1. স্বাস্হ্য আৰু জীৱন

আচলতে ব্লেক ফাংগাছ কি? ইয়াৰ লক্ষণ আৰু প্রতিৰোধ ব্যৱস্থাৱালী জানো আহক (what is Black Fungus? it's symptoms and prevention)

KJ Staff
KJ Staff
Black Fungus
Black Fungus

   মিউক'মাইকোচিছ (ব্লেক ফাংগাছ) হৈছে এক ভেঁকুৰৰ সংক্রমণ যি মুলতঃ নিম্ন ৰােগ প্ৰতিৰােধ ক্ষমতা থকা বা অন্যান্য স্বাস্থ্য সমস্যাৰ বাবে ঔষধ গ্রহণ কৰি থকা লােকসকলক প্রভাৱিত কৰে। যিয়ে তেওঁলােকৰ পৰিৱেশজনিত কাৰকৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা হ্রাস কৰে, প্ৰদূষিত বায়ুৰ পৰা উশাহৰ মাধ্যমেৰে এই ফাংগাছ এজন ব্যক্তিৰ শৰীৰত প্রবেশ কৰে, যাৰ ফলত কেতিয়াবা এনে ব্যক্তিৰ চাইনাছ বা হাঁওফাঁও আক্রান্ত হয়। অতি কম সংখ্যক লােকৰ ইয়াৰ ফলত গুৰুতৰ ৰােগ হ'ব পাৰে যি মাৰাত্মকো হ'ব পাৰে।

লক্ষণ (Symptoms)

* মুখফুলা (সাধাৰণতে এফালৰ)

* নাক বা ছাইনাছৰ বিষ

* মুৰৰ বিষ

* নাকৰ ওপৰৰ অংশত আৰু মুখৰ ভিতৰৰ ওপৰৰ অংশত হােৱা ক'লা ঘাঁ, যি দ্রুত গতিৰে অধিক গুৰুতৰ হৈ পৰে। কাহ, বুকুৰ বিষ আৰু উশাহ চুটি হােৱা ফোঁহা বা আলচাৰ আৰু সংক্রমিত স্থান ক'লা হ'ব পাৰে।

* কোনাে ঘাঁৰ চাৰিওফালে বিষ হােৱা আৰু গৰম অনুভৱ কৰা বা অত্যাধিক ৰঙা পৰা ওকালি অহা, বমি হােৱা বা গেষ্ট্রোইনটেস্টাইনেল ৰক্তক্ষৰণ ৷

আৰু পঢ়ক- গুটিকালাম কেনেদৰে কৰিব লাগে? ইয়াৰ লাভালাভবোৰ কি কি (Effective Way to grafting fruits Trees)

বিপদ শংকাৰ কাৰকসমূহ

* অনিয়ন্ত্রিত ডায়েবেটিচ, বিশেষকৈ কিটোএচিডােচিছৰ সৈতে ডায়েবেটিছ

* কৰ্কট ৰােগ

* অংগ সংৰােপণ

* স্টেম কোষ সংৰােপণ

* শ্বেত ৰক্ত কণিকাৰ কম সংখ্যা

* ষ্টেৰইডৰ দীর্ঘকালীণ ব্যৱহাৰ

* শৰীৰত অত্যাধিক আইৰণ থাকিলে অস্ত্রোপচাৰ, পােৰা বা আঘাতৰ ফলত ছালৰ ঘাঁ।

প্রতিৰোধৰ উপায় (Prevention)- 

* ধূলিময় এলেকা পৰিহাৰ কৰিবলৈ চেষ্টা কৰক যদি আপুনি ইয়াক এৰাই চলিব নােৱাৰে তেন্তে এন95 মাস্ক পিন্ধি যাব।।

* পানী জমা হােৱা অট্টালিকা বা বানপানীৰ ফলত জমা হােৱা লেতেৰা পানীৰ সৈতে পােনপটীয়া সংস্পর্শ পৰিহাৰ কৰিব।

* বাহিৰৰ কার্যকলাপ যেনে বাগিচাৰ তদাৰক আদি কৰোঁতে জোতা, দীঘল পেন্ট আৰু দীঘল হাতৰ চাৰ্ট পিন্ধিব।

* মাটিৰ কাম কৰাৰ সময়ত হাত মােজা পিন্ধিব।

* চাবােন আৰু পানীৰে ছালৰ আঘাত ভালদৰে ৷ পৰিষ্কাৰ কৰক।

আৰু পঢ়ক- এতিয়া মহিন্দ্ৰাৰ টেক্টৰ ক্রয় কৰি লাভ কৰক এক লাখ টকাৰ স্বাস্থ্য বীমা (M&M announces ₹1-lakh health insurance for new tractor customers)
English Summary: what is Black Fungus it's symptoms and prevention

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.