Krishi Jagran Tamil
Menu Close Menu

বতা চৰাইৰ কণী আৰু কাঠফুলাৰে সুস্বাদু খাদ্য কেনেকৈ বনাব শিকো আহক

Saturday, 09 January 2021 10:15 AM
Foods making of quail bird and mushrooms

Foods making of quail bird and mushrooms

    অসমৰ বজাৰত বর্তমান বতা চৰাই অতি জনপ্রিয় হৈ পৰিছে ৷ অসমৰ মানুহে ইয়াৰ গুনাগুণ বুজি উঠিছে ৷ কেৱল যে বতা চৰাইৰ মাংস ই মান বিশিষ্ট তেনে নহয় ইয়াৰ কণীও যথেষ্ট উপকাৰী ৷ আজি আমি বতা চৰাইৰ কণী আৰু কাঠফুলা এক খাদ্য সম্ভাৰৰ ৰন্ধন প্ৰণালীৰ বিষয়ে কবলৈ ওলাইছো ৷ 

    আহক তেন্তে কাঠফুলা আৰু বতা চৰাইৰ কণীৰে কেনেকৈ এবিধ সুস্বাদু খাদ্য বনাব পাৰি জানো -

উপকৰণ সমূহ -

  • 100 গ্রাম ময়দা
  • 4 টা কণী
  • 100 গ্রাম বাটাৰ
  • পানী (প্রয়োজন অনুসৰি)
  • 400-500 গ্রাম কাঠফুলা
  • 2 টা পিঁয়াজ
  • 4-5 নহৰু
  • নিমখ (প্রয়োজন অনুসৰি)
  • এচামুচ ভিনেগাৰ
  • 2-3 চামুচ জলকীয়া গুৰা। আৰু
  • 4 ডালমান ধনীয়া

এতিয়া প্রথমতে আপুনি

1. বহল চ'চ পেন জুইৰ ওপৰত বহাওক, জুইৰ পৰিমাণ বহুত বেছি নকৰিব ৷

2. চ'চ পেনটোত পানী আৰু মাখন (Butter) দিয়ক আৰু মিহল নোহোৱালৈকে গৰম কৰক ৷ এতিয়া চ'চ পেনটো নমাই আনক আৰু ময়দা খিনি দি দিয়ক ৷ তাৰ পিছত ভালদৰে গোটেইখিনি মিহলাই লওক এটা বল আকাৰৰ হলে ভাল) ৷ এতিয়া সেই খিনি ভাল ঠাণ্ডা ঠাইত ৰাখক ৷

3. যেতিয়া সেই খিনি ঠাণ্ডা হব, এটা এটাকৈ কণীবোৰ ভাঙি দিয়ক আৰু ময়দাৰ মিশ্রণটোৰ সৈতে ভালদৰে মিহলাই লওক (এনে কৰিলে অলপ সময় লব কিন্তু বাধ্যতামূলক )

4. এতিয়া কাঁহী এখনত অলপ পানীৰ সৈতে মিশ্রণখিনি দিয়ক যাতে ভালদৰে মিহলি হয় আৰু মচমচীয়া হয় ৷

5. এতিয়া অ'ভেন এটাত সেইখিনি বাকি দি গৰম কৰক আৰু ভা'প হবলৈ দিয়ক ৷

6. এতিয়া কাঠফুলাখিনি পৰিষ্কাৰ কৰি কাটি লওক ৷ লগতে নহৰু আৰু পিঁয়াজখিনি কাটি দিয়ক ৷ 

7.এতিয়া আকৌ কিছু মাখন (Butter) গৰম কৰক আৰু পিঁয়াজ যোগ দিয়ক। তেতিয়া লাহে লাহে ৰং সলনি হোৱা আৰম্ভ হব ৷ তেতিয়া নহৰু দিব আৰু এক মিনিটমান পাছত কাঠফুলাখিনি দিব আৰু পানী শুকাই নোযোৱা পর্যন্ত ৰান্ধি থাকিব ৷

8. এতিয়া সেই খিনিত নিমখ, চ'চ আৰু ভিনেগাৰ দিব ৷ লগতে জলকীয়াৰ গুৰা আৰু ধনীয়া পাত কেইটা দিবলৈ পাহৰি নাযাব ৷

9. এতিয়া দুটা বতা চৰাইৰ কণী উহাই (Boil) বাকলি এৰাই থওক ৷

10. ইয়াৰ পিছত আগতে ভাজি থোৱা ময়দাৰ বস্তুখিনি (বল আকাৰৰ) ৰ মাজেৰে কাটি দিয়ক আৰু এটা ফালে চামুচেৰে কাঠফুলাৰ ভাজিখিনি আনি দিয়ক ৷ তাৰে ওপৰত উহাই (Boil) থোৱা বতা চৰাইৰ কণী দুটাৰ মাজেৰে কাটি দিয়ক আৰু আপোনাৰ সোৱাদৰ বাবে কিছু নিমখ আৰু জলকীয়াৰ গুৰি দিব পাৰে ৷

   এনেদেৰে আপুনি ঘৰতে সহজ পদ্ধতিৰে কাঠফুলা আৰু বতা চৰাইৰ কণীৰে সুস্বাদু খাদ্য বনাব পাৰে ৷

 

Delicious foods Foods of mushroom Eggs of quail bird Assamese delicious foods Recipe Assamese

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.