Krishi Jagran Assam
Menu Close Menu

হালধীয়া বাঁহ

Tuesday, 06 November 2018 12:02 PM

বাঁহ জাতীয় উদ্ভিদবোৰৰ ভিতৰত বাঁহ আটাইতকৈ ওখ| বিভিন্ন জাতিৰ বিভিন্ন ধৰণৰ বাঁহ আছে| সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ৰোৱা এবিধ বাঁহ হৈছে হালধীয়া বাঁহ| এছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, অষ্ট্ৰেলিয়া আদিত পোৱা এইবিধ ধুনীয়া বাঁহৰ ইংৰাজী নাম উয়েল্লগ্ৰুভ বেম্বু বৈজ্ঞানিক নাম ফাইলষ্টেকিছ অৰিয়ছালকেটা| এইবিধ বাঁহ চিৰসেউজ, ন মিটাৰতকৈও অধিক ওখ আৰু ছয় দশমিক পাঁচ ছেণ্টিমিটাৰ ব্যাসলৈ শকত হয়| মৃদ্‌গত কাণ্ডৰ পৰা পোখা বা পুলি ওলাই বাঢ়ি বাঢ়ি ঘন জোপোহাৰ সৃষ্টি কৰে| হালধীয়া বাঁহবোৰৰ গাত সেউজীয়া দীঘলীয়া আঁচ থাকে| আঁচবোৰ থকা ঠাইত লোৰৰ দৰে অলপ দ| বাঁহৰ গুৰি ভাগ কেতিয়াবা একা-বেঁকা হয়| বাঁহ গাঁজৰ ঢকুৱাবোৰ কজলা সেউজীয়া আৰু সাধাৰণতে হালধীয়া আঁচযুক্ত হয়| বেছি ৰদ পৰিলে কেতিয়াবা ৰদ পৰা ফাল ৰঙচুৱা হয়|বেছি ঠাণ্ডা অঞ্চলৰ বাঁহবোৰৰ পাত খৰালি সৰি যায়|

 

ইয়াৰ গাঁজবোৰ ভলুকা, মকাল আদি বাঁহৰ দৰে খৰিচা কৰি বা ৰান্ধি খাব পাৰি|সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ৰোৱাৰ উপৰি ঘন জোপোহাৰ সৃষ্টিকাৰী বাঁহবোৰ চৌহদৰ বেৰা হিচাপেও ৰোৱা হয়|সকলো প্ৰজাতিৰ বাঁহ খৰি হিচাপে আৰু কাগছ উদ্যোগত ব্যৱহাৰ কৰা হয়|

ইয়াৰ নানা জাত বা প্ৰকাৰ আছে আৰু নানা কৃত্ৰিম জাতো উদ্ভাৱন কৰা হৈছে|কিছুমান জাতৰ বাঁহ অকল সেউজীয়া| কিছুমান জাতৰ বাঁহ সেউজীয়া আৰু গাত হালধীয়া ৰঙৰ খীণ আঁচ থাকে| ইয়াৰ জাতি ফাইলষ্টেকিছৰ ফাইলষ্টেকিছ অৰিয়ছালকেটা, ফাইলষ্টেকিছ একিউটা, ফাইলষ্টেকিছ কাৰ্ণিয়া, ফাইলষ্টেকিছ গ্লেব্ৰেটা, ফাইলষ্টেকিছ হিটাৰকেংলডা আদি বহুতো প্ৰজাতি আছে| কিছুমান প্ৰজাতিৰ বাঁহ ওখ, ডাঙৰ আৰু কিছুমান বনচাইৰ দৰে সৰু, চাপৰ| ডাঙৰ প্ৰজাতিবোৰৰ পৰা ঘৰুৱা আচবাব আদি তৈয়াৰ কৰা হয় আৰু সৰু, চাপৰ প্ৰজাতিবোৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ৰোৱা হয়|

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2019 Krishi Jagran Media Group. All Rights Reserved.