1. স্বাস্হ্য আৰু জীৱন

আপুনি জানেনে কমলাৰ সেৱনে বৃদ্ধি কৰে স্মৃতিশক্তি

KJ Staff
KJ Staff

বয়স বৃদ্ধিৰ লগে লগে স্মৃতিশক্তি হ্রাস পােৱাতাে এটা স্বাভাৱিক ঘটনা। কিন্তু যদি খােৱা-বােৱাৰ ক্ষেত্ৰত অলপ যতন লােৱা হয় তেনেহ'লে এই বেমাৰৰপৰা যথেষ্ট উপশম পােৱা যায়। বর্তমান বৈজ্ঞানিক সকলে কৰা এটা গৱেষণাত পােৱা গৈছে যে কমলাৰ ৰস আৰু বগৰী সেৱনৰ ফলত স্মৃতি শক্তি বৃদ্ধি হয়। নিউৰ'লজিত পােৱা এক তথ্য অনুসৰি ৫১ বছৰ বয়সৰ ২৭,৮৪২ জন লােকক লৈ কৰা এক গৱেষণাত এই তথ্য পােহৰলৈ আহিছে। যেতিয়া গৱেষনা আৰম্ভ কৰা হৈছিল তেওঁলােকৰ দৈনন্দিন আহাৰৰ তালিকাত ফল - মূল, শাক - পাচলি তথা অন্য ভােজনৰ বিষয়ে তথ্য লােৱা হৈছিল। নির্বাচিত কৰা প্ৰত্যেকজন লােকৰে বিছ বছৰলৈকে তেওঁলােকৰ খােৱা - বােৱাৰ তথ্য লৈ থকা হৈছিল। ইতিহাসত ইমান অধিক সংখ্যক লােকক লৈ দীর্ঘসময় ধৰি কৰা এইটোৱেই আছিল প্রথম গৱেষণা।

বৈজ্ঞানিক সকলৰ এই গৱেষণাত উৎসাহিত হৈ আমেৰিকাৰ (Haward TH Chan School of Public Health) ‘হাৱার্ড.টি.এইচ.চান স্কুল অৱ পাব্লিক হেৰ্থৰ

প্রফেচাৰ চাংচিং ইউৱানে (Chang-Ching Yuan) কয় যে পুনৰ এবাৰ প্ৰমাণিত হ'ল যে সঠিক আহাৰেই মানুহৰ মগজু সঠিক ৰূপত ৰাখিব পাৰে।

গৱেষণাৰ সময় পূর্ণ হােৱাৰ চাৰি বছৰ আগতেই   লােক সকলৰ স্মৃতিশক্তি পৰীক্ষা কৰা হয়। ইয়াৰে ৫৫  শতাংশ লােকৰ স্মৃতিশক্তি অতি প্রখৰ আৰু ৩৮ শতাংশ  লােক সামান্য কম পােৱা গৈছিল।

লােকসকলে সেৱন কৰা ফল - মূল আৰু শাক -পাচলিৰ মাত্ৰাৰ আধাৰত তেওঁলােকৰ পাঁচটা গােট গঠন কৰা হৈছিল। অধিক ফল-মূল, শাক-পাচলি খােৱাসকলক প্রথম গােটত ৰখা হৈছিল। সম্পূর্ণ বিশ বছৰৰ পিছত প্রথম গােটটোৰ স্মৃতিশক্তি অধিক প্রখৰ হিচাপে প্রমাণিত হয়।

English Summary: do you know orange can boost our brain capacity

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.