1. স্বাস্হ্য আৰু জীৱন

নিদ্ৰাৱস্হাত নাকৰ ঘৰঘৰণি (Snoring) ৰ কাৰণ আৰু প্ৰতিকাৰ

KJ Staff
KJ Staff
Snoring  in sleep
Snoring in sleep

বিশ্বৰ সকলো ঠাইতে ব্যাপ্ত এই নাকৰ ঘৰঘৰণি হোৱা ৰোগ প্ৰতি পাঁচজনৰ ভিতৰত এজনৰ দেখা যায় । ভুক্তভোগীসকলৰ সাধাৰণতে ৪০ শতাংশ পুৰুষ আৰু ৩০ শতাংশ মহিলা । কিন্তু ৫০ বছৰৰ বয়সৰ ওপৰৰ নাৰী-পুৰুষৰ এই পৰিসংখ্যাটো বিপৰীত হ’বলৈ ধৰে । সৰু ল’ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাৰো নিদ্ৰাৱস্থাত নাকৰ ঘৰঘৰণি হ’ব পাৰে । ইংৰাজীত এই অৱস্থা Snoring বা Sleep apnea বোলে । ইয়াক ৰোগ নুবুলি এটা অৱস্থা বোলা বেছি সঠিক হ’ব।

নাকৰ ঘৰঘৰণি উৎপন্ন হোৱাৰ কাৰকসমূহঃ

সংকীৰ্ণ শ্বাস প্ৰণালীঃ নাক, মুখ বা ডিঙিৰ বায়ু প্ৰবাহৰ পথটো যিকোনো কাৰণতে কিছু পৰিমাণে ঠেক হ’লেই তালুৰ কোমল অংশত কম্পন হৈ শব্দ উৎপন্ন হয় ।

নাকৰ বিভিন্ন অসুখঃ সংক্ৰমণ, নাকত পলিপ হোৱা বা ছাল (মিউকাছ মেমব্ৰেন) ফুলি উঠা, নাকৰ দুয়োটা ছিদ্ৰৰ মাজৰ বেৰৰ ভাঁজ থকা আদি ।

ডিঙিৰ অসুখঃ টনচিলাইটিছ, ফেৰিংগটনচিলাইটিছ, এডিনয়ড আদি।

বয়সঃ বাৰ্ধক্যৰ দিশে যেতিয়া ব্যক্তিজন অগ্ৰসৰ হয়।

মেদবহুলতা।

উচ্চ ৰক্তচাপ।

মাদক দ্ৰব্য।

ধূমপান।

শোৱাৰ অৱস্থা বেছি ওখ গাৰু লৈ ওপৰলৈ মুখ কৰি শুলে।

অতিমাত্ৰা শ্ৰম বিশৃংখলিত লাইফ ষ্টাইল।

কিদৰে চিকিৎসা কৰিব ?

চিকিৎসা কৰাৰ আগতে সদায় ৰোগৰ কাৰণটো উদ্ভাৱন কৰাৰ চেষ্টা কৰিব লাগে । কিছমান সৰঞ্জাম ব্যৱহাৰ কৰি যেনে দাঁতত লগোৱা সঁজুলি যি নিশ্বাসৰ প্ৰক্ৰিয়াত থকা বাধা আঁতৰাই ৰাখে । এনে সঁজুলি দন্ত চিকিৎসকে নিৰ্মাণ কৰি দিব পাৰে ।

আন এবিধ সঁজুলি হ’ল Nasal Continuous Positive Airway Pressure (চমুকৈ CPAP) হ’ল আন এবিধ সহায়কাৰী সৰঞ্জাম । ই হয়তো সম্পূৰ্ণ মুখমণ্ডল ঢকা নাইবা মাত্ৰ নাক আৰু মুখ আৱৰা সঁজুলি হ’ব পাৰে। ইয়াত এটা মটৰ পাইপত লাগি থাকে। মটৰটোৱে বায়ু চলাচল সুগম কৰি তোলে। নানাবিধ অপাৰেচন (প্ৰয়োজন সাপেক্ষে), টনচিল, এডিনয়ডৰ, ছাইনাছ, নাকৰ চেপ্টামৰ, নাকৰ পলিপৰ, আলজিভাৰ। আজিকালি লেজাৰৰ যোগেদিও নাকৰ ঘৰঘৰণিৰ চিকিৎসা কৰা হয়। মাহৰ ব্যৱধান ৰাখি ২০ মিনিট সময়ৰ লেজাৰৰ তিনিটা প্ৰয়োগে অধিকাংশ ৰোগীকে সুফল দিছে।

