Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 December, 2021 12:20 PM IST

নিবনুৱা বুলিলে সাধাৰণতে সেইসকলক বুজায়, যিসকল সমাজৰ ধৰণী হ’বলৈ, সৎ আৰু দক্ষ নাগৰিক হ’বলৈ উদ্দীপ্ত মনেৰে, উদ্দাম কণ্ঠেৰে, সতেজ মনোভাবেৰে, কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িব খুজিছে, অথচ কোনো দিশৰ পৰা সফল হ’ব পৰা নাই। তেওঁলোক সকলো ফালৰ পৰা বিচলিত হৈছে, অন্তৰ্দহনত ভুগিছে আৰু অৱশেষত ভাগি পৰিছে আৰু গোটেই পৃথিৱীখন তেওঁলোকৰ বাবে শূন্য হৈ পৰিছে। বিশ্ব বিধাতাৰ মহা কাৰখানা এই বিশাল পৃথিৱীত বিস্ময়কৰ আৱিৰ্ভাৱৰ মূলতে হ’ল মানৱ সমাজৰ কঠোৰ শ্ৰম। মানুহৰ ভাগ্য প্ৰত্যেকৰে মাজত থকা সুপ্ত প্ৰতিভা ফুলৰ দৰে পৃথিৱীত বিকশিত হৈছে কঠোৰ শ্ৰমৰ মাজেৰে। পৰিশ্ৰম অবিহনে পৃথিৱীৰ কোনো কামেই সম্পাদিত হ’ব নোৱাৰে। তেনেহ’লে আজিৰ যুৱ সমাজক শ্ৰম কৰি স্বাৱলম্বী হ’বলৈ কিয় আমি পথ দেখুৱাব নোৱাৰোঁ। নিশ্চয় পাৰো। প্ৰসংগক্ৰমে যোৰহাট মেলেঙৰ এজন কৃষিকৰ্মীয়ে ৮ বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰি মাহে ৪ লাখ টকা উপাৰ্জন কৰিছে। (দ্ৰষ্টব্যঃ দৈনিক অগ্ৰদূত, ২৪-০৬-২০১৭, পৃষ্ঠা ৬)। ই জানো আমাৰ বাবে আদৰ্শ নহয়। কৃষিকৰ্মক জীৱিকা হিচাপে গ্ৰহণ কৰি নিজে স্বাৱলম্বী, স্ব-নিয়োজিত হোৱাৰ উপৰি দেশৰ অৰ্থনীতিত তেওঁলোকে অৰিহণা যোগাব পাৰিব।

মানৱ সমাজৰ মাজত প্ৰ’টিনযুক্ত খাদ্যৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে। আনহাতে প্ৰাকৃতিক উৎসৰ অতিমাত্ৰা ধ্বংসযজ্ঞৰে এই খাদ্যৰ প্ৰাচুৰ্যতা কমি আহিছে। যিহেতু সহজলভ্য প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত মাছ অন্যতম। মীন সম্পদৰ সম্ভাৱনীয়তা, প্ৰাচুৰ্যতা, চাহিদা, নতুন নতুন প্ৰযুক্তিবিদ্যা উদ্ভাৱন আৰু অৰ্থনৈতিক লাভালাভলৈ লক্ষ্য কৰিলে দেখা যায় যে মীনপালনৰ পৰা নতুন প্ৰজন্ম যথেষ্ট উপকৃত হ’ব পাৰিব আৰু চাকৰিমুখী নহৈ কঠোৰ পৰিশ্ৰমেৰে নিজৰ ভৰিত নিজে থিয় দি নিজৰ ভাগ্য নিজে নিৰ্মাণ কৰি স্বাৱলম্বী হ’ব পাৰিব আৰু লগে লগে নিবনুৱা সমস্যাও বহুলাংশে হ্ৰাস পাব।

বৰ্তমান অসমত মীন উদ্যোগ গঢ়াৰ বাবে বিভাগ, চৰকাৰ আদিৰ পৰা যথেষ্ট আঁচনি ৰূপায়ণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। কেউফালে নীল বিপ্লৱ সূচনা কৰাৰ কথা কোৱা হৈছে। ঘৰে ঘৰে মাছৰ কথা কোৱা হৈছে। বি এছ এফ মানে বৰ্ডাৰ ছিকিউৰিটী ফৰ্চৰ পৰিৱৰ্তে গুণগত ব্ৰিড, ছিড আৰু ফিডৰ কথা কোৱা হৈছে। সেয়েহে আজি যুৱপ্ৰজন্মক মীনপালন কৰি এটি জাকত-জিলিকা উদাহৰণ হ’বলৈ আহ্বান জনাওঁ। তেনেহ’লে আমি চাওঁচোন মাছ পালনৰ বাবে কেনেদৰে আগবাঢ়িব লাগিব।

