1. স্বাস্হ্য আৰু জীৱন

Piles : পাইলচ কম হৈ থাকোঁতেই ঘৰতে ল’বলগীয়া যতনসমূহ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

‘পাইলচ’ বুলিলে নজনা মানুহ বৰ কমহে ওলাব৷ হাটে বাটে, বাতৰি কাকতত নানাধৰণৰ অনেক বিজ্ঞাপন অনায়াসে চকুত পৰে৷ পশ্চিমৰ উন্নত দেশ যেনে- আমেৰিকা আৰু ইংলেণ্ডত পঞ্চাচ বছৰ বয়সৰ ৫০শতাংশৰো অধিক লোক পাইলচৰ কৱলত পৰে৷ ভাৰতৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়৷ ইয়াৰ মু্খ্য কাৰণ হ’ল লজ্জাবশত: বহুতে চিকিৎসকৰ ওচৰলৈ নগৈ স্ব-চিকিৎসা কৰে নাইবা বেজ – কবিৰাজ আৰু ভুৱা ডাক্তৰৰ কাষ চাপে৷

গুৰুতৰ নহ’লে বহু সময়ত ৰোগৰ নিজেও উপশম ঘটে৷ পাইলচ অসুখত ৰোগীৰ মৃত্যু নহয়৷ কিন্তু পাইলচৰ বাহিৰে আন অসুখটো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে৷ বিশেষকৈ ক’লনৰ বা শৌচদ্বাৰৰ কেঞ্চাৰ, ক্ৰঞ্চ ডিজিজ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত৷ সেয়ে লজ্জাত্যাগ কৰি হ’লেও মলদ্বাৰেদি কম বা বেচি পৰিমাণে ৰক্তক্ষৰণ হোৱা লোকসকলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ পাইলচ অসুখত মলাশয় আৰু শৌচদ্বাৰৰ ৰক্তপ্ৰবাহী নলীৰ পৰা কম বেচি পৰিমাণে ৰক্তক্ষৰণ হয়৷ পাইলচ দুই ধৰণৰ হ’ব পাৰে-

  • বাহিৰত দেখা পোৱা External piles
  • মলাশয়ৰ ওপৰৰ অংশত থকা Internal piles

আকৌ ইণ্টাৰনেল পাইলচক গুৰুত্ব অনুসৰি চাৰিটা পৰ্য়ায়ত ভগোৱা হয়৷ ৩য় আৰু ৪ৰ্থ পৰ্যায়ৰ ইণ্টাৰনেল পাইলচত সাধাৰণতে অপাৰেচনৰ প্ৰয়োজন হয়৷

পাইলচ হোৱাৰ সম্ভাব্য কাৰণসমূহ:

  • দীৰ্ঘদিন  ধৰি কোষ্ঠকাঠিন্য হৈ থকা (ক্ৰনিক কন্সটিপেচন)
  • অতিমাত্ৰা শৌচ পনীয়া হোৱা (ক্ৰনিক ডায়েৰিয়া)
  • মল বাহিৰ কৰোতে ৫ মিনিটৰ বেচি সময় বল প্ৰয়োগ কৰিবলগীয়া হোৱা
  • প্ৰষ্টেটৰ বিকাৰ হেতু প্ৰসাব কৰোতে বেচি বল প্ৰয়োগ কৰিবলগীয়া হোৱা
  • গৰ্ভাৱস্থা আৰু সন্তান প্ৰসৱ
  • মেদবহুলতা
  • গধুৰ ওজন দাঙিবলগীয়া হোৱা
  • বয়সৰ আধিক্য
  • কম ফাইবাৰযুক্ত খাদ্য সেৱন
  • পৰিয়ালৰ আন সদস্যৰ পাইলচ থকা
  • পাইলচৰ লক্ষণসমূহ: 
  • শৌচৰ প্ৰক্ৰিয়াৰ সৈতে জড়িতহৈ শৌচদ্বাৰেদি কেঁচা তেজ আৰু মিউকাচ নিৰ্গত হোৱা৷ তেজৰ পৰিমাণ সামান্য বা কিছু বেচিও হব পাৰে৷
  • শৌচদ্বাৰত টেমুনা বা ঘা হোৱা
  • শৌচদ্বাৰৰ খজুৱতি
  • মলত্যাগ কৰোতে বিষ অনুভৱ হোৱা

পাইলচৰ জটিলতাসমূহ:

