1. স্বাস্হ্য আৰু জীৱন

আমি আদা দৈনন্দিন কিয় খাব লাগে জানো আহক

KJ Staff
KJ Staff

খাদ্যৰ সােৱাদ বৃদ্ধি কৰা বা কাঁহ-পানীলগা আৰু ডিঙিৰ বিষৰপৰা সকাহ পাবৰ বাবে আমি দৈনন্দিন জীৱনত প্রায়ে আদা ব্যৱহাৰ কৰো ৷ ইয়াৰােপৰি আমাৰ ঘৰুৱা আৰু আয়ুর্বেদিক উপকৰণৰ ৰূপত জীৱনৰ অভিন্ন অংগ হৈছে এই আদা। কিন্তু শেহতীয়াকৈ আদাৰ আন এটা গুণৰ বিষয়ে জানিব পৰা গৈছে- যি আমাৰ সকলােৰে জীৱনৰ বাবে অতিকে লাভদায়ক। পৰীক্ষাগাৰত কৰা এক পৰীক্ষাৰ পৰা এই তথ্য পােহৰলৈ আহিছে যে আদাত কৰ্কট ৰােগ প্ৰতিৰােধক গুণ আছে, যি বিশেষকৈ মহিলাৰ হ’বপৰা স্তনৰ কৰ্কট আৰু গর্ভাশয়ৰ কৰ্কট ৰােগৰপৰা ৰক্ষা কৰিবলৈ সক্ষম।

ই শৰীৰত কৰ্কট ৰােগ জন্ম দিবপৰা কোশিকাবােৰ ৰুদ্ধ কৰাৰ লগতে কর্কট প্ৰসাৰিত হােৱাত বাধা দিয়ে। গৱেষক সকলৰ মতে কর্কট ৰােগৰ চিকিৎসাৰ বাবে প্ৰয়ােগ কৰা কেমােথেৰাপীয়ে ৰােগীক সকাহ দিয়াৰ বিপৰীতে ৰােগীৰ গােটেই শৰীৰৰ ক্ষতিসাধন কৰে।

কিন্তু কৰ্কটৰ ঔষধৰ ৰূপত আদাই কেৱল কর্কট ৰােগ হােৱা অংগ তথা কোশিকাবিলাকক হে কেৱল প্রভাৱান্বিত কৰে আৰু ৰােগীৰ শৰীৰে সম্পূৰ্ণৰূপেসকাহ পায়। এটা পৰীক্ষাৰ অন্তত প্রতিপন্ন হৈছে যে দৈনিক খাদ্যৰ লগত যিকোনাে প্রকাৰে আদা অন্তর্ভুক্ত কৰি আমি কৰ্কট ৰােগৰ পৰা পৰিত্রান পাব পাৰাে। স্তনৰ কৰ্কট ৰােগৰ ক্ষেত্ৰত আদা খালে টিউমাৰৰ বৃদ্ধি ৰুদ্ধ হয়। সদ্যহতে এটা কথা নিশ্চিতভাৱে ক'ব পাৰি যে আদাত কর্কট প্রতিৰোধী চমকপ্রদ গুণ আছে।

English Summary: important facts of Ginger in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.