1. Government Schemes

কে চি চি লোন কি? কৃষকে ইয়াৰ অধীনত কেনেদৰে ঋণ পাব পাৰে, জানক সকলো

KJ Staff
KJ Staff
Kisan Credit Card
Kisan Credit Card

কেন্দ্রীয় চৰকাৰৰ কিষাণ ক্ৰেডিট কাৰ্ড হৈছে কৃষি উৎপাদনৰ বাবে প্ৰয়োজনীয় আৰ্থিক সুবিধা সহজলভ্য আৰু সময়োচিতভাৱে কৃষকলৈ আগবঢ়োৱা এবিধ অতি ফলদায়ক আঁচনি।

ভাৰতৰ কৃষকসকলক হ্ৰস্বম্যাদী ঋণ প্ৰদান কৰাৰ উদ্দেশ্যৰে কিষাণ ক্ৰেডিট কাৰ্ড (KCC) আঁচনি আৰম্ভ কৰা হৈছিল। কৃষকসকলে তেওঁলোকৰ কৃষিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কম সূতৰ হাৰত ঋণ লাভ কৰিব পাৰে। ইয়াৰ বাবে কৃষকসকলে যাতে আঁচনিখনৰ বিষয়ে সহজে বুজি উঠে আৰু সম্পূর্ণ লাভালাভ পাবলৈ সক্ষম হয়, তাৰবাবে চৰকাৰে আবেদন প্ৰক্ৰিয়াটো অতি সৰল কৰি দিছে।

কৃষি ঋণপত্ৰ(KCC)ৰ লক্ষ্য আৰু উদ্দেশ্য কি?

ক)খেতি কৰিবলৈ আৰ্থিক প্ৰয়োজনীয়তা পূৰাবৰ বাবে খেতিয়কক হ্ৰস্বকালীন ঋণ দান।

খ)শস্য চপোৱাৰ পৰৱৰ্ত্তী খৰছৰ যোগান।

গ)উৎপাদিত শস্য বাণিজ্যিকীকৰণৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু অৰ্থ-সাহায্য।

ঘ)কৃষকৰ ঘৰুৱা ব্যয় মোকাবিলা।

ঙ)কৃষি পামৰ সম্পদৰ ৰক্ষণাবেক্ষণ,কৃষিৰ আনুষঙ্গিক কাৰ্য তথা পশুপালন,মৎস পালন আদিৰ বাবে প্ৰয়োজনীয় পুঁজিৰ (Working Fund)যোগান।

চ)কৃষি আৰু কৃষিৰ আনুষঙ্গিক পাম্পচেট,স্প্ৰেয়াৰ,দুগ্ধপাম আদিত বিনিয়োগৰ বাবে অৰ্থ যোগান।

কৃষি ঋণপত্ৰ(KCC) লাভ কৰাৰ যোগ্যতা কি?

ক)কৃষি ভূমিৰ গৰাকী সকলো কৃষক একক অথবা যৌথ হিতাধিকাৰী।

খ)ৰায়ত কৃষক,মৌখিক চুক্তিকাৰী আৰু আধিয়াৰ অথবা অংশীদাৰী কৃষক।

গ)আত্মসহায়ক গোট অথবা যৌথ দায়বদ্ধ কৃষক দলৰ লগতে মৌখিক চুক্তিকাৰী আৰু আধিয়াৰ অথবা অংশীদাৰী কৃষক।

কৃষি ঋণপত্ৰৰ সুবিধাসমূহ:

