Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 December, 2021 12:20 PM IST

ভাৰতবৰ্ষৰ সৰ্বমুঠ ১৪১ নিযুত হেক্টৰ অঞ্চলৰ ভিতৰত ৬৫ নিযুত হেক্টৰ অঞ্চল বীজ সিচাৰ উদ্দেশ্যে জলসিঞ্চন বিভাগে সামৰি লৈছে| অসাৰুৱা অঞ্চলত খেতি কৰাটো অতি সংকটমুলক লগতে নিম্ন উৎপাদনশীল বৃত্তি কিয়নো ই বুজন পৰিমাণে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে| সুনিশ্চিত বা সুৰক্ষিত জলসিঞ্চন প্ৰক্ৰিয়াৰ জৰিয়তে খেতিয়ক সকলক কৃষিকৰ্ম পদ্ধতি সমুহত নিয়োগ কৰা আৰু উৎসবোৰৰ জৰিয়তে উৎপাদনবোৰ বৃদ্ধি কৰি উৎপাদনৰ আয় বৃদ্ধিৰ জৰিয়তে উৎসাহিত কৰাৰ কথা ধাৰণামুলক তথ্য সমুহে সদৰি কৰে|

PMKSY ৰ মুল উদ্দেশ্যে হ’ল দেশৰ কৃষিপামলৈ সুৰক্ষাকাৰী জলসিঞ্চন প্ৰক্ৰিয়াৰ পৰিসৰ ঘটোৱা, প্ৰতিটোপাল পানীৰ বিনিময়ত অধিক শস্যৰ উৎপাদন নিশ্চিত কৰা, আৰু এনেধৰণে আকাংশিত গ্ৰাম্য সমৃদ্ধি কঢ়িয়াই অনাটো সম্ভৱ হ’ব|

উদ্দেশ্যে-প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন আচঁনি(PMKSY) ৰ মুল উদ্দেশ্যে হ’ল-

  • কাৰ্মক্ষেত্ৰত (জিলাভিত্তিত প্ৰস্তুতি আৰু প্ৰয়োজন অনুসৰি খণ্ড জিলা ভিত্তিত পানী ব্যৱহাৰৰ পৰিকল্পনা) জলসিঞ্চন প্ৰক্ৰিয়াৰ বিনিয়োগ অভিসাৰিত কৰা|
  • নিশ্চিত জলসিঞ্চনৰ অন্তৰ্গত কৃষিপাম সমুহত পানী যোগান আৰু কৃষিক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা|
  • যথোপযুক্ত প্ৰযুক্তিবিদ্যা আৰু অভ্যাসগত কামৰ যোগেদি পানীৰ যথোচিত ব্যৱহাৰৰ উদ্দেশ্যে পানীৰ উৎসবোৰৰ সংলগ্ন ঘটোৱা, বিতৰণ কৰা আৰু কাৰ্যক্ষম ব্যৱহাৰৰ উপযোগী কৰা|
  • সময় অনুসৰি ক্ষতি কমোৱা আৰু উৎপাদন ক্ষেত্ৰৰ পৰিসৰ বঢ়োৱাৰ উদ্দেশ্যে খেতিত ব্যৱহৃত পানীৰ মানদণ্ডৰ উন্নয়ন ঘটোৱা|
  • জলসিঞ্চন আৰু অন্যান্য পানী সংৰক্ষণ পদ্ধতিৰ যোগেদি নিখুদঁতা বৃদ্ধি কৰা|
  • জলাবৃত অঞ্চল আৰু পানী সংৰক্ষিত আঁচনিৰ পৰিসৰ বঢ়োৱা|
  • ভুজলৰ নবীকৰণ প্ৰবাহন মনমোহা কৰা, জীৱিকাৰ উপায় আদিৰ বাবে জলবিভাজিকা পদ্ধতি ব্যৱহাৰ কৰি বৰ্ষা প্ৰৱণিত অঞ্চল বৃদ্ধিৰ উদ্দেশ্যে মাটি আৰু পানী সংৰক্ষণৰ বাবে একত্ৰিত হোৱা|
  • পানী সংৰক্ষণ, পানী যোগান আৰু খেতিয়কৰ বাবে খেতি সংৰক্ষণ আৰু জড় জমীন স্তৰৰ বিকাশ সম্পৰ্কীয় সম্প্ৰসাৰণৰ পৃষ্ঠপোষকতা কৰা|
  • নগৰাঞ্চলৰ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ কৰা|
  • বহুল ব্যক্তিগত বিনিয়োগখণ্ডক জলসিঞ্চন প্ৰক্ৰিয়াৰ প্ৰতি আকৰ্ষিত কৰা|

কাৰ্যক্ৰমৰ প্ৰয়োগ-

কৃষি সঞ্চয় যোজনাই কাৰ্যস্তৰত জলসিঞ্চন প্ৰক্ৰিয়াত বিনিয়োগ একত্ৰিত কৰিবলৈ ৫ বছৰৰ কাৰণে (২০১৫-১৬ ৰ পৰা ২০১৯-২০)প্ৰায় ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে|
PMKSY জলসম্পদ মন্ত্ৰালয়ৰ অধীনত স্থল সম্পদ বিভাগৰ নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন, জলবিভাজন সম্পাদন কাৰ্যক্ৰম, কৃষি আৰু সহযোগ বিভাগৰ ৰাষ্ট্ৰীয় কৃষি আয়োগৰ কৃষিপামৰ পানী পৰিচালনাৰ যোগেদি চলিত আঁচনি সমুহ জলসিঞ্চন বিভাগৰ লাভদায়ক কাৰ্যক্ৰমেৰে আগুৱাই নিছে|
জলসিঞ্চন বিভাগৰ পৰিকল্পনা আঁচনি সমুহ ৰাজ্যিক ভিত্তিত জিলা আৰু ব্লক পৰ্যায়ত ৫ ৰ পৰা ৭ বছৰৰ ভিতৰত সম্পুৰ্ণ হ’ব লাগিব লগতে PMKSY অঞ্চল উন্নয়ন কাৰ্য, ৰাজ্যিক পৰ্যায়ৰ পৰিকল্পনা

