‘পাইলচ’ বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে, বাতৰি কাকতত নানাধৰণৰ অনেক বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে- আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাচ বছৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইলচৰ কৱলত পৰে৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ মু্খ্য কাৰণ হ’ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ – কবিৰাজ আৰু ভুৱা ডাক্তৰৰ কাষ চাপে৷
গুৰুতৰ নহ’লে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে৷ বিশেষকৈ ক’লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হ’লেও মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হ’ব পাৰে-
- বাহিৰত দেখা পোৱা External piles
- মলাশয়ৰ ওপৰৰ অংশত থকা Internal piles
আকৌ ইণ্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি চাৰিটা পৰ্য়ায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্যায়ৰ ইণ্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷
পাইলচ হোৱাৰ সম্ভাব্য কাৰণসমূহ:
- দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্য হৈ থকা (ক্ৰনিক কন্সটিপেচন)
- অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া)
- মল বাহিৰ কৰোতে ৫ মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা
- প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা
- গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ
- মেদবহুলতা
- গধুৰ ওজন দাঙিবলগীয়া হোৱা
- বয়সৰ আধিক্য
- কম ফাইবাৰযুক্ত খাদ্য সেৱন
- পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা
- পাইলচৰ লক্ষণসমূহ:
- শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িতহৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হব পাৰে৷
- শৌচদ্বাৰত টেমুনা বা ঘা হোৱা
- শৌচদ্বাৰৰ খজুৱতি
- মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা
পাইলচৰ জটিলতাসমূহ:
- পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হব পাৰে৷
- পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইণ্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হব পাৰে৷
ৰোগৰ চিনাক্তকৰণ:
- অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক’প, কল’নোস্ক’পৰ সহায় লবলগীয়া হব পাৰে৷
- কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে৷ ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷
পাইলচৰ চিকিৎসা:
- দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷
- ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷
হিপ বাথ:
- দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩/৪বাৰ শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী
- লোকেল এনাচথেটিক, হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ
- বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ
- সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা (Laxative) ঔষধৰ প্ৰযোগ
- পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া
- ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন
- ইনফ্ৰাৰেড চিকিৎসা
- ক্ৰায়’চাৰ্জাৰী
- অস্ত্ৰোপচাৰ(Hemorrhoidectomy)।
কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী:
- আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা
- জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা
- পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ
- শৌচৰ অনভূতি হলেই লগে লগে মলত্যাগ কৰা
- নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা।
ঘৰুৱা উপচাৰ:
- এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে
- বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে
- অলিভ অইল আৰু এলমণ্ড অইলৰ প্ৰয়োগ
- কল-গাখীৰ মিশ্ৰণ
- তিতা কেৰেলাৰ পিতিকা
- মূলাৰ ৰস
- মানিমুনি,
- ভেদাইলতা,
- মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা।
লেখক: ডাঃ ভূপেন শইকীয়া
Share your comments