ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।
ঢেকীয়াৰ বিভিন্ন স্বস্হ্য উপকাৰিতা
-
নিৰামিষভোজী সকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে। গতিকে মাংস নাখাই পুষ্টিহীনতাত ভূগিছো বুলি ভুল ধাৰণা লব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য। নিচিন্ত মনেৰে খাওক৷
-
কেলচিয়াম,ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।
-
জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।
-
বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।
-
ৰুচি বৰ্ধক আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।
-
পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।
-
লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।
-
ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য।
-
ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী।
লেখিকা: ৰেইনী দেৱী(সংগৃহীত)
Share your comments