ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা একাদশ পৰিকল্পনাৰ সময়চোৱাত কৃষি ক্ষেত্রত বার্ষিক ৪ শতাংশ বৃদ্ধিৰ আশা কৰে, ফলত কৃষি আৰু আনুসংগিক বিভাগবোৰৰ উন্নতি সাধন কৰে।
পৰিকল্পনাটোৰ উদ্দেশ্য
- কৃষি আৰু আনুসংগিক ক্ষেত্রত ৰাজ্যৰ বিনিয়োগক উত্সাহ দিয়া।
- কৃষি পৰিকল্পনাৰ লগতে তাৰ বাস্তবায়নৰ ক্ষেত্রত স্বায়ত্ব শাসন আৰু নমনীয়তা প্রদান কৰা।
- ৰাজ্য আৰু জিলাৰ ক্ষেত্রত কৃষি পৰিকল্পনাক তৈয়াৰ কৰা আৰু নিশ্চয়তা প্রদান কৰা।
- গুৰূত্বপূর্ণ শষ্যৰ ক্ষেত্রত একাধিক উত্পাদিত শষ্যৰ মাজত দুৰত্ব কমাই লক্ষ্য পাবগৈ লাগে।
- খেতিয়কসকলক সর্বাধিক লাভ দিব লাগে।
- কৃষি আৰু তাৰ লগত সম্পর্কীয় আন আন ভাগবিলাগক একেটা সুত্রত সদায় বান্ধিলৈহে আলোচনা কৰিব লাগে।
ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ প্রাথমিক বিষয়সমূহ
- এইটো ৰাজ্যৰ এটা আঁচনি
- ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাত অর্ন্তভূক্তি হবলৈ হ’লে ৰাজ্যক পৰিকল্পনাৰ খৰচ যেনে কৃষি তাৰ লগত যুক্ত থকা আন আন খৰচ জাৰি ৰাখিব লাগিব বা আগবঢ়াব লাগিব।
- বুনিয়াদী খৰচৰ সীমাটো ঠিক কৰা হয় তিনি বছৰত ৰাজ্য চৰকাৰৰ গঢ় খৰচৰ ঠিক আগৰ বছৰৰ ওপৰত নির্ভৰ কৰি।
- জিলা আৰু ৰাজ্য কৃষি পৰিকল্পনা তৈয়াৰী কৰাটো বাধ্যতামূলক।
- এই আঁচনিখন অন্যান্য পৰিকল্পনা সৈতে যেনে NREGS ৰ সৈতে অভিসৰণক উত্সাহিত কৰে।
- ধনৰাশি দিয়াৰ ধৰণটো হ’ল ১০০ শতাংশ চৰকাৰী সাহায্য প্রাপ্ত৷
- যদিহে ৰাজ্যখনে মিতব্যায়িতাৰ অর্ন্তভুক্তিহৈ পৰৱর্তী বছৰ কেইটাত তাৰ খৰচ কমাই দিয়ে, আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ পৰা বাহিৰ হৈ যায়, তেতিয়া প্রজেক্টটো সম্পূর্ণ কৰিবলৈ বাকী থকা কামখিনিৰ বাবে ৰাজ্যক দায়িত্ব দিব লাগিব।
- এইটো এটা উদ্দীপনামূলক আঁচনি, গতিকে বন্টনব্যৱস্থা খিনি নিজাকৈ নহয়।
- এইটো কৃষি আৰু লগতে আন আন বিভাগবিলাকক বৃহত্ভাবে সম্পূর্ণ ৰূপ দিয়ে।
- এইটোৱে ৰাজ্যটোক অধিক মাত্রাৰ নমনীয়তা প্রদান কৰে।
- সঠিক সময় মানি কাম কৰা প্রজেক্টবিলাকক উত্সাহ প্রদান কৰা হয়।
বাজেটৰ বন্টনব্যৱস্থা
- একাদশ পঞ্চম বার্ষিক পৰিকল্পনাত ২৫,০০০ কোটি টকাৰ সম্পূর্ণ বিনিয়োগ
- উত্স; আইএনডিজি গোট।
English Summary: Rashtriya Krishi Vikas Yojana
Published on: 14 May 2019, 05:27 IST