1. স্বাস্হ্য আৰু জীৱন

আপুনি মেথিশাক খায় নেকি? তেন্তে আজিয়েই গ্রহণ কৰক এই ব্যৱস্থা

KJ Staff
KJ Staff
Benefits of Methi
Benefits of Methi

আপুনি মেথিশাক খায় নেকি? তেন্তে আজিয়েই গ্রহণ কৰক এই ব্যৱস্থা

শীতকাল আৰম্ভ হােৱাৰ লগে লগে বজাৰত সেউজীয়া শাক যথেষ্ট পৰিমাণে উপলব্ধ হয়। লাই, পালেং, সৰিয়হশাক, মেথি শাকেৰে বজাৰ এই সময়ত ভৰি থাকে। সেউজীয়া শাক স্বাস্থ্যৰ বাবে বৰদানস্বরূপ। ইয়াৰ ভিতৰত মেথি শাক হৈছে সকলােতকৈ উপকাৰী। ঔষধীয় গুণেৰে ভৰপুৰ এই শাক। অর্থাৎ মেথি শাকে বিভিন্ন ধৰণৰ ৰােগৰ পৰা আমাৰ শৰীৰটোকৰক্ষা কৰি থাকে। যেনে

১) পােষকতত্ত্ব-সেউজীয়া মেথিশাকত বিভিন্ন ধৰণৰ পােষক তত্ত্ব পােৱা যায়। ইয়াত মেগনেচিয়াম, ভিটামিন বি - ৬ আদি প্রচুর পৰিমাণে পােৱা যায়।

২)কলেষ্টৰেল-নিয়মিতভাৱে মেথিশাক সেৱনে কলেষ্টৰেলৰ মাত্রা যথেষ্টভাৱে কম কৰি ৰাখে। ইয়াত লিপ’প্রটিন নামৰ পদার্থবিধ অধিক পৰিমাণে থাকে যি কলেষ্টৰেল কমােৱাত সহায় কৰে।

৩) বিষৰ উপম - মেথিশাকে শৰীৰত হােৱা বিষ দূৰ কৰাত সহায় কৰে। গাঁঠিৰ বিষৰ বাবেইযথেষ্টউপকাৰী।

৪) পাচকতন্ত্র মজবুত কৰাত সহায় কৰে- মেথিশাক পাচকতন্ত্রৰ বাবে বিশেষ উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত ফাইবাৰ আৰু এন্টিঅক্সাইড থকাৰ বাবে শৰীৰৰ বিহযুক্ত পদার্থ সমূহ বাহিৰ কৰি পাচনতন্ত্ৰটো সঠিক ৰূপত ৰখাত ই যথেষ্ট সহায় কৰে।

৫) হৃদযন্ত্র সঠিক ৰূপত ৰাখে - মেথি শাকত গেলেক্টমনেনন নামৰ এবিধ পদার্থ থাকে যিয়ে হৃদযন্ত্রক মজবুত কৰি ৰাখে।

৬) মধুমেহ ৰােগীৰ বাবে ই বৰদানস্বৰূপ। যিসকলকে মধুমেহ বা ডায়বেটিছ ৰােগত আক্রান্ত ৰোগী তেওঁলােকে মেথিশাক খােৱাটো অতি আৱশ্যক। কিয়নাে ই পাচনৰ বাবে ইচুলিনৰ মাত্রা বঢ়াই তােলে।

English Summary: know the six impressive health benefits of methi

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.