ক)সহজ বিতৰণ প্ৰণালী।

খ)নগদ আৰু দ্ৰব্যৰ ক্ষেত্ৰত শিথিল নিয়মাৱলী।

গ)প্ৰতিবিধ শস্যৰ বাবদ প্ৰতিবাৰে ঋণৰ বাবে আবেদনৰ প্ৰয়োজন নাই।

ঘ)নূন্যতম সুদৰ হাৰত যিকোনো বতৰৰ বাবে কৃষকলৈ এই ঋণ মঞ্জুৰীৰ নিশ্চয়তা।

ঙ)কৃষকৰ পছন্দ আৰু সুবিধা অনুযায়ী বীজ,সাৰ আদি ক্ৰয়ৰ ক্ষেত্ৰত সহায়।

চ)এই ঋণৰ ম্যাদ পাঁচ বছৰ।প্ৰতিটো বছৰৰ বাবে ঋণ আবেদনৰ প্ৰয়োজন নাই।

ছ)কৃষি আয়ৰ ওপৰত নিৰ্ভৰ কৰি বৰ্দ্ধিত ঋণৰ সীমা নিৰ্দ্ধাৰণ হয়।

জ)কৃষি ঋণৰ ওপৰত প্ৰযোজ্য নিম্নতম সুদৰ হাৰ।

ঝ)সুদৰ ক্ষেত্ৰত ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ সাহায্য।

ঞ)প্ৰাকৃতিক দুৰ্যোগৰ বাবে শস্য বীমাৰ আঁচনি।

ট)ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ শস্য বীমাৰ ক্ষেত্ৰত 10% ৰেহাই।

কৃষি ঋণপত্ৰ ধাৰীৰ বাবে দুৰ্ঘটনা বীমা আঁচনিৰ সুবিধা:

এই আঁচনিৰ দ্বাৰা কৃষি ঋণপত্ৰ ধাৰীৰ মৃত্যু বা দুৰ্ঘটনাৰ ফলত অক্ষম ব্যক্তিক নিম্নোক্ত সুবিধা দিয়া হয়-

ক)দুৰ্ঘটনাজনিত মৃত্যুত(দুৰ্ঘটনাৰ 12 মাহৰ ভিতৰত) বীমাৰ ধন প্ৰাপ্তি।

খ)স্থায়ীভাৱে অক্ষম হোৱা লোকৰ বাবে নগদ 50,000.00 টকা সাহায্য।

গ)দুটা অংগ বা দুটা চকু নাইবা এটা অংগ আৰু এটা চকু ক্ষতি হ’লে নগদ 50,000.00 টকা সাহায্য।

ঘ)এটা অংগ বা এটা চকু হেৰুৱালে নগদ 25,000.00 টকা সাহায্য।

ঙ)এই আঁচনিৰ বীমা কিস্তি বছৰি 15.00 টকা আৰু পাঁচ বছৰৰ বাবে মুঠ 75.00 টকা আদায় দিব লাগে।

এই ঋণ পৰিশোধ পদ্ধতি:

ক)হ্ৰস্বম্যাদী ঋণৰ ক্ষেত্ৰত প্ৰতিবাৰ উঠোৱা(Withdraw) ধন 12 মাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব।

খ)বিনিয়োগ ঋণৰ বাবে(Investment Credit) বাহাল থকা নীতি-নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি ম্যাদী আৰু অংশ 5 বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগে।

গ)বিনিয়োগৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি পৰিশোধৰ সময়সীমা দীঘলীয়া হ’ব পাৰে।

কৃষি ঋণপত্ৰৰ বন্ধকী:

এই ঋণৰ পৰিমাণ 50,000.00 টকাৰ অধিক হ’লে মাটি অথবা স্থাৱৰ/অস্থাৱৰ সম্পত্তি বন্ধকী ৰাখিব লাগে।

কৃষি ঋণপত্ৰ(KCC) আঁচনিৰ জৰিয়তে ঋণৰ সুবিধা ক’ত পোৱা যায়?

এই আঁচনিৰ জৰিয়তে ঋণৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে নিকটৱৰ্তী সমবায় সমিতি অথবা যিকোনো ৰাষ্ট্রীয়কৃত বেংকৰ শাখা পৰিচালকক লগ ধৰি নিৰ্দিষ্ট আবেদন পত্ৰ পূৰণ কৰি দিলেই অৰি সহজে ঋণ লাভ কৰিব পৰা যায়।

English Summary: What is kcc how farmer can get loan under this

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.