৰিষা আৰম্ভ হোৱাৰ আগে আগে ৷
সাৰ প্ৰয়োগ :
| বয়স | পচনসাৰ | বছৰি গছে প্ৰতি | ||
| নাইট্রোজেন (গ্রাম) | ফচফৰাচ (গ্ৰাম) | পটাছ (গ্ৰাম) | ||
| ১ম | ৫ | ৩০ | ১৫ | ৫০ | 
| ২য় | ১০ | ৬০ | ৩০ | ১০০ | 
| ৩য় আৰু আগলৈ | ১৫ | ১০০ | ৪০ | ১৪০ | 
সাৰখিনি  দুভাগ কৰি এভাগ ফেব্ৰুৱাৰী আৰু আনটোভাগ চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে ৷
বন-বাত নিয়ন্ত্ৰণ : এবাৰ বৰষুণৰ আগেয়ে আৰু এবাৰ বৰষুণৰ পিচত বন বাতবোৰ চাফা কৰি দিব লাগে ৷
অন্তৱৰ্ত্তী শস্য(Intercrops) : হালধি আৰু আদা খেতি তামোল গছৰবোৰৰ মাজৰ খালি অংশত সফলতাৰে কৰিব পাৰি ৷ ইয়াৰ বাহিৰেও এশাৰীকৈ কল বা নেমুটেঙা নতুবা তিনিশাৰীকৈ মাটিকঠাল ৰোব পাৰি৷ 
তামোলৰ ব্যাধি
তামোল ফুলা (Softening of nut) : পুৰঠ অৱস্হাত ফলৰ সাহ অংশ টান হোৱাৰ পিছত কোমল হয় বা কোমল ৰবৰৰ দৰে হয় তাকে ফুলা তামোল বোলে ৷ তামোল গছৰ প্ৰথম থোকবোৰত এই ব্যাধি বেছিকৈ হোৱা দেখা যায় ৷ এই অৱস্হা বৰষুণৰ অভাৱ হলে বেছিকৈ দেখা যায় ৷ গতিকে তামোলবাৰীত খৰাং বতৰত জলসিঞ্চনৰ ব্যৱস্হা থকাৰ ওপৰিও বাৰিষা পানী ওলাই যাব পৰাকৈ নলা খান্দি দিব লাগে ৷
তামোল ফটা (Nut splitting) : ই কোনো বেমাৰ নহয় বৰঞ্চ গছজোপাৰ শৰীৰৰ আনুষঙ্গিক ব্যতিক্ৰম (Physiological disorder) মাথো৷ গতিকে তামোল গছৰ গুৰিৰ পৰা পানী সহজে ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্হা কৰিব লাগে ৷ বেমাৰৰ প্ৰাৰম্ভিক অৱস্হাত ২ গ্ৰাম বৰাক্স সাৰ একলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে৷
আগজোঙা হোৱা (Penal tip) : অনুমোদিত হাৰত সাৰ প্ৰয়োগ কৰি থাকিলেই এই ব্যাধিৰ পৰা হাৰত সাৰিব পাৰি৷
কোঁহ পঁচা (Bud rot) আৰু গেন’দাৰনা (Gandarna): আক্ৰান্ত অংশ চাফা কৰিব লাগে আৰু এক শতাংশ বৰদ’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments