1. উদ্য়ানশস্য়

অধিক উৎপাদন দিব পৰা ব্রকলি খেতি প্রণালী (Broccoli Cultivation in Assam)

KJ Staff
KJ Staff
Broccoli Cultivation
Broccoli Cultivation

   ব্রকলি শীতকালি কৰা শস্য। গৰমৰ বতৰত ইয়াৰ খেতি কৰিলে উৎপাদন তুলনামূলকভাবে যথেষ্ট বেয়া হয়। সাধাৰণতে দৈনিক গড় উষ্ণতা ১৮-২৩ ডিগ্ৰী ছেলচিয়াচ হ'লে (৬৪-৭৩ ডিগ্রী ফাৰেনহাইট) ব্ৰ'কলিৰ খেতিৰ বাবে উত্তম বতৰ। ফুলৰ থােপাটোক ইয়াৰ উপৰিভাগ (মূৰ) বুলি ধৰা হয় আৰু ই উদ্ভিদটোৰ মাজভাগতে থাকে। এই থােপাটোৰ ৰং সেউজীয়া হয়। সাধাৰণতে ব্রকলি মূৰটোৰ পৰা এক ইঞ্চিমান নিলগত কাটি খেতিৰ পৰা অনা হয়। ব্রকলিৰ ফুলবােৰ ফুলি উজ্বল হালধীয়া হােৱাৰ আগতে শস্য চপাব লাগে। গৰমৰ সময়ছােৱাত পােক পতংগৰ আক্ৰমণৰ বাবে ব্রকলিৰ খেতি বেয়া হয়। পাত খােৱা পলুৰােৰ, বগা মাখি আদি পতংগবােৰৰ পৰা ৰক্ষা কৰিবলৈ ব্ৰ'ক'লিৰ প্রতি বিশেষ মনােযােগ দিয়াৰ প্ৰয়ােজন হয়। বেছিলাছ থার্নিজেনেছিছ ছটিয়াই (ম্প্ৰে কৰি) পাত খােৱা পলুৰােৰৰ আক্রমণ প্রতিহত কৰিব পাৰি। আনহাতে চিত্ৰনলা আদিৰ দ্বাৰা মাখিৰ আক্ৰমণৰ পৰা ইয়াক ৰক্ষা কৰিব পৰা যায়।

জাঁত-

আগতীয়াঃ আর্লি ডেনিছ যাইণ্ট, ডি চিক্ক, গ্রীন ৰাড স্পাৰটন আর্লি কোষ্টেল আৰু আটলান্টিক ৷

বীজ সিঁচাৰ সময়- জুলাইৰ মাজভাগৰ পৰা আগষ্টৰ প্রথম সপ্তাহলৈ

মধ্যমীয়াঃ গ্রীন স্প্রাউটিং মেডিয়াম ৷

  বীজ সিঁচাৰ সময়- ছেপ্টেম্বৰৰ প্রথম সপ্তাহৰ পৰা অক্টোবৰৰ পৰা শেষ সপ্তাহলৈ ৷

শেহতীয়াঃ ৱালথিম ২৯, গ্রীন মাউন্টেন, কোষ্টেল আৰু আটলান্টিক ৷

বীজ সিঁচাৰ সময়- নৱেম্বৰৰ প্রথম সপ্তাহৰ পৰা শেষ সপ্তাহলৈ ৷

হাইব্রীডঃ চাউদার্ন কমেট, প্রিমিয়াম

 আৰু ক্ৰপ, ক্লীপাৰ লেজাৰ, ইমাৰেল্ড কৰনা 

 

আৰু পঢ়ক- স্কোৱাচৰ কৃষি পদ্ধতি সম্পর্কে জানো আহক (how to grow squash in assam Know here krishi jagran)

 

মাটি নির্ব্বাচন:

   ব্রকলীৰ বাবে ওখ , ৰদঘাই সাৰুৱা মাটি বাচনি কৰিব লাগে । সামান্য পৰিমাণে অম্লজাত মাটিতো এই খেতি কৰিব পাৰি ।

মাটি প্রস্তুতি:

 বাৰীখনত যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মৈয়াই সমান কৰি লব লাগে ৷ প্ৰত্যেক তিনিবছৰৰ ব্যৱধানত মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্হা কৰিব লাগে ৷ পুলি ৰোৱাৰ ৩০ দিনমানৰ আগে আগে চূণ প্ৰয়োগ কৰিব লাগে ৷

গুটিৰ পৰিমাণ :

৫০০ - ৭০০ গ্রাম / হেক্টৰত ( ৰোৱাৰ বাবে ) 

২.০ -২.৫ কি: গ্রাম / হেক্টৰত (সিঁচাৰ বাবে )

ৰোৱাৰ ব্যৱধান

(শাৰীৰ পৰা শাৰীলৈ x পুলিৰ পৰা পুলিলৈ) 

আগতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি:

   মূল : ৬০ ছে: মি: x ৬০ ছে: মি:

   শেহতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি:

সাৰ প্ৰয়ােগ:

