1. স্বাস্হ্য আৰু জীৱন

চকুৰ দৃষ্টি শক্তিৰ বাবে নিতৌ এটাকৈ খাওক এই ফল

KJ Staff
KJ Staff

শীতকাল অহাৰ লগে লগে ৰ’দকাচলিত বহি নিমখ লগাই আমলখি খােৱাৰ এক সুকীয়া আমেজ অসমীয়া গাঁওলীয়া সমাজত আছে। আমলখি হৈছে সকলােৰে ঘৰত সহজতে উপলব্ধ তথা ল’ৰাৰপৰা বুঢ়ালৈকে সকলােৰে প্রিয়আৰু পুষ্টিকৰ এবিধ ফল। ইয়াত  চাৰিটা নেমুৰ সমান পােষক গুণাগুণ আৰু ৩০ টা কমলাৰ সমান ভিটামিন C আছে বুলি বিশেষজ্ঞই দাবী কৰে। আমলখি  মানৱ সমাজৰ কাৰণে প্ৰকৃতিৰ এক বৰদানস্বৰূপ। কিয়নাে ই আয়ুবর্ধক, বুদ্ধিবর্ধক, বলবর্ধক আৰু ৰােগনাশক। হয়তাে আমলখিয়েই এনে এবিধ ফল যাক যিকোনাে ৰূপত খালেও ইয়াৰ গুণাগুণ কমি নাযায়।

আমলখি বিভিন্ন আয়ুর্বেদিক ঔষধ, ত্রিফলাচূর্ণ, বিবিধ তেল, আচাৰ আদি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। আমলখিৰ বিশেষ গুণাগুণ তথা প্রয়ােগসমূহ তলত উল্লেখ কৰা হ’ল ---

১) আমলখিত এটা কণীৰ সমান বল থাকে। ইয়াত ভগা হাড় যােৰা লগাবপৰা বিশেষ গুণাগুণ থাকে। আমলখিয়ে মস্তিস্কৰ বৃদ্ধিত সহায় কৰে।

২) উচ্চ ৰক্তচাপৰ বাবে আমলখি অতিকে উপযােগী। লিভাৰৰ সমস্যা থকা লােকৰ বাবে ই এক মহৌষধ।

৩) যিসকল ব্যক্তিৰ নাকৰপৰা তেজ ওলাই, তেওঁলােকে শুকান আমলখি কিছুসময় পানীত তিয়াই থৈ সেই পানীৰে মূৰ ধােৱা উচিত। ইয়াৰােপৰি আমলখিৰ মূৰাৰ্বা খােৱাৰ উপৰিও আমলখিৰ ৰসনাকত লগাব পাৰে।

৪) মধুমেহ ৰােগীসকলে আমলখিৰ ৰস মৌ ৰসৰ সৈতে সেৱন কৰিলে উপশম পাব।

৫) চকুৰ দৃষ্টি শক্তিৰ বাবেও আমলখিৰ ৰস খােৱা উচিত।

৬) চুলিৰ বিভিন্ন সমস্যা যেনে চুলি পকা, চুলি সৰা, চুলিত উফি হােৱা ইত্যাদি ৰােগৰ বাবে আমলখি অতিকে উত্তম।

৭) আমলখিৰ চুর্ণ এৰাতি পানীত তিয়াই পুৱা সেৱন কৰিলে পেট পৰিস্কাৰ হয়। ইয়াৰদ্বাৰা পাচন শক্তি বাঢ়ে। তদুপৰি এটা দুটা আমলখিৰ সজীৱ ৰস সমান মাত্ৰাত পাঁচ দিনলৈ পুৱা সেৱন কৰিলে পেটৰ কৃমিনাশ হয়।

৮) সুস্বাস্থ্যৰে থাকিবলৈ হ'লে নিতৌ সজীৱ আমলখিৰ ৰসৰ লগত মৌৰস সেৱন কৰিব পাৰিলে ভাল। আৰু তেনেকৈ খােৱাৰ লগে লগেই এগিলাছ গাখীৰ সেৱন কৰিব পাৰে। ইয়াৰ ফলত শৰীৰত নতুন শক্তি তথা চেতনাৰ সঞ্চাৰ হয়।

English Summary: amla can be increase our eye power

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.