1. স্বাস্হ্য আৰু জীৱন

আপুনি ফুচকা খায় নেকি? যদি খায় আপোনাৰ বাবে আছে এক ভাল খবৰ-

KJ Staff
KJ Staff
Health Benefit of Panipuri
Health Benefit of Panipuri

ফুচকাৰ নাম শুনিলেই আপোনাৰ জিভাত পানী নিশ্চয় আহিব! কিন্তু বহুতে কৈ আছিছে যে ফুচকা খোৱাটো আমাৰ দেহৰ বাবে হানিকাৰক। সেইবাবে বহুতে ইয়াৰ পৰা আতৰত থাকিব বিচাৰে! অসমত ইয়াৰ প্রতি ছোৱালী সকল বেছি আগ্ৰহী হোৱা দেখা যায় ৷ কিন্তু যদি আমি কওঁ, ফুচকাই আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে!

বিশ্বাস কৰাটো হয়টো কঠিন হব। কিন্তু সঁচাকৈয়ে, ফুচকা আপোনাৰ শৰীৰৰ অতিৰিক্ত ওজন হ্রাস কৰা সহায় কৰিব পাৰে। গতিকে আপুনি আহাৰৰ তালিকাত নিশিতভাবে ইয়াক অন্তভুক্ত কৰিব পাৰে। ফুচকা হৈছে ভাৰতীয় খাদ্যৰ আটাইতকৈ জনপ্ৰিয় খাদ্য। শালপাটাৰ বাটিত নিমখ পানী আৰু আলুৰ স্লাছ খাবলৈ কোনে ভাল নাপায়! কিন্তু এতিয়া স্বাস্থ্যৰ সুস্থতাৰ ওপৰত লক্ষ্য ৰাখি আপুনি বিচাৰিলেও, আপুনি প্ৰায়ে ফুচকাৱালৰ পৰা আঁতৰি থাকিবলগীয়া হয়। কিন্তু এতিয়া চিন্তা নাই আপুনি বিচাৰিলেই খাব পাৰিব।

 আপুনি এতিয়া ফুচকা খায় শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিব পাৰে। জানিব পৰা মতে এটা ফুচকাত অতিকমেও 36 কেলৰি থাকে। অর্থাৎ আপুনি ফুল একপ্লেটৰ (6 টা) ৰ পৰা 216 কেলৰি পাব পাৰে। যিসকল লোকৰ দেহত অতিৰিক্তভাৱে চর্বি আছে তেওঁলোকে ঘৰত তৈয়াৰ কৰা ন্যাক্স হিচাপে খাব পাৰে। ফুচকা খালে পৰৱৰ্তী কেইঘণ্টামান, ভোক একেবাৰে নালাগে। ফলস্বৰূপে, ফুচকাই আপোনাক ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কিন্তু দুটা কথা মনত ৰাখিব লাগিব। প্রথম, আপুনি ঘৰতে তৈয়াৰ কৰিহে খাব, বাহিৰত খালে অপকাৰহে কৰিব পাৰে। দ্বিতীয়তে, নিয়মীয়া শৰীৰৰ ব্যায়াম, খোজ কঢ়া, দৌৰা কোনো প্ৰকাৰে বন্ধ কৰিব নালাগিব

ডায়েটিচিয়ানৰ দৰে, ঘৰত তৈয়াৰ কৰা ফুচকাই আপোনাক আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কাৰণ ঘৰত তৈয়াৰ কৰা ফুচকাত কম তেল ব্যৱহাৰ কৰি বনাব পাৰি। সোৱাদৰ বাবে পদিনা, জিৰা, পানী, হিং ব্যৱহাৰ কৰিব পাৰি। মুগৰ দাইল, ময়দাৰে ফুচকা তৈয়াৰ কৰিব পাৰি। আপুনি বুজিছে যে ঘৰত পানী আৰু পানীৰ ক্ষেত্ৰত স্বাস্থ্যকৰ খাদ্য ব্যৱহাৰ কৰিব পাৰি। এনেদৰে বনালে বাছিৰত খোৱাতকৈ পাঁচ গুণাগুণ বেছি পাব পাৰে। আপুনি আলুৰ পৰিৱৰ্তে আলু বা মুগৰ দাইল আৰু গাজৰ ব্যৱহাৰ কৰিব পাৰে। তাৰোপাৰি আপুনি চুজীৰ পৰিৱৰ্তে ময়দা ব্যৱহাৰ কৰিব পাৰে।

লগতে পঢ়ক-পানী পৰিস্কাৰ কৰাৰ কেইবাটাও সহজ পদ্ধতি সম্পৰ্কে জানেনে আপুনি? পঢ়ক এই প্ৰবন্ধ-

English Summary: Health Benefit of Panipuri

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.