প্রতি বিঘাত পচন সাৰ- ২০-২৫ কুইণ্টল, ইউৰিয়া-৩০-৬০ কিলােগ্রাম, একক ছুপাৰ ফছফেট-৪৮-৬৪ কিলােগ্রাম আৰু মিউটে অব পটাছ-৮-১২ কিলােগ্রাম আৰু বৰাক্স-১ কিলােগ্রাম। ইউৰিয়া সাৰৰ আধা আৰু সমুদায় ছুপাৰ, পটাছ আৰু বৰাক্স পুলি ৰােৱাৰ আগেয়ে মাটিত প্রয়ােগ কৰিব লাগে। ইউৰিয়া সাৰৰ বাকী আধা পুলি ৰােৱাৰ ৩০ দিনৰ পিছত মাটি চপােৱাৰ সময়ত প্ৰয়ােগ কৰিব লাগে।

   পুলিবােৰ ঠন ধৰি উঠাৰ পিছত ১৫-২০ দিনৰ মূৰে মূৰে অণুসাৰ যেনে, গ্রীন হাৰভেষ্ট অল-ক্রপ (১০ লিটাৰ পানীত ৭৫ গ্রাম পটাছ) মিহলাই স্পে' কৰিব লাগে।

পৰিচর্য্যা

১.জলসিঞ্চন : ফুলকবি খেতিতকৈ ব্রকলীৰ খেতিত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে প্রয়োজন হয় । সেইখেতিকে পাতলীয়া ধৰণে মাজে মাজে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।

২. অপতৃণ নিয়ন্ত্রণ : প্রাৰম্ভিক অৱস্থাত পুলিবোৰৰ মাজে মাজে কোৰ মাৰি মাটিখিনি লৰায় দিব লাগে যাতে বতাহ চলাচল কৰাত সহায় হয় আৰু লগতে অপতৃণৰ পৰাও ৰক্ষা পাব পাৰি ।

জলসিঞ্চন (Irrigation)

  পুলি ৰােৱাৰ পিছত এবাৰ মাটি চপােৱাৰ পিছত এবাৰ আৰু ফুল ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰকৈ মুঠ ৩ ৰাৰ নিশ্চিত জলসিঞ্চন কৰাৰ প্রয়ােজন। তদুপৰি খৰাং বতৰত অধিক জলসিঞ্চনৰ প্ৰয়ােজন আছে।

আৰু পঢ়ক- বিজ্ঞানসন্মত পদ্ধতিত ৰহৰ খেতি প্রণালী জানো আহক

শস্যৰক্ষাঃ(Care)

  পুলি ৰােৱাৰ পিছত গুৰি অংশ ক'লা পৰি যায় আৰু পাতবিলাক হালধীয়া পৰি মৰহি যায়। এই ৰােগ নিয়ন্ত্ৰণৰ বাবে পেট 'মাইচিন।

  বেক্টেৰীয়ানাশকৰ ১ গ্রাম প্রতি ১০ লিটাৰ পানীত মিহলাই পুলিৰ গুৰি অংশত স্পে" কৰিব লাগে। পাতত নাইবা গুৰি অংশত ভেঁকুৰ বেমাৰ যেনে, গুৰি পচা, অলটাৰনেৰিয়া লিফ স্পট আদিয়ে আক্রমণ কৰিব পাৰে। ইয়াক.নিয়ন্ত্ৰণৰ বাৰে ইন্দফিল এম-৪৫ নাইবা বেভিষ্টিন ভেঁকুৰনাশক পাতত স্পে' কৰিব লাগে। পাত খােৱা পলু পােক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ১.৫ মিলিলিটাৰ প্রতি ১ লিটাৰ পানীত মিহলাই স্প্রে' কৰিব লাগে। অনুসাৰৰ অভাৱত ব্লক’লিত নানাধৰণৰ ৰিসঙ্গতি হ'ব পাৰে।

   সেয়ে ব্রকলি ঠন ধৰি উঠাৰ পিছত প্রতি ১৫-২০ দিনৰ মূৰে মূৰে বজাৰত উপলব্ধ অনুসাৰ যেনে, গ্রীন হাৰভেষ্ট- অল ক্রপ, ক্রপ বুষ্টাৰ ট্ৰেচেল-২, মাল্টিপ্লেক্স আদি স্পে’ কৰিব লাগে।

শস্য চপোৱা-

   ফুলবোৰ ফাটি নোযোৱাৰ আগতেই আৰু সেউজীয়া অৱস্থাতে চপোৱাৰ ব্যৱস্থা কৰিব লাগে । একেজোপা গছত আকৈ ফুল ধৰিব পৰাকৈ ফুলবোৰ সংগ্রহ কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে গছজোপায়ে কষ্ট নাপায় ।

উৎপাদন-

  সঁচৰ ওপৰত নির্ভৰ কৰি ব্রকলীৰ উত্পাদন ৰ পৰিমাণ সালসলনি হব পাৰে । তথাপিতো ৫ -১৫ টন / হেক্টৰে প্রতি উত্পাদন পাব পাৰি ।

বিহাৰৰ কৃষকে বিশ্বৰ আটাইতকৈ দামী শস্য 'হপ-শ্বুট' খেতি কৰিছে, প্রতি কেজিৰ দাম শুনিলে আপুনি আচৰিত হৈ পৰিব

English Summary: Broccoli Cultivation in Assam krishi jagran

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.