1. স্বাস্হ্য আৰু জীৱন

Junk Food : মুখ মিঠা পেট গেলা বন্ধুৰ দৰেই বজাৰৰ মুখৰোচক খাদ্য

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আইজাক এছিমোভ (Isac Asimov) নামৰ জনৈক মনীষীয়ে মানুহৰ আহাৰ বা খাদ্যৰ প্ৰস্ংগত এষাৰ বৰ প্ৰণিধানযোগ্য কথা কৈ গৈছে।কথাষাৰৰ সৰলাৰ্থ হ’ল-‘যি আহাৰ যিমানে মুখৰোচক বা সুস্বাদু সি তোমাৰ বাবে সিমানেই অপকাৰী বা ক্ষতিকাৰক প্ৰকৃতিৰ’।(…If it tastes good,It’s bad for you) আধুনিকতাৰ প্ৰভাৱত আজি আমাৰ দেশত বিভিন্ন মুখৰোচক খাদ্য-সামগ্ৰীৰে বজাৰ ভৰি পৰিছে, যিবোৰৰ পৌষ্টিক মুল্য তেনেই শূন্য বা অতি নগণ্য।

আধুনিক ভাষাত এই মুখৰোচক খাদ্য-সামগ্ৰীসমুহক আজিকালি ‘জাংক ফুড’(Junk Food)বুলি অভিহিত কৰা হৈছে।যাৰ অৰ্থ হৈছে মুল্যহীন বা আৱৰ্জনামুলক খাদ্য।এই মুখৰোচক খাদ্য-সামগ্ৰীসমুহৰ ভিতৰত গৰমকালি বহুলভাৱে প্ৰচলিত বিভিন্ন ধৰণৰ শীতল পানীয়,কাৰ্বনেটেড পানীয়,আইচক্ৰীম,আলু চিপচ (প’টেটো চিপচ)বিভিন্ন ধৰণৰ ভজা সামগ্ৰী, কেক, কেণ্ডী, মিঠাই, চকলেট, পপকৰ্ন, ইনষ্টেণ্ট কফি, পেষ্ট্ৰি, বাগৰি, পিজ্জা, কাটলেট, ইউলী, কুকিজ, চিঙৰা, চাওমিন, কচুৰি, ভেলপুৰি, ব্ৰেড-অমলেট, পাওভাজি আদিকে ধৰি সংখ্য সামগ্ৰী আছে।

লগতে পঢ়ক- 

এজন ব্যক্তিয়ে দিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী?

প্ৰস্তুতকাৰী প্ৰতিষ্ঠানবোৰে এই খাদ্য-সামগ্ৰীসমুহত মাত্ৰাধিক পৰিমাণে ‘ট্ৰেন্সফেট’যুক্ত তেল ব্যৱহাৰ কৰে।কাৰণ ‘ট্ৰেন্সফেট’যুক্ত সামগ্ৰী বেছি দিনলৈ ভালে থাকে। ব্যৱসায়িক ক্ষেত্ৰত ই লাভজনক হোৱা বাবে মুখৰোচক খাদ্য-সামগ্ৰীসমুহত ইয়াৰ অত্যধিক ব্যৱহাৰ হয়।ফলত এইধৰণৰ আহাৰ গ্ৰহণকাৰীসকলৰ দেহত সহজে চৰ্বি হয় আৰু তেওঁলোক মেদবহুলতাৰ চিকাৰ হৈ কম বয়সতে দৈহিক বিকাৰত ভুগিব লগা হয়।  এই মুখৰোচক সামগ্ৰীসমুহত দেহৰ বাবে উপকাৰী উপাদানসমুহৰ বিপৰীতে অপকাৰী উপাদানসমুহৰ আধিক্যৰ বাবে দেহত নানা ধৰণৰ ৰোগ-ব্যাধিৰ সৃষ্টি হয়।এই শ্ৰেণীৰ সামগ্ৰীত দেহৰ বাবে লাগতিয়াল ‘এনজাইম’প্ৰস্তুত কৰিব পৰা খাদ্যপ্ৰাণ অতি কম পৰিমাণে থাকে আৰু ‘কলৰি’অধিক পৰিমাণে থাকে।এই শ্ৰেণীৰ খাদ্য গ্ৰহণকাৰীসকলৰ দেহত বৰ্ধিত ‘কেলৰি’শক্তিলৈ ৰুপান্তৰ কৰিবৰ বাবে দেহৰ কোষবোৰ অতিৰিক্ত হেঁচা বা বোজাৰ সন্মুখীন হৈ ৰোগাক্ৰান্ত হ’বলগীয়া হয়।

ইয়াৰ উপৰি এই খাদ্যসমুহত থকা অতিৰিক্ত নিমখে উচ্চ ৰক্তচাপ,হৃদৰোগ আদিৰ সৃষ্টি কৰে।অতিৰিক্ত চৰ্বিজাতীয় পদাৰ্থসমুহে দেহৰ ‘কলেষ্টেৰল’ৰ পৰিমাণ বঢ়াই দেহৰ ক্ষতিসাধন কৰে।অতিৰিক্ত চেনিজাতীয় পদাৰ্থই মেদবহুলতা,মধুমেহ,দন্তক্ষয় আদিৰ সৃষ্টি কৰে।আঁহজাতীয় উপাদানৰ অভাৱে কোষ্ঠকাঠিন্য,পেটৰ আলচাৰ,গ্ৰহণী,অন্ত্ৰৰ কৰ্কট,হাৰ্নিয়া,পাথৰি ৰোগ আদিকে ধৰি দেহত নানান মাৰাত্মক তথা দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰে।কৃত্ৰিম ৰং,কৃত্ৰিম ‘প্ৰিজাৰভেটিভ’আদিয়েও অনুৰুপ কুপ্ৰভাৱ পেলায়।সেয়ে মুখৰোচক খাদ্যৰ জুতিয়ে দেহত নানান ধৰণৰ বিজুতিৰ সৃষ্টি কৰি দেহ ৰোগাক্ৰান্ত কৰি তোলাৰ পুৰ্ণ আশংকা থকাৰ বাবে আমি সকলোৱে এই শ্ৰেণীৰ খাদ্য-সামগ্ৰীসমুহৰ পৰা স্বেচ্ছাই আঁতৰি থাকি নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবই লাগিব।আমি জনা উচিত যে আহাৰেই (যথোপযুক্ত)ঔষধি আৰু আহাৰেই বিহ।

লেখক: ভুবনেশ্বৰ ডেকা

লগতে পঢ়ক- 

Exercise time of Women : নাৰীৰ ব্যায়াম কৰাৰ সময়

English Summary: Negative effects of eating junk food

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.