1. স্বাস্হ্য আৰু জীৱন

হাপানী আৰু ডায়বেটিছ ৰোগৰ প্রতিষেধক হিচাপে ড্রেগন ফলৰ উপকাৰিতা

KJ Staff
KJ Staff
Dragon Fruit
Dragon Fruit

  ড্ৰেগন ফল, যাক আমি 'কমলম' বুলিও কও, ই হৈছে এক জনপ্ৰিয় আমেৰিকান ফল যি এতিয়া আমাৰ দেশতো অতি জনপ্ৰিয়। ড্ৰেগন ফলৰ গছবোৰ হৈছে এক প্ৰকাৰৰ কেকটাছ জাতীয় গছ যাৰ বৈজ্ঞানিক নাম Hylocereus undatus (হিলোকেয়াৰ্চ এণ্ডাটাছ)। মূলতঃ মধ্য আৰু দক্ষিণ আমেৰিকাৰ ফল হিচাবে জনাজাত এই ফল বিধ দক্ষিণ-পূব এছিয়া, মধ্য এছিয়াৰ লগতে আফ্ৰিকাৰো বিভিন্ন অঞ্চলত পোৱা যায়। অৱশ্যে সোৱাদ আৰু পুষ্টিগুণৰ দিশৰ পৰা অতি উত্তম ফল হিচাবে পৰিগণিত হোৱা এই ফল বিধ অসমৰ অতি কম সংখ্যক লোকেহে চিনি পায়। ইয়াৰ ঠাৰিবোৰ হৈছে কাঁইট আৰু ৰসযুক্ত।

   ড্ৰেগন ফলত বিটা-কেৰোটিন আৰু লাইকোপিন থাকে। কেৰোটিন'ইড সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগ আৰু হৃদৰোগৰ আশংকা হ্ৰাস হয়।ই দেহত শর্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে।ড্ৰেগন ফলত এক প্ৰাকৃতিক এণ্টি-অক্সিডেণ্টৰ লগতে ফ্লেভ'ন'ইড, পেনোলিক এচিড, এচকৰ্বিক এচিড আৰু ফাইবাৰ থাকে। এই সকলোবোৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

ড্ৰেগন ফল হৃদযন্ত্ৰৰ বাবে লাভজনক:

ড্ৰেগন ফলত পোৱা সৰু ক’লা বীজবোৰ হৈছে অমেগা-3 আৰু অ'মেগা-9 ফেটি এচিডৰ ভাল উৎস, যি হৃদযন্ত্ৰটো স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰিব পাৰে

 কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে:

ড্ৰেগন ফলৰ ফলত কলেষ্টেৰ'ল, ট্ৰাইগ্লিচাৰ'ইড আৰু নিম্ন ঘনত্বৰ লিপোপ্ৰ'টিন, কলেষ্টেৰ'ল হ্ৰাস কৰিব পাৰে। যাৰ বাবে দেহত আন ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে ৷

 পাকস্থলীৰ সমস্যাত লাভজনক:

ড্ৰেগন ফলে হজম স্বাস্থ্যকৰ কৰি ৰাখে। ই পাকস্থলী আৰু অন্ত্ৰৰ ভাল মাইক্ৰোবায়োম উদগনি দিয়ে। ই পাকস্থলী আৰু অন্ত্ৰৰ বিকাৰ আঁতৰত ৰখাত আৰু পাকস্থলী আৰু অন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰিব পাৰে। ড্ৰেগনৰ ফলবোৰ আঁহ আৰু বহুতো ভিটামিনসমৃদ্ধ, যি দেহৰ পাচন প্ৰণালী উন্নত কৰাত সহায় কৰিব পাৰে।

 ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:

ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত ড্ৰেগন ফল অতি সহায়ক। ড্ৰেগন ফলত ভিটামিন চি-এ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ই শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে।

 হাড় আৰু দাঁত শক্তিশালী কৰে:

ড্ৰেগনফলে হাড় আৰু দাঁত শক্তিশালী কৰে। কেলচিয়াম আৰু ফছফৰাছৰ এক ভাল উৎস হোৱা বাবে, ই হাড় আৰু দাঁতৰ বাবে লাভজনক বুলি প্ৰমাণিত হৈছে। ড্ৰেগন ফলত থকা মেগনেছিয়ামে হাড় আৰু দাঁতৰ বাবে অতি লাভজনক ।

English Summary: Impressive Health benefits of dragon fruit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.