
বর্তমান সময়ত প্রায় সকলো লোকে পুৰুষ মহিলা উভয়ে চুলি সৰা সমস্যাৰ ভুক্তভোগী যদিও এইটো এটা সাধাৰণ সমস্যা, কেতিয়াবা ই গুৰুতৰ ৰূপ লয়। কেতিয়াবা আমাৰ চুলি সৰা ইমান বাঢ়ি যায় যে মূৰৰ চুলি এসময়ত নোহোৱা হৈ যাব পাৰে, এইটো প্রায়ে পুৰুষৰ ক্ষেত্রত হয়। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰো। সেয়েহে আজি মই এনে এটা উপায় আপোনাক দিম, যাৰ ফলত আপোনাৰ এমাহতে চুলি সৰা বন্ধ হব। ইয়াৰ বাবে আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন আনিব লাগিব। অর্থাৎ আপোনাৰ আহাৰ স্বাস্থ্যকৰ কৰাটো প্ৰয়োজনীয়। তলত কিছুমান এনে খাদ্যৰ কথা কোৱা হৈছে, যিয়ে চুলি সৰা কম কৰিব পাৰে।
(১) গাখীৰ আৰু নিমখ পাৰস্পৰিক বিৰুদ্ধ। আয়ুৰ্বেদত এই দুয়োটা খাদ্য একেলগে খাবলৈ বাধা দিয়া হৈছে। যদি আপুনি গাখীৰৰ লগত যিকোনো নিমখীয়া বস্তু গ্রহণ কৰে বা নিমখীয়া বিস্কুট খায়, গাখীৰে শৰীৰত পুষ্টি নিদিয়াৰ উপৰিও ই বহুতো ৰোগৰ সৃষ্টি কৰে। গৱেষনাৰ তথ্য অনুসৰি গাখীৰ আৰু নিমখ একেলগে খালে চুলি সৰাৰ সমস্যা বৃদ্ধি হয়।
(২) আমি জানো যে কল আৰু গাখীৰ দুয়োটাই আমাৰ দেহক পুষ্টি প্ৰদান কৰিব পাৰে, কিন্তু যদি আপুনি কল খোৱাৰ পিছতে গাখীৰ খায় বা কল গাখীৰে গ্রহণ কৰে, ই কেতিয়াবা স্বাস্থ্যৰ অৱনতিৰ কাৰণ হব পাৰে। আচলতে, প্ৰতিটো ফলত কিছুহলেও চাইট্ৰিক এচিড থাকে, যি গাখীৰৰ সৈতে মিহলি হৈ দেহৰ ভিতৰত বিষাক্ত পদাৰ্থ প্ৰস্তুত কৰে। ই আপোনাৰ চুলি সৰাৰ সমস্যা বৃদ্ধি কৰে।
(৩) আমাৰ সদ্যহতে তেলেৰে ভজা বস্তু অতি প্রিয়, কিন্তু এই প্রিয় বস্তুই আপোনাৰ চুলি দ্ৰুতগতিত সৰাত বিশেষ ভূমিকা লয়৷ গতিকে আপোনাৰ যদি চুলি সৰা আৰম্ভ হৈছে, ভজা বস্তু খোৱা কম কৰক। চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্রাণ পাবলৈ চিপছ খোৱাৰ পৰা আঁতৰত থাকিব লাগে।
(৪) চ'ডা আৰু শীতল পানীয়ে গৰম দিনত তাৎক্ষণিক সকাহ দিয়ে, কিন্তু আপুনি জানেনে ই শৰীৰৰ বাবে ক্ষতিকাৰক? ডায়েট চ'ডা আৰু কোমল পানীয়ৰ অত্যধিক ব্যৱহাৰে স্বাস্থ্য অৱনতি কৰে। ইয়াৰ সেৱনৰ ফলত চুলি সৰাৰ সমস্যা বৃদ্ধি পায়। তদুপৰি এইবোৰ গ্ৰহণ কৰিলে শৰীৰত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি হয়, যাৰ বাবে দেহত ইনছুলিনৰ পৰিমাণ বৃদ্ধি হয়। এইক্ষেত্ৰত, হৃদযন্ত্ৰকে ধৰি শৰীৰৰ বহুতো অংশ প্ৰভাৱিত হয়।
(৫) ময়দাৰে প্ৰস্তুত কৰা যেনে - নিমখীয়া ফ্ৰাই, নিমকি, বিস্কুট, মেগি আদি যিকোনো সামগ্ৰীয়ে আপোনাৰ অন্ত্ৰ নষ্ট কৰিব পাৰে। ময়দাই মানুহৰ পাচন তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। যেতিয়া অন্ত্ৰই খাদ্য সঠিকভাৱে শোষণ কৰিবলৈ সক্ষম নহয়, শৰীৰৰ দুৰ্বলতা বৃদ্ধি হয়, যাৰ ফলত চুলি সৰি পৰে।
(৬) সুৰা আৰু ধূমপানৰ বাবেও চুলি সৰিব পাৰে। গতিকে যথাসম্ভৱ চুলি সৰা আৰম্ভ হলেই খোৱা বন্ধ কৰক। অত্যধিক সুৰা পান কৰিলে দ্রুতিগতিত চুলি সৰা আৰম্ভ হয়৷
Share your comments