1. স্বাস্হ্য আৰু জীৱন

চজনা পাতৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে জানেনে আপুনি?

KJ Staff
KJ Staff
Moringa Leaf Health Benefit
Moringa Leaf Health Benefit

চজনা গছক প্ৰায়ে অলৌকিক গছ বুলি কয় কিয়নো পাতবোৰ বহুতো পুষ্টি, এণ্টিঅক্সিডেণ্টেৰে ভৰ্তি আৰু সেইবোৰ প্ৰ'টিন, ভিটামিন আৰু খনিজ পদাৰ্থেৰে সমৃদ্ধ । চজনা গছ ভাৰতত যথেষ্ট পৰিমাণে পোৱা যায় আৰু অসমতো ই জনপ্রিয় ৷ ই এক ওখ গছ কিন্তু আপুনি ইয়াক আপোনাৰ বাৰীত ৰুব পাৰে ৷ ইয়াৰ গছৰ ফল বোৰ দীঘল দীঘল আৰু সৰু ৷ অসমীয়া থলুৱা খাদ্যত অতি জনপ্রিয় ৷ ইয়াক মাছৰ টেঙা বা তর্কাৰী হিচাপে ৰান্ধিলে সোৱাদযুক্ত হয় ৷ চজনা মানুৱ শৰীৰৰ বাবে স্বাস্থ্যকৰ খাদ্য হিচাপে পৰিগনিত হৈছে ৷ অলপতে ভাৰতে চজনাৰ পাতৰ পৰা তৈয়াৰ কৰা পাউডাৰ (Maringa Powder) আমেৰিকালৈ প্রায় দুই টন ৰপ্তানি কৰিছে ৷

চজনাৰ পাতত ভাল স্বাস্থ্যৰ বিকাশৰ বাবে আমাক নিয়মীয়াকৈ প্ৰয়োজন হোৱা প্ৰায় সকলো পুষ্টি থাকে। ইয়াত ভিটামিন, কেলচিয়াম, আইৰণ, প্ৰ'টিন, মেগনেছিয়াম, জিংক থাকে, আৰু কম চর্বি থাকে ৷ তাৰোপৰি ই আমাৰ শাৰীৰিক অঙ্গবোৰ স্বাস্থ্যৱান কৰি ৰখাত আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যা নিৰাময় কৰাত সহায় কৰে ।

চজনা পাতৰ উপকাৰিতা

  • চজনা পাত কৰ্কট ৰোগৰ চিকিৎসাত প্রয়োজন হয় আৰু যকৃতৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।

  • চজনা পাতত থকা কেলচিয়াম আৰু ফছফৰাছ আৰু প্ৰদাহ ৰোধী গুণে হাড়শক্তিশালী কৰাত আৰু হাপানী ৰোগীক সহায় কৰে।

  • চজনা পাতত থকা এণ্টি-অক্সিডেণ্টবোৰ হৃদযন্ত্ৰৰ বাবে উপযোগী আৰু সেয়েহে ই এক স্বাস্থ্যকৰ লিপিড আৰু কলেষ্টেৰল মাত্রা বজাই ৰখাত আৰু হৃদপিণ্ডৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে।

  • চজনাই পুৰুষৰ ক্ষেত্ৰত যৌন ক্ষমতা আৰু যৌনজনিত ৰোগ সৃষ্টি কৰা চাপ হৰ'মন নিয়ন্ত্রণ কৰাত সহায় কৰে৷ চজনাত থকা ভিটামিনবোৰে যৌন প্ৰৰোচনাৰ বাবে অত্যাৱশ্যকীয় আৰু সেয়েহে, কিছুমান পুৰুষে ইয়াক তেওঁলোকৰ যৌন স্বাস্থ্য বৃদ্ধি কৰিবলৈ ইয়াক ঔষধ যেনে Viagra সৈতে ব্যৱহাৰ কৰে।

  • চজনা পাতৰ পাউডাৰ ডায়বেটিক ৰোগীৰ বাবে ভাল কিয়নো ই তেজত গ্লুকোজৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে।

  • লগতে ই ধমনীবোৰ ডাঠ হোৱা প্ৰতিহত কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ হ্ৰাস হয়।

  • চজনাই ৰেটিনাৰ ধমনীবোৰ প্রসাৰণ বন্ধ কৰি চকুৰ দৃষ্টি শক্তি বৃদ্ধি হোৱাত সহায় কৰে।

  • এনিমিয়াত মুখ্য ভূমিকা পালন কৰে – ই শৰীৰক অধিক আইৰণ গ্রহণ কৰাত সহায় কৰে সেয়েহে ৰঙা তেজৰ পৰিমান বৃদ্ধি হয়।

  • ই মানসিক চাপ আৰু দুশ্চিন্তা দুৰ কৰে ৷

  • ইয়াৰ এণ্টিবেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণৰ বাবে ই হজমত সহায় কৰে লগতে কোষ্ঠকাঠিন্য আৰু গেষ্ট্রিক সমস্যাৰ চিকিৎসা কৰে।

  • চজনা পাতৰ ৰসে ছালৰ সমস্যাৰ ওপৰত এণ্টিচেপ্টিক হিচাপে কাম কৰে আৰু ঘা শুকাই যোৱাত সহায় কৰে।

  • স্তন্যধাৰণকাৰী মাতৃৰ বাবে ভাল কিয়নো ই গাখীৰৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

লগতে পঢ়কঃ ধানখেৰৰ কাঠফুলাৰ (Mushroom Farming with Rice straw) খেতি কেনেকৈ কৰিব ?

English Summary: Moringa Leaf Health Benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.