  • পাইলচৰ ৰোগীৰ কাচিৎ ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা (এনিমিয়া) হব পাৰে৷ এক্সটাৰ্নেল পাইলচৰ ৰক্তপ্ৰবাহ বন্ধহৈ কষ্টদায়ক থ্ৰমবচিচ হব পাৰে৷
  • পাইলচ অংশৰ বীজানুৰ সংক্ৰমণ হব পাৰে৷ ইণ্টাৰনেল পাইলচ মলদ্বাৰৰ ভিতৰলৈ ঘূৰি নগলে গেংগ্ৰিন আৰু ষ্ট্ৰেংগুলেচন হব পাৰে৷

ৰোগৰ চিনাক্তকৰণ:

  • অভিজ্ঞ চিকিৎসকে মলদ্বাৰ ভালদৰে নিৰীক্ষণ কৰি ৰোগ চিনাক্ত কৰিব পাৰে৷ চিকিৎসকে ইয়াৰ বাবে প্ৰক্টস্ক’প, কল’নোস্ক’পৰ সহায় লবলগীয়া হব পাৰে৷
  • কেতিয়াবা বেৰিয়াম এনেমা এক্সৰে কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিব পাৰে৷ ইয়াৰ দ্বাৰা ৰক্তক্ষয়ৰ আন কাৰণ বিশেষকৈ টিউমাৰ চিনাক্ত কৰাত সহায় হয়৷

পাইলচৰ চিকিৎসা:

  • দহ শতাংশ ৰোগীৰ অপাৰেচনৰ প্ৰয়োজন হব পাৰে৷ বাকী অধিকাংশ ৰোগীৰে আন ব্যৱস্থাৱলীৰ দ্বাৰা ৰোগৰ উপশম ঘটে৷
  • ৰোগ সামান্য হলে খোৱা লোৱাত সতৰ্ক হলে নিজে নিজেও ভাল হব পাৰে৷

হিপ বাথ:

  • দৈনিক ১০ৰ পৰা ১৫মিনিট সময় দিনে ৩/৪বাৰ শৌচদ্বাৰ কুহুমীয়া গৰম পানীৰ গামলাত সুমুৱাই সেক দিয়াটো উপযোগী
  • লোকেল এনাচথেটিক, হাইড্ৰকৰ্টিচন আদিযুক্ত মলম বা চাপজিটৰিৰ ব্যৱহাৰ
  • বিষৰ বাবে পেৰাচিটামল বা আইব্ৰুপ্ৰফেন দৰবৰ প্ৰয়োগ
  • সতৰ্কতাপূৰ্ণভাবে শৌচ ঢিলা হোৱা (Laxative) ঔষধৰ প্ৰযোগ
  • পাইলচ হোৱা ঠাইত শুকাই যোৱা ঔষধৰ বেজী দিয়া
  • ৰাবাৰ বেণ্ডৰ দ্বাৰা গাঠিবন্ধন
  • ইনফ্ৰাৰেড চিকিৎসা
  • ক্ৰায়’চাৰ্জাৰী
  • অস্ত্ৰোপচাৰ(Hemorrhoidectomy)।

কিছুমান অতি লাগতিয়াল ব্যৱস্থাৱলী:

  • আঁহ থকা অৰ্থাৎ বেচি ফাইবাৰযুক্ত খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰা
  • জাংক ফুড, তেলমছলাযুক্ত খাদ্য পৰিহাৰ কৰা
  • পানী সদায় বেচিকৈ খোৱা-দিনটোত কমেও ১০গিলাচ
  • শৌচৰ অনভূতি হলেই লগে লগে মলত্যাগ কৰা
  • নিয়মীয়া ব্যায়াম বা কচৰৎ কৰি পাক প্ৰণালীৰ নাড়ীসমূহ সবল ৰখা।

ঘৰুৱা উপচাৰ:

  • এলোভেৰাৰ পাত পিচি লগালে পাইলচৰ উপশম ঘটে
  • বিষ আৰু ফুলা কমাবলৈ বৰফ সেই অঞ্চলত লগাব পাৰে
  • অলিভ অইল আৰু এলমণ্ড অইলৰ প্ৰয়োগ
  • কল-গাখীৰ মিশ্ৰণ
  • তিতা কেৰেলাৰ পিতিকা
  • মূলাৰ ৰস
  • মানিমুনি,
  • ভেদাইলতা,
  • মাটি কান্দুৰী আদি অতি উপযোগী শাকক নিয়মীয়া খাদ্যৰ তালিকাভুক্ত কৰা।

লেখক: ডাঃ ভূপেন শইকীয়া

English Summary: Piles: Symptoms, causes, and treatments

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.