ৰোগীয়ে লবলগীয়া সতৰ্কতাসমূহঃ

ধূমপান ত্যাগ কৰিব।

সদায় সন্তুলিত আহাৰ গ্ৰহণ কৰিব।

দিনে ৩-৪ লিটাৰ পানী অৱশ্যে খাব।

নিয়মিত ব্যায়াম বা শাৰীৰিক শ্ৰম কৰিব। প্ৰাণায়াম, যোগ আদি বৰ উপকাৰী।

ৰক্তচাপ ১২০/৮০ৰ আশে-পাশে ৰাখিবলৈ যত্নপৰ হ’ব।

শৰীৰক প্ৰতিদিনে প্ৰয়োজন হোৱা ৭-৮ ঘণ্টা নিদ্ৰা পূৰণ কৰিবৰ প্ৰয়াস কৰিব। শোৱা আৰু উঠাৰ সময় নিয়মীয়া হ’লে ভাল। ৰাতিৰ ভোজন আৰু শয়নপাটীত পৰাৰ মাজত দুঘণ্টাৰ ব্যৱধান থকা উচিত।

শোৱা অৱস্থাৰ বিষয়ে এটি লাগতিয়াল দিহা নাকৰ ঘৰঘৰণি হোৱা লোকে পৰাপক্ষত গাৰু পৰিহাৰ কৰিব লাগে। তেনেই চাপৰ গাৰু ব্যৱহাৰ কৰিব। ওপৰলৈ মুখ নকৰি সদায় একাষৰীয়াকৈ শুব। তৎসত্ত্বেও নাকৰ শব্দ ওলালে আনে শৰীৰটো সামান্য লৰাই দিলেই নাকৰ শব্দ ওলোৱা বন্ধ হৈ যাব। মেদবহুলতা কমাব। শৰীৰৰ ওজন আদৰ্শ বি এম আইৰ কাষত ৰাখিবলৈ যত্নপৰ হ’ব। ইয়াৰ বাবে খাদ্যত সতৰ্কতা আৰু নিয়মিত ব্যায়াম অতিশয় জৰুৰী।

মদ আৰু সকলো ধৰণৰ ৰাগিয়াল দ্ৰব্য, নিচাযুক্ত ঔষধৰ সেৱন বাদ দিব।

যিসকলৰ নাক প্ৰায় বন্ধ হৈ থাকে, তেনে লোকে শুবৰ সময়ত নাক মুকলি কৰা স্প্ৰে’ বা টোপাল ব্যৱহাৰ কৰিব পাৰে। ৰাতি মেন্থল নহ’লে ভিক্স ভেপৰাবৰ ভাব ল’ব পাৰে। শুওঁতে বাতানুকূলিত যন্ত্ৰ বা ফেনৰ বতাহ পোনছাটেই নাক-মুখত নপৰিলে ভাল।

যিসকলৰ শ্বাস প্ৰণালীৰ নানাবিধ ৰোগ আছে, তেনে লোকে চিকিৎসকৰ পৰামৰ্শমতে এণ্টিবায়টিক, এণ্টিএলাৰ্জিক বা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা ঔষধ, এণ্টিঅক্সিডেণ্ট, ভেকচিন আদি ব্যৱহাৰ কৰা উচিত।

মোখনিত পাঠকসকললৈ কেইটিমান ঘৰুৱা চিকিৎসাৰ দিহা-

কুহুমীয়া গৰম পানীত নেমু আৰু মৌজোলৰ মিশ্ৰণ নিতৌ সেৱন কৰিলে মেদবহুলতা কমে।

কুহুমীয়া গৰম পানীত ৰাতি শোৱাৰ আগতে সদায় মৌজোল মিহলাই খালে নাকৰ ঘৰঘৰণি কমিব।

কুহুমীয়া গৰম গাখীৰত হালধি মিহলাই খালে নাকৰ ঘৰঘৰণি কমে বুলি আয়ুৰ্বেদিক চিকিৎসকে দাবী কৰে।

এপিয়লা উতলা পানীত ১০ খিলা পদিনাৰ পাত দি থ’ব। সেই পানীখিনি শীতল কৰি খালে নাকৰ ঘৰঘৰণি কমে বুলি আয়ুৰ্বেদিক চিকিৎসকে কয়।

(ডাঃ ভূপেন শইকীয়া)

লগতে পঢ়কঃ হোলী উপলক্ষে চৰকাৰী কৰ্মচাৰীয়ে দৰমহাৰ সৈতে পাব উপহাৰ!

English Summary: Snoring in sleep

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.