1. স্বাস্হ্য আৰু জীৱন

বিলাহী আপোনাৰ ছালৰ বাবে কিয় ভাল ? সৌন্দৰ্যৰ 5 টা পৰামৰ্শ

KJ Staff
KJ Staff
Tomatoes Good For Your Skin
Tomatoes Good For Your Skin

পাকঘৰৰ ৰন্ধন প্ৰণালীত ব্যৱহৃত বিলাহী আপুনি ছালৰ যত্ন লোৱাৰ বাবেও ব্যৱহাৰ কৰিব পাৰে । আপুনি জানেনে বিহালী আপোনাৰ ছালখন সুন্দৰ কৰি ৰখাৰ বাবে কিমান উপযোগী ?

বিলাহী আপোনাৰ মুখৰ ছালৰ বাবে ইমান ভাল যে আপুনি জানিলে আচৰিত হ'ব । জনাৰ লগে লগে আপুনি ছালৰ যতনৰ বাবে ব্যৱহাৰহ কৰিবলৈ আৰম্ভ কৰিব । এই প্ৰৱন্ধটিত আলোচনা কৰিম বিলাহীয়ে আপোনাৰ ছালখন সুন্দৰ কৰি ৰখাত কেনেদৰে সহায় কৰে ।

মুখৰ তেলেতীয়া হ্ৰাস কৰে

ছালৰ যত্নৰ বাবে আপুনি যদি বিলাহী ব্যৱহাৰ কৰে তেন্তে আপুনি ইয়াৰ দ্বাৰা এটা ডাঙৰ ফলাফল লাভ কৰিব । যদি আপোনাৰ ছালখন তেলেতীয়া, এই তেলেতীয়া হ্ৰাস কৰিবৰ বাবে বিহালী ব্যৱহাৰ কৰিব পাৰে ।

পৰামৰ্শ: মুখৰ ছালত বিলাহী ব্যৱহাৰ কৰিবলৈ প্ৰথমে, এটা বিলাহীৰ আধা কাটি লওঁক । ইয়াৰ ১০-১৫ মিনিটৰ পাছতে আপোনাৰ মুখত সেই বিলাহীৰ আধা ভালদৰে ঘঁহি দিয়ক ।

ছালৰ ব্ৰণ ৰোগ প্ৰতিৰোধ কৰে

শালমইনা হৈছে এক অতি সচৰাচৰ ছালৰ ৰোগ । এই ৰোগে সকলো বয়সৰ লোককে প্ৰভাৱিত কৰে । ছালত লেতেৰা বা বেক্টেৰিয়া লাগি থাকিলে এই ৰোগ হয় । এই ব্ৰণৰোগ নিৰাময় কৰিবৰ বাবেও আপুনি ছালত বিলাহী ব্যৱহাৰ কৰিব পাৰে ।

বিলাহীত ভিটামিন-এ, চি, আৰু কে অধিক থাকে । ইয়াৰ লতে বিলাহীত এচিডিক বৈশিষ্ট্য থাকে যি আপোনাৰ ছালক সুন্দৰ কৰি ৰাখিব পাৰে । চাহ গছৰ তেলৰ কেইটোপালমান বিলাহীৰ লগত মিহলি কৰক আৰু ফেচ পেক হিচাপে ইয়াক প্ৰয়োগ কৰক।

প্ৰাকৃতিক চানস্ক্ৰীণ

গৰমৰ দিনত আপোনাৰ বাবে চানস্ক্ৰীণ প্ৰয়োগ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ । আপুনি চানবাৰ্ণ হোৱাৰ আংকাতে আপুনি প্ৰায়ে ব্যৱহাৰ কৰে চানস্ক্ৰীণ । কিন্তু প্ৰাকৃতিকভাৱে বিলাহীত পোৱা লাইকোপেন নামৰ এক ৰাসায়নিক পদাৰ্থই আপোনাক চামবাৰ্ণৰ পৰা ৰক্ষা কৰিব পাৰে ।

পৰামৰ্শ: আপোনাৰ মুখত প্ৰয়োগ কৰিবলৈ, গুৰি কৰা বিলাহীৰ সৈতে দুই চামুচ দৈ মিহলি কৰক । 15-20 মিনিটৰ পিছত মুখত লগাই ধুই দিয়ক ।

ছালখন কুমল আৰু সতেজ কৰি ৰাখে

সকলোৱে ছালখন ধুনীয়া আৰু সতেজ কৰি ৰাখিবলৈ বিছাৰে । মুখত বিলাহীৰ ব্যৱহাৰে কোলাজেন(Collagen) উৎপাদনত সহায় কৰে। কোলাজেন হৈছে এক প্ৰ'টিন যি ছালক এক গাঁথনি প্ৰদান কৰে। ই আপোনাৰ ছালখনক  কোমল আৰু উজ্জ্বল কৰি ৰাখে ।

পৰামৰ্শ: আপোনাৰ ছালক এক উজ্জ্বলতা প্ৰদান কৰা আৰু ইয়াক সতেজ কৰাৰ বাবে এটা বিলাহী, মুলতানি মাটিৰ সৈতে পুদিনা মিহলি কৰি ব্যৱহাৰ কৰক ।

বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰে

কেইবাটাও কাৰণত আপোনাৰ মুখত সূক্ষ্ম ৰেখা, কোঁচ, দাগ, ডাঠ বৃত্ত, আৰু দাগ দেখা দিব পাৰে । বিলাহীত ভিটামিন -বি অধিক থাকে, যি আপোনাক বয়স বৃদ্ধি লক্ষণ হ্ৰাস কৰে । ভিটামিন-বি আৰু ইয়াৰ কমপ্লেক্সবোৰত এণ্টি-এজিং পৰিমাণ অধিক থাকে । ই আপোনাক ছালৰ যৌৱনৰ ৰূপ পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে ।

পৰামৰ্শ: মৌ আৰু বিলাহীৰ ৰস মিহলি কৰক আৰু আপোনাৰ মুখত প্ৰয়োগ কৰক। উজ্জ্বল ছাল পাবলৈ, 15 মিনিটৰ পিছত ধুই পেলাওক।

লগতে পঢ়কঃ চলিত বৰ্ষত কৃষকৰ পৰা ৭৪১.৬২ লাখ টন ধান ক্ৰয় চৰকাৰৰ

English Summary: Why Are Tomatoes Good For Your Skin

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.