1. স্বাস্হ্য আৰু জীৱন

আপুনি সঘনাই মূৰৰ বিষত ভুগে নেকি? তেন্তে আপোনাৰ বাবে লৈ আহিছো এই পাঁচটা উপায়; মুহুর্ততে নাইকিয়া হব বিষ

KJ Staff
KJ Staff
How to get relax from headache
How to get relax from headache

মূৰৰ বিষ, মূৰ ঘুৰুৱা, মূৰৰ কামৰোনি আদি প্ৰধানকৈ স্নায়ু আৰু ডিঙিৰ লগত জড়িত এক দৈহিক সমস্যা। আমাৰ মূৰৰ বিষ বিভিন্ন কাৰণত হব পাৰে। সাধাৰণ অৱস্থাত আপোনাৰ যদি বহুদিন ধৰি মূৰৰ বিষ হৈ আছে; তেন্তে যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামর্শ গ্রহণ কৰাটো আপোনাৰ বাবে ভাল। এইক্ষেত্রত যদিও আপুনি পদপথৰ বজাৰত মূৰৰ বিষৰ বাবে বহুৰকমৰ দৰৱ, টেৱলেট পাব, কিন্তু সেইবোৰ সুৰক্ষিত বা স্বাস্থ্যসন্মত নহবও পাৰে। তাৰোপৰি সকলো সময়তে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ এই দৰৱ ব্যৱহাৰ কৰাটো উচিত নহয়৷

   আজি মই এই প্রবন্ধটিৰ জৰিয়তে মূৰৰ বিষৰ পৰা ওপশম পাবলৈ আমি কি কি ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰো তাৰ এটা চমু আভাস দিব চেষ্টা কৰিছোঁ।

আৰু পঢ়ক- মুগা পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন বৰছলাৰ এশ পৰিয়ালৰ

মূৰৰ বিষৰ পৰা পৰিত্রান পাবলৈ সহজ ঘৰুৱা উপায়

১) পানী
মূৰৰ বিষ হ’লে কিছু সময়ৰ মূৰে মূৰে এগিলাচ পানী খালেও মূৰৰ বিষৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি। এবাৰ মাত্ৰ আপোনাৰ শৰীৰটো হাইদ্ৰেদ হৈ যোৱাৰ পাছত মূৰৰ বিষ ক্রমান্বয়ে কমি আহিব।

২) লং
কেইটামান লং কিছু সময় গৰম কৰি এখন ৰুমালত বান্ধি লওক আৰু এই টোপোলাটো নাকৰ ওচৰত থৈ গুন্ধ লৈ থাকিলে মূৰৰ বিষৰ পৰা কিছু সকাহ পাব পাৰি।

৩) তুলসী পাত
তুলসীৰ কেইটামান আগৰ পাতৰ পৰা চাহ প্ৰস্তুত কৰি খালেও মূৰৰ বিষৰ পৰা উপশম পাব পাৰি।

৪) আপেলৰ লগত নিমখ
যদি বহু চেষ্টা কৰাৰ পাছতো আপোনাৰ মূৰৰ বিষ কম হোৱা নাই তেন্তে এটা আপেল কাটি লৈ লগত নিমখ সানি খালে মূৰৰ বিষ যথেষ্ট দূৰ হৈ যায়।

৫) জালুক আৰু পদিনাৰ চাহ

মূৰৰ বিষত জালুক আৰু পদিনাৰ চাহ খালে যথেষ্ট ভাল ফল পোৱা যায়।

    ইয়াৰ উপৰি মূৰৰ বিষ হ’লে এডোখৰ পৰিস্কাৰ কাপোৰ পানীত তিয়াই মূৰত কিছুসময় ৰাখি শুই দিলে মূৰৰ বিষৰ পৰা কিছু উপশম পোৱা যায়। মূৰৰ বিষ হ’লে যথাসম্ভৱ হুলস্থল বা হাই-উৰুমি হৈ থকা এলেকাত বহু সময় ৰৈ থাকিব নালাগে লগতে কাম কৰি থকাও উচিত নহয়। 

আৰু পঢ়ক- আমেৰিকাত লোভনীয় চাকৰি এৰি মাত্র ২০টা গৰুৰে আৰম্ভ কৰা ইন্দুকুৰীৰ ব্যৱসায়ে ৪০ কোটিৰ ব্যৱসায়লৈ ৰূপান্তৰিত কৰিলে
English Summary: How to relax from headache know here tips

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.