1. স্বাস্হ্য আৰু জীৱন

ফলৰ ৰজা আম ; জানো আহক এই ফলৰ উপকাৰিতাৰ বিষয়ে

KJ Staff
KJ Staff
ফলৰ ৰজা আম
ফলৰ ৰজা আম

আম হৈছে এবিধ ক্ৰান্তীয় গছ, যাক ভাৰতৰ বিভিন্ন প্ৰান্তত খেতি কৰা হয় । আমৰ আছে বহুকেইটা স্বাস্থ্যৰ উপৰিকতা । যাৰ বাবে আমক ফলৰ ৰজা বুলিও কোৱা হয় । জনো আহক আমৰ কি কি উপকাৰিতা আছেঃ

আম এবিধ Fiber, Vitamins, Minerals, and Polyphenolic Flavonoid Antioxidant ৰ সমৃদ্ধ উৎস।

বৈজ্ঞানিক সকলৰ তথ্য অনুসৰি, মলাশয়, স্তন, লিউকেমিয়া আৰু প্ৰষ্টেট কৰ্কটৰোগৰ পৰা ৰক্ষা পাবৰ বাবে আম খাব পাৰে । কেইবাটাও বৈজ্ঞানিক গৱেষণা অনুসৰি, আম পলিফেনোলিক এণ্টিঅক্সিডেণ্ট উপাদানবোৰে স্তন আৰু মলাশয়ৰ কৰ্কটৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে বুলি কোৱা হয় ।

ভিটামিন এ আৰু ফ্লেভোনইড যেনে, কেৰোটিন, আৰু ক্ৰিপ্টোক্সান্থিন আমত প্ৰচুৰ পৰিমাণে থাকে । 100 গ্ৰাম সতেজ ফলত 1080 আই.ইউ. ভিটামিন এ বা দৈনিক প্ৰয়োজনীয় পৰিমাণৰ 36% থাকে। এই ৰাসায়নিক পদাৰ্থবোৰৰ এণ্টিঅক্সিডেণ্ট বৈশিষ্ট্য আছে আৰু দৃষ্টিশক্তি উন্নত কৰাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ ।

গাৰ ছাল সুন্দৰ কৰি ৰাখিবলৈও মানুহৰ দেহত প্ৰয়োজন হয় ভিটামিন-এ আৰু আমে মানুহৰ দেহত ভিটামিন -এ যোগান ধৰে ।

সতেজ আমত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। ১০০ গ্ৰাম ফলত ১৬৮ মিলিগ্ৰাম পটাছিয়াম আৰু মাত্ৰ ১ মিলিগ্ৰাম ছডিয়াম থাকে। পটাছিয়ামে মানুহৰ হৃদস্পন্দন আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।আমৰ বাকলি হৈছে ফাইটোনিউট্ৰিয়েণ্টৰ(Phytonutrients)এক সমৃদ্ধ উৎস । ই কেৰোটিনইড আৰু পলিফেনলৰ দৰে এক এণ্টিঅক্সিডেণ্ট।

লগতে পঢ়কঃঅসহ্যকৰ গৰম ! ৪১ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব তাপমাত্ৰা

English Summary: Health Benefits of Mangoes

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.