1. স্বাস্হ্য আৰু জীৱন

স্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে মাছ আমি কিয় খাব লাগে ?

KJ Staff
KJ Staff
Which is Healthier forb You?

এক স্বাস্থ্যকৰ জীৱনশৈলী হৈছে, যিকোনো ৰোগৰ পৰা আঁতৰত থকা বা আপোনাক ৰোগ নিয়ন্ত্ৰণ ক্ষমতা বৃদ্ধি কৰা । স্বাস্থ্যকৰ জীৱনশৈলীয়ে আপোনাক ডাক্তৰৰ পৰামৰ্শ অবিহনেই এক দীৱলীয়া আয়ুস দিব পাৰে ।

আমি প্ৰত্যেকে মাছ আৰু মুৰ্গী মাংস খাই ভাল পাওঁ । তৃপ্তিৰে এসাঁজ বুলি ক'লে আমাৰ মনলে প্ৰথমে মাছ-মুৰ্গী মাংসৰ কথাকে আহে । পিছে আপুনি জানেনে আমাৰ স্বাস্থ্য কাৰণে মাছ-মাংসৰ ভিতৰত কোনটো ভাল ? এই প্ৰৱন্ধটিত মাছ আৰু মাংসৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰা হৈছে ।

মাছ:

প্ৰ'টিনৰ বাহিৰেও মাছৰ পৰা আমি অমেগা-3 ফেটি এচিড লাভ কৰোঁ । অমেগা-3 ফেটি এচিড সাধাৰণতে আমাৰ শৰীৰে প্ৰাকৃতিকভাৱে লাভ নকৰে আৰু মাছে আপোনাৰ শৰীৰত অমেগা-3 ফেটি এচিড প্ৰদান কৰে ।অমেগা-3 ফেটি এচিডে আমাৰৰ শৰীৰত প্ৰদাহ আৰু চাপ নিয়ন্ত্ৰণ কৰে । চৰ্বিযুক্ত মাছে আপোনাৰ ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰে আৰু লগতে ভিটামিন-ডি প্ৰদান কৰে ।

মাছে আপোনাক অন্যান্য প্ৰ'টিন উৎসতকৈ দীঘলীয়া সময়ৰ বাবে তৃপ্তি প্ৰদান কৰে । এথলেটিক প্ৰদৰ্শন, পেশীৰ বিকাশ আৰু শক্তিৰ স্তৰ উন্নত কৰাৰ বাবে মাছ উপযুক্ত আহাৰ । কিন্তু এটা কথা মন কৰিব যে গৰ্ভৱতী মহিলাৰ বাবে মাছ ক্ষতিকাৰক ।পৰাপক্ষত মাছ গৰ্ভৱতী মহিলা সকলে পৰিহাৰ কৰা উচিত ।

মুৰ্গী মাংস:

ওজন নিয়ন্ত্ৰণত ৰখা সকলৰ বাবে কুকুৰা মাংস হৈছে উপযুক্ত আহাৰ । আহাৰৰ উৎস হিচাপে মুৰ্গীৰ মাংসত পুষ্টিৰ পৰিমাণ অধিক, যি ওজন হ্ৰাস আৰু উন্নত, সুস্থ শৰীৰৰ বিকাশত সহায় কৰে ।

কুকুৰাৰ মাংসই আপোনাক পেশীৰ ভৰ বৃদ্ধি কৰাত, আপোনাৰ হাড় শক্তিশালী কৰাত আৰু আপোনাৰ ভোক হ্ৰাস কৰাত সহায় কৰিব পাৰে । আপুনি পৰাপক্ষত লোকেল কুকুৰা মাংস খাবলৈ চেষ্টা কৰিব ।

কোনটো স্বাস্থ্যৰ বাবে উপযুক্ত ?

মাছত মুৰ্গীৰ মাংসৰ তুলনাত কিছু বেছি স্বাস্থ্যৰ উপকাৰিতা থাকে । বিশেষকৈ মাছৰ পৰা অমেগা-3 ফেটি এচিড লাভ কৰা যায় । যদি আমি আমাৰ সামগ্ৰিকবাৱে স্বাস্থ্য উন্নত কৰিব বিচাৰো, তেন্তে আপুনি স্বাস্থ্য উপকাৰীতাৰ বাবে মাছ খাব পাৰে । অৱশ্যে, দুয়োটাই স্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে আহাৰত যোগ দিব পাৰি ।

লগতে পঢ়কঃ লাভজনক উপাৰ্জনৰ বাবে নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত আলুৰ জাত নিৰ্ধাৰণ

English Summary: Chicken or Fish, Which Is Healthier for You?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.