ওপৰত উল্লেখ কৰা হৈছে যে মীনপালনৰ বাবে বিভাগে যথেষ্ট আঁচনি আগবঢ়াইছে। প্ৰথমে আমি আঁচনিসমূহলৈ চকু ফুৰাও।

    • উচ্চ গুণগত মানবিশিষ্ট, নিৰোগী মাছপোনা আৰু মাছৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে মীন পোনা উৎপাদন পাম।
    • ব্যক্তিগত আৰু ৰাজহুৱা পুখুৰী উন্নয়ন আঁচনি।
    • অধিক উপাৰ্জনৰ বাবে মাছ পালনৰ লগতে হাঁহ, কুকুৰা, গাহৰি আৰু উদ্যান শস্যৰ সমন্বিত পালন।
    • স্থানীয় দুখীয়া ৰাইজৰ দ্বাৰা কৃষিৰ বাবে অনুপযোগী এনেয়ে পৰি থকা দ’, সেমেকা, পিটনি আৰু পতিত জলাশয়সমূহ উন্নয়ন কৰি মাছ পালন কৰা।
    • মীন পালকসকলক কাৰিকৰী জ্ঞান দিবৰ বাবে মীন প্ৰশিক্ষণ কেন্দ্ৰত মাছ পালনৰ প্ৰশিক্ষণৰ ব্যৱস্থা।
    • মাছৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ভ্ৰাম্যমাণ গৱেষণাগাৰ।
    • মীন পালকসকলক আৰ্থিক সাহায্য, কাৰিকৰী জ্ঞান, প্ৰশিক্ষণ আৰু বেংকৰ পৰা ঋণৰ ব্যৱস্থা কৰি দিয়াৰ বাবে মীন পালক উন্নয়ন সংস্থা।
  • মাছ উৎপাদনৰ বাবে গুণগত খাদ্যৰ যোগান ধৰিবলৈ মাছৰ খাদ্য বনোৱা ঘৰ।
  • বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দ্বাৰা মীন মহল জৰীপ আৰু পৰিসংখ্যা সংগ্ৰহ।
  • বিভাগীয় বিষয়া-কৰ্মচাৰীক কাৰিকৰী শিক্ষা দিয়াৰ বাবে ৰাজ্যৰ বাহিৰে-ভিতৰে প্ৰশিক্ষণৰ ব্যৱস্থা।
  • দাৰিদ্ৰ সীমাৰেখাৰ তলৰ মীন পালকসকলক কম খৰচত ঘৰ, দমকল আদিৰ সাহায্য দিয়াৰ বাবে ৰাষ্ট্ৰীয় কল্যাণ নিধি আঁচনি।
  • পৰম্পৰাগত পদ্ধতিতকৈ অধিক মাছ উৎপাদনৰ বাবে বিল, মীন মহল উন্নয়ন।

ইয়াৰ উপৰি বৰ্তমান চৰকাৰৰ তৎপৰতাত ক্ষিপ্ৰভাৱে চলি থকা নীল বিপ্লৱৰ অধীনত আঁচনিসমূহ হৈছে-

 

  • নতুন পুখুৰী খনন (ব্যক্তিগত আৰু চৰকাৰী)।
  • পুৰণা পুখুৰী মেৰামতি (ব্যক্তিগত আৰু চৰকাৰী)।
  • মাছৰ পোনা উৎপাদন কৰা হেচ্ছাৰী (ব্যক্তিগত আৰু ৰাজহুৱা)।
  • মাছৰ পোনা প্ৰতিপালন পুখুৰী (ব্যক্তিগত আৰু ৰাজহুৱা)।
  • মাছৰ সুষম আহাৰ যোগানৰ বাবে কলঘৰ নিৰ্মাণ (ব্যক্তিগত)।
  • সজা আৰু আৱেষ্টনী পদ্ধতিত বিল বা প্ৰাকৃতিক জলাশয়ত মাছ পালন।
  • বিল বা প্ৰাকৃতিক জলাশয়ত ৰৌ, বাহু, মিৰিকা মাছৰ পোনা মেলা কাৰ্যসূচী।
  • গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF)ৰ অধীনত নতুন পুখুৰী খনন, মেৰামতি আদিৰ বৰ্তমান জৰীপ চলি আছে।

                                         ড প্ৰশান্ত মাধৱ গোস্বামী, মীন সম্প্ৰসাৰণ বিষয়া,(উৎসঃ নিয়মীয়া বাৰ্তা,)

English Summary: Schemes for the fish farmers
Published on: 05 July 2019, 05:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now