1. স্বাস্হ্য আৰু জীৱন

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এই কেইবিধ খাদ্যই ক্ষীপ্র গতিত বৃদ্ধি কৰিব পাৰে (this foods can boost your immunity quickly)

KJ Staff
KJ Staff
Cashew nut
Cashew nut

   যি লোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি; তেঁওলোকৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ পৰা সোনকালে আৰোগ্য কৰি তুলিব পাৰে। আনহাতে যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম আছে সেইসকল লোকে বেমাৰ আজাৰৰ পৰা আৰোগ্য হ’বলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হোৱাৰ লগতে বহুত সময়ৰো প্ৰয়োজন হয়৷

   সাধাৰণতে দেহৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয় প্ৰটিন, ভিটামিন C, D, জিংক আদি তত্ত্বৰ পৰা৷

 কিন্তু মনত ৰাখিব আমি নিজেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰো। ইয়াৰ বাবে আমি শৰীৰৰ যত্ন লোৱাৰ উপৰিও খাদ্যভাসত বিশেষ গুৰুত্ব দিব লাগিব৷ সেয়েহে আজি এই প্রৱন্ধত মই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰো, তাৰ বাবে সহজতে অৱলম্বন কৰিব পৰা বিশেষ উপায়ৰ বিষয়ে আলোচনা কৰিম।  

আৰু পঢ়ক- গুটিকালাম কেনেদৰে কৰিব লাগে? ইয়াৰ লাভালাভবোৰ কি কি (Effective Way to grafting fruits Trees)

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ দৈনিক ৮ ঘণ্টাৰ টোপনি খুবেই প্ৰয়োজন। টোপনি গৈ থকা সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰৰ বিভিন্ন সমস্যাসমূহৰ লগত সক্ৰিয়তাৰে যুঁজি কাম কৰি থাকে লগতে আমি খোৱা খাদ্যসমূহ হজম হ’বলৈও টোপনি গৈ থাকোতে অলপ বেছি সময়ৰ প্ৰয়োজন হয়৷ গতিকে আমি সদায় অতিকমেও ৭ ঘণ্টাৰ পৰা ৮ ঘণ্টা টোপনি যোৱাটো অতি আৱশ্যক।

২) কেঁচা ফলমূল আৰু সেউজীয়া শাক পাচলি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি প্রয়োজন। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিলে পোষক তত্ত্বৰে পৰিপূৰ্ণ আহাৰ গ্রহণ কৰা প্ৰয়োজন৷ কেঁচা ফলমূল আৰু সেউজীয়া শাক পাচলিত যথেষ্ট পৰিমাণৰ এণ্টি অক্সিডেণ্ট পোৱা যায়৷ যি আমাৰ শৰীৰৰ পাচন প্ৰক্ৰিয়া সূচাৰু ৰূপে পৰিচালনা কৰাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷

৩) অধিক পানী খাওঁক

মনত ৰাখিব শৰীৰত পানীৰ পৰিমাণ কমি গ’লে কিডনিত বিৰূপ প্ৰভাৱ পৰে যাৰ ফলত বিভিন্ন ৰোগ হ’ব পাৰে। সেয়েহে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ আমি হাইড্ৰট হৈ থকাটো খুবেই জৰুৰী আৰু হাইড্ৰট হৈ থাকিবলৈ হ’লে দিনটোত সময়ে সময়ে প্রযোজন অনুভৱ কৰিলেই পানী খাব লাগে। 

৪) স্বাস্থ্যসন্মত ফেট সেৱন কৰাটো ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজন

   ফেট থকা বিভিন্ন আহাৰ যেনে- এভকাডো, কাজু বাদাম, তেল, আদিৰ সীমিত পৰিমাণে সেৱন কৰিব লাগে৷ ইয়াৰ উপৰি খাদ্যত অলিভ অইলৰ ব্যৱহাৰ কৰিব লাগে৷ অলিভ অইলত যথেষ্ট পৰিমাণে anti- tinflammatory থাকে যি শৰীৰৰ অনিষ্টকাৰী বেক্টেৰিয়া আৰু ভাইৰাছৰ লগত যুঁজি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

৫) মানসিক কষ্ট পোৱা চিন্তাধাৰা পৰিহাৰ কৰক

ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ হৈ থাকিবলৈ আমি মানসিকভাৱেও সুস্থ আৰু সবল হৈ থকাটো নিতান্ত প্রয়োজন৷ ঋনাত্মক চিন্তাধাৰাক মনৰ পৰা পৰিহাৰ কৰিবলৈ আজৰি সময়ত শাৰিৰীক ব্যায়াম, যোগ, খেল আদি কৰিব পাৰে।

আনৰ সুবিধাৰ্থে লেখনিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷

আৰু পঢ়ক- আপোনাৰ ঘৰৰ নাৰিকল জোপাত ফল নধৰে নেকি বা ধৰিলেও সৰি যায়? তেনেহ'লে অৱলম্বন কৰক এইটো উপায় (Fish Amino Acid is a Good Fertilizer for Coconut Tree)

 

English Summary: this foods can boost your immunity quickly

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.