1. উদ্য়ানশস্য়

জালুক-মধুৰিআমৰ মাজে-মাজে চিত্ৰনলা, তামোল গছৰ মাজে মাজে Cocoa

KJ Staff
KJ Staff
Agriculture farm
Agriculture farm

চালে চকু ৰোৱা এখন কৃষি পামত কৃষিমন্ত্ৰী অতুল বৰা। ডাল ভৰি লগা ফুল-ফল, শাক পাচলি দেখি অভিভূত কৃষিমন্ত্ৰীগৰাকী। বৃহস্পতিবাৰে কামৰূপ জিলাৰ সোণাপুৰ কৃষিচক্ৰৰ বৰখাতৰ প্ৰগতিশীল কৃষক বলেন বৰুৱাৰ শাক-পাচলিৰ নাৰ্চাৰীৰ লগতে তেতেলিয়াৰ এগ্ৰ’ অৰ্গেনিক এফ পি চি পৰিদৰ্শন কৰে কৃষিমন্ত্ৰী অতুল বৰাই৷

প্ৰায় ৩০ বিঘা ভূমিত তেতেলীয়া এগ্ৰ’ অৰ্গেনিক ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীয়ে উতপাদন কৰিছে চকলেট প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা ক’ক’ৱা ফল, মধুৰিআম, আম, জালুক, আদা, হালধি, মালটা, পানীলাউ, কল, কাজিনেমু, অমিতা তথা অন্যান্য বিভিন্ন জৈৱিক শস্য। তামোল গছৰ মাজে-মাজে ৰোপণ কৰা Cocoa গছ, জালুক তথা মধুৰিআমৰ মাজে-মাজে প্ৰণালীবদ্ধভাৱে ৰোপণ কৰা চিত্ৰনলাৰ খেতিয়ে বিশেষভাৱে আকৰ্ষণ কৰে কৃষিমন্ত্ৰীগৰাকীক।

কৃষি বিভাগৰপৰা লাভ কৰা চিত্ৰনলাৰ তেল নিষ্কাশন ক্ষুদ্ৰ সংসাধন গোট, কেঁচু সাৰ, জৈৱিক সাৰ উৎপাদন গোট তথা শস্যৰ সৌৰড্ৰায়িং গোটটোও তেওঁ পৰিদৰ্শন কৰে। প্ৰায় ২,০০০গৰাকী কৃষক জড়িত হৈ থকা কৃষক উৎপাদক কোম্পানীটোৱে বিভিন্ন স্থানত মুঠ ১৫০০ হেক্টৰ ভূমিত কৃষি উৎপাদন কাৰ্য অব্যাহত ৰাখিছে।

নাৰ্ছাৰীখনত উৎপাদন কৰা বন্ধাকবি, ফুলকবি, বিলাহী, বেঙেনাকে ধৰি অন্যান্য পাচলি আৰু ফুলৰ পুলি বিক্ৰীৰে বৰ্তমান বলেল বৰুৱাই মাহিলি ৩০,০০০ৰপৰা ৫০,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে শ্ৰী বৰুৱাৰ কৰ্মস্পৃহা আৰু আত্মনিৰ্ভৰশীলতা নিঃসন্দেহে অনুকৰণীয় বুলি মত ব্যক্ত কৰে কৃষিমন্ত্ৰী অতুল বৰাই। লগতে এই যাত্ৰাৰ অধিক সফলতা কামনাৰে কৃষক-উতপাদকগৰাকীক মন্ত্ৰীগৰাকীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

লগতে পঢ়কঃ ‘ক্ষুদ্ৰ জলসিঞ্চনে কেৱল পানীয়েই নহয় কৃষকৰ উপাৰ্জনতো নিৰ্ণায়ক ভূমিকা লয় ’

English Summary: Atul Bora visits agriculture farm of Balen Baruah

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.