 
            কঁকালৰ বিষ এটা যন্ত্ৰণাদায়ক সমস্যা। কঁকালৰ বিষ ৰাজহাড়ৰ, নাৰ্ভ আৰু মাংসপেশীৰ সমস্যাৰ বাবে হ'ব পাৰে। এই ৰোগ পুৰুষৰ তুলনাত মহিলাৰ বেছিকৈ হয়। কাৰণ মহিলাসকলে দিনটোৰ বেছি সময় সমুখৰ পিনে হাওলি, চাপৰি বিভিন্ন কাম কৰিব লগা হয়। দেহত কেলছিয়াম আৰু ভিটামিন-ডি কমি যোৱা, মাংসপেশীৰ সংকোচন, নাৰ্ভৰ উত্তেজনা আৰু কঁকাল অংশৰ ৰাজহাড়ৰত অধিক চাপ পৰা বা হাড়ৰ টুকুৰাবোৰ লৰচৰ হোৱা, দীৰ্ঘদিন গেছত ভুগি থকা আদি সমস্যাৰ বাবে প্ৰধানকৈ কঁকালৰ বিষ হোৱা দেখা যায়।
যিকোনো কঁকালৰ বিষ নিৰাময় কৰিবলৈ এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে-
🔎 সন্মুখৰ ফালে হালি কাম নকৰিব। কঁকালত কাকো গচকিব নিদিব। ৰাজহাড় পোনকৈ ৰাখি বহা আৰু খোজ কঢ়াৰ অভ্যাস কৰিব।
🔎 ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে নেমুৰ ৰস মিহলাই প্ৰতিদিনে খাব। মাজে মাজে পূননৌৱা শাকৰ ৰসৰ লগত মৌ মিহলাই খালী পেটত খাব।
🔎 ৰাতিপুৱা তলমুৱাকৈ শুই কঁকাল অংশত ৩০-৬০ মিনিট সূৰ্যৰ পোহৰ লগাব। লগতে কঁকালত চেঁচা আৰু গৰম পানীৰ ৫-১০ মিনিট সেক দিব।
🔎প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু ভিটামিন-ডি যুক্ত খাদ্য খাব।
🔎 একেৰাহে কেইদিনমান ভেদাইলতা আৰু মানিমুনিৰ আঞ্জা খাব। অৰ্জুন গছৰ ছালৰ গুৰি গাখীৰৰ লগত উতলাই খাব।
🔎 ব্যায়াম কৰিলে কঁকালৰ বিষ আৰোগ্য হয়। নিয়মীয়াকৈ যোগাসন কৰিব লাগিব।
উপযোগী ব্যায়ামবোৰ হ'ল-- অৰ্ধকটিচক্ৰাসন, অৰ্ধচন্দ্ৰাসন, ভূজংগাসন, মৰকটাসন, মকৰাসন, শলভাসন, মাৰ্জাৰাসন, বক্ৰাসন, গোমুখাসন, বজ্ৰাসন, পদ্মাসন, তাড়াসন, তিৰ্যক তাড়াসন, শৱাসন। ৰংমন ৰংদৈৰ "স্বাস্থ্য অমূল্য ৰতন" গ্ৰন্থখনৰ PDF copy বিনামূলীয়াকৈ download কৰক--https://rangmonrangdoi.myinstamojo.com
লগতে পঢ়ক-Yoga for Health: সূৰ্য নমস্কাৰ কি? সূৰ্য নমস্কাৰ কেতিয়া কৰাটো অনুচিত!
ৰংমন ৰংদৈ, যোগ বিজ্ঞানৰ বিশিষ্ট লেখক
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments