1. স্বাস্হ্য আৰু জীৱন

ভেদাইলতা আৰু ইয়াৰ বিভিন্ন স্বাস্হ্য উপকাৰিতা-

KJ Staff
KJ Staff
Shunk Vine and its health benefit
Shunk Vine and its health benefit

ভেদাইলতা আমাৰ সকলোৰে চিনাকি বনশাক৷ উৎকট গোন্ধেই ভেদাইলতাৰ পৰিচয়৷ অতি প্ৰাচীন কালৰে পৰা চীন, ভিয়েটনাম, ব্ৰহ্মদেশ আদিত ঔষধ ৰূপে ইয়াৰ প্ৰচলন হৈ আছিল৷ আমাৰ অসমতো ঔষধি  গুণৰ ভড়াল ভেদাইলতাৰ ব্যৱহাৰ অতীজৰে পৰা চলি আহিছে৷ সময়ৰ পৰিৱৰ্তনে বনশাকৰ পৰা আমাৰ বহুতকে আঁতৰাই আনিছে৷ আজি ইয়াৰ সুফলসমূহ অতি চমুকৈ আলোচনা কৰিম৷  ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত ৷ ইংৰাজী নাম Shunk Vine, বৈজ্ঞানিক নাম Paederia foetida.

ব্যৱহাৰ আৰু গুণাগুণ-

১) গ্ৰহণী, অৰুচি আদি সমস্যাত ভেদাইলতাৰ তৰকাৰী খালে অতি সোনকালে আৰোগ্য হয় ৷

২) বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খালে সুফল পোৱা যায় ৷

৩) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে ৷

৪) ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক ৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে 

৫) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে ৷

৬) মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে ৷

৭) ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায় ৷

৮) ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল ৷

৯) হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে ৷ 

১০) ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায় ৷ 

১১) ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায় ৷ এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত খালে উপকাৰ পায় ৷

১২) যকৃতৰ সমস্যাত ভেদাইলতা খাব লাগে ৷

১৩) প্ৰাৰম্ভিক পৰ্যায়ত মূত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি ৷

১৪) কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷

ইমানবোৰ ঔষধি গুণযুক্ত লতাডাল আমাৰ বাৰীৰ চুকেকোণে হয়তো এলাগী হৈ পৰি আছে৷ আহঁক এতিয়াৰ পৰাই আমাৰ অগ্ৰজসকলৰ পথ অনুসৰণ কৰি আমাৰ খাদ্য তালিকাত ভেদাইলতাক আগস্থান দি ভেদাইলতাৰ আঞ্জা, চাতনি, বৰা আদিৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ।

ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তী ,নলবাৰী  (সংগৃহীত)

লগতে পঢ়ক-পুৰুষৰ শুক্ৰাণুৰ মানদণ্ড উন্নত কৰাৰ সহায়ক ৰঙালাও বীজ!

English Summary: Uses of Shunk Vine and its health benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.