Krishi Jagran Tamil
Menu Close Menu

এতিয়াৰে পৰা ভাৰতে চজনাৰ পাউডাৰ (moringa powder) আমেৰিকালৈ ৰপ্তানি কৰিব।

Wednesday, 06 January 2021 11:03 AM
Moringa powder (chajana powder)

Moringa powder (chajana powder)

ভাৰতে চজিনাৰ পৰা তৈয়াৰ কৰা পাউডাৰ সুদূৰ আমেৰিকালৈ যোৱা সপ্তাহৰ পৰা ৰপ্তানি আৰম্ভ কৰিছে, I "কৃষি আৰু প্ৰক্ৰিয়াকৰা খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণ (APEDA)ৰ সহায়ত নতুন পৰিচালনা ইউনিট স্থাপন কৰা হব ৷ আগন্তক বছৰবোৰত ৰপ্তানিৰ পাৰমাণ আৰু বঢ়োৱা হ'ব যি কৃষকসকলৰ বাবে যথেষ্ট সুবিধা বহন কৰিব," বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে দিয়া এক আনুষ্ঠানিক বিবৃতি অনুসৰি জানিব পৰা গৈছে ৷

ভাৰতে 29 ডিচেম্বৰ, 2020 তাৰিখে আকাশ মার্গেৰে আমেৰিকা লৈ দুই টন জৈৱিক চজনা পাউডাৰ ৰপ্তানি কৰিছে। ইতিমধ্যে কেইবাটাও APEDA-ৰ সহায়ত ভাৰতৰ পৰা চজিনাৰ পৰা তৈয়াৰী সামগ্ৰীৰ ৰপ্তানি কৰিবলৈ মৌলিক ফ্রেমৱার্ক নিৰ্মাণ ত সহায় কৰি আছে।

      বিবৃতিত কোৱা হৈছে, "তেলেঙ্গানাৰ পৰা এটা APEDA তালিকাভুক্ত ৰপ্তানিকাৰী সংস্থা, M/S Medikonda Nutrients পৰিকল্পনা কৰা ধৰণে ৰপ্তানি আৰম্ভ কৰিবলৈ সাজু হৈছে । সংগঠনটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰায় 40 মেট্র টন চজনা পাতৰ পাউডাৰ ব্যৱসায় কৰিব বিচাৰিছে ৷" তেলেঙ্গানা ৰাজ্যৰ পলকাল মণ্ডল ছাঙ্গাৰেডি জিলাৰ অংশ গংলুৰ গাঁওত কোম্পানীটোৱে এটা প্ৰচেছিং ইউনিট স্থাপন কৰি আছে।

     চাজনা সামগ্ৰীৰ বাবে, উদাহৰণ স্বৰূপে, চজনা গছৰ পাতৰ পাউডাৰ আৰু চাজনা তেলৰ বাবে দেশজুৰি যথেষ্ট চাহিদা আছে ৷ "ইয়াৰ উপৰিও, বিশ্বৰ বহু প্রতিষ্ঠান আৰু ফাউণ্ডেচনে চজনাক পুষ্টিকৰ খাদ্যৰ পৰিপূৰক হিচাপে আৰু ব্যৱহাৰ কৰাৰ উপযুক্ত উপায়ৰ অনুসন্ধান কৰি আছে," বিবৃতিটোত উল্লেখ কৰিছে।

Exports india Bussiness with United States and india Benefits of moringa powder Moringa tree in assam

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.