Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 December, 2021 12:20 PM IST

    প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ২০১৬-২০ কালছোৱাৰ বাবে নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি ‘সম্পদা’ৰ অধীনত খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ আঁচনিসমূহৰ পুনৰ গঠনত অনুমোদন জনাইছে। সম্পদা আঁচনিখনৰ বাবে ৬ হাজাৰ কোটি টকা আবন্টন কৰা হৈছে আৰু ই ৩১,৪০০ কোটি টকাৰ বিনিয়োগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত দেশখনৰ ২০ লাখ খেতিয়ক উপকৃত হ’ব আৰু ২০১৯-২০ বৰ্ষৰ ভিতৰত ৫,৩০,৫০০ পোনপটীয়া/আওপকীয়া নিয়োগ সৃষ্টি হ’ব দেশখনত।

সম্পদা আঁচনিখনৰ উদ্দেশ্য হ’ল কৃষি খণ্ডলৈ পৰিপূৰক সহায় আগবঢ়োৱা, সংসাধন ব্যৱস্থাৰ আধুনিকীকৰণ কৰা আৰু কৃষিজাত আৱৰ্জনা হ্ৰাস কৰা। সম্পদা হ’ল মেগা ফুড পাৰ্ক, সংহত শীতলীকৰণ শৃংখল আৰু মূল্য সংযোজিত আন্তঃগাঁথনি, খাদ্য সুৰক্ষা তথা মান নিশ্চিত আন্তঃগাঁথনিৰ দৰে বিভিন্ন মন্ত্ৰালয়ৰ চলিত আঁচনিসমূহ আৰু লগতে কৃষি সংসাধন গোটসমূহৰ আন্তঃগাঁথনি, অগ্ৰৱৰ্তী আৰু পাৰ্শ্বৱৰ্তী সংযোগ সৃষ্টি, খাদ্য সংসাধন তথা সংৰক্ষণ সক্ষমতাৰ দৰে নতুন আঁচনিসমূহৰো এক উমৈহতীয়া আঁচনি।

  দেশখনত খাদ্য সংসাধন তথা সংৰক্ষণ খণ্ডলৈ এক নৱীকৃত উৎসাহ বৃদ্ধিৰ বাবে এটা সানগ্ৰিক পেকেজ হিচাপে যুগুত কৰা হৈছে এই সম্পদা আঁচনিখন। ইয়াৰ জৰিয়তে আধুনিক আন্তঃগাঁথনি উন্নীত কৰি উদ্যোগীসকলক দলীয় ভিত্তিত খাদ্য সংসাধন গোট স্থাপন কৰাত উৎসাহ যোগাবলৈ বিচৰা হৈছে।

সম্পদা আঁচনিখনৰ ৰূপায়ণৰ জৰিয়তে আধুনিক আন্তঃগাঁথনি গঢ়ি উৎপাদনস্থলীৰ পৰা খুচুৰা ব্যৱসায়ীলৈকে এক সুদক্ষ যোগান শৃংখল গঢ়ি উঠিব। ই কেৱল দেশখনৰ খাদ্য সংসাধন খণ্ডটোৰ বিকাশৰ ক্ষেত্ৰতে বিশেষ সুবিধা আগবঢ়াব, তদুপৰি ই খেতিয়কসকলে যাতে উচিত মূল্য লাভ কৰিব পাৰে আৰু তেওঁলোকৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পাৰে, তাৰ বাবেও ব্যৱস্থা ল’ব। ই বিশেষকৈ গ্ৰাম্য এলেকাত ব্যাপক নিয়োগ সুবিধাৰ সৃষ্টি কৰিব।

ই কৃষি উৎপাদনৰ অপচয় হ্ৰাস, সংসাধন স্তৰৰ বৰ্ধন, গ্ৰাহকসকললৈ ব্যয় সাধ্য দৰত সুৰক্ষিত আৰু সুবিধাজনক সংসাধিত খাদ্যৰ পৰ্যাপ্ততা গঢ়াত সহায় কৰিব। তদুপৰি প্ৰসাধিত খাদ্যৰ ৰপ্তানিতো ই সহায় কৰিব।

                                                                                                                                উৎস: ৰাইজৰ বাতৰি

English Summary: Sampada Yojana
Published on: 08 July 2019, 03:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now