  • পৰিকল্পনা আৰু প্ৰকল্প বিকল্পীকৰণত প্ৰয়োগ কৰা হৈছে|

দেশৰ সকলোবোৰ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত ৰাজ্য আৰু উত্তৰ-পূৱৰ ৰাজ্যবোৰক এই কাৰ্যক্ৰমৰ ভিতৰত সামৰি লোৱা হৈছে|
PMKSY ৰ ৰাষ্ট্ৰীয় দিশ নিয়ন্ত্ৰণ আয়োগে সন্মানীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কাৰ্যক্ৰমবোৰ সম্পাদন হবলৈ আঁচনি আগবঢ়ায় আৰু নিতি আয়োগৰ মুখ্য অধ্যক্ষৰ তত্বাবধানত ৰাষ্ট্ৰীয় কাৰ্যকৰী আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত আঁচনি কাৰ্যকৰীৰ বাবে পৰিদৰ্শন কৰে|

কাৰ্যক্ৰমৰ গঠন-

PMKSY য়ে তলত উল্লেখিত কাৰ্যক্ৰম গঠনৰ আহিলাসমুহ ব্যৱহাৰ কৰে-

ক) দ্ৰুততৰ জলসিঞ্চনৰ উদ্দেশ্যে লাভদায়ক কাৰ্যক্ৰমৰ পোষকতা:-

চলিত মুখ্য আৰু মজলীয়া ৰাষ্ট্ৰীয় জলসিঞ্চন প্ৰকল্পবোৰ শীঘ্ৰে সম্পুৰ্ণ কৰাৰ গুৰুত্ব দিয়া|

খ) PMKSY(প্ৰত্যেক খেতিৰ বাবে পানী যোগান)-

 

  • লঘু জলসিঞ্চন প্ৰকল্পৰ আধাৰত ন ন জলসম্পদৰ সৃষ্টি কৰা (উত্তম উপবিভাগ আৰু ভুজল)
  • পানী সংৰক্ষকবোৰ্মেৰামতি আৰু পুনৰ সংস্থাপন কৰাৰ উদ্দেশ্যে হ’ল- অতীজৰে পৰা চলা পানীৰ উৎসবোৰ চলাই নিয়াৰ বাবে সবলতা বৃদ্ধি কৰাৰ লগতে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰা (জলসঞ্চয়)
  • নিয়ন্ত্ৰিত এলেকাৰ উন্নয়ন, বিতৰন ব্যৱস্থাৰ সৃষ্টিৰ যোগেদি কৃষিপামৰ সবলতা বঢ়োৱা|
  • ভুজলৰ পৰিসৰ প্ৰচুৰ ভাৱে বৃদ্ধি কৰাৰ উদ্দেশ্যে বৰ্ষাকালত পানী সংৰক্ষণৰ বাবে কিছুমান আহিলাৰ নিৰ্মাণ কৰা|
  • পানীৰ উৎসবোৰত সম্পুৰ্নৰুপে পানী ৰখাৰ উদ্দেশ্যে জলসম্পাদন আৰু বিতৰণ প্ৰক্ৰিয়াৰ উন্নয়ন ঘটোৱা|
  • কমেও ১০% নিয়ন্ত্ৰিত অঞ্চলৰ সুক্ষ্ম আৰু নিখুত জলসিঞ্চনৰ অন্তৰ্গত কৰা|
  • IWMP আৰু MGNREGS ৰ বাবে জলসিঞ্চন প্ৰকল্পৰ সহায়ত জলসিঞ্চন প্ৰক্ৰিয়া আৰু নদীৰ কম উচ্চতাক ব্যৱহাৰ কৰি পানীৰ প্ৰচুৰ অভাৱজনিত এলেকা বোৰত পানী যোগানৰ ব্যৱস্থা কৰা|
  • সম্ভাৱ্যস্থান সমুহত পানী সংৰক্ষণ প্ৰক্ৰিয়া, যেনে- জলমন্দিৰ, গুজৰাট, খাত্ৰি, কুইল (এইচ পি), জ’ৰ’(নাগালেণ্ড), এৰি, ওৰনিচ (তামিলনাডু), দোঙ (অসম), কাটাচ, বান্ধাচ (উৰিষ্যা আৰু মধ্যপ্ৰদেশ) আদিৰ পুনৰুজ্জীৱন কৰা|

 

গ) PMKSY (প্ৰতি টোপালত অধিক খেতি)

 

  • কাৰ্যক্ৰম সম্পাদন, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ জলসিঞ্চন প্ৰকল্প, বাৰ্ষিক কৰ্মসূচীৰ পৰিকল্পনাৰ অনুমোদন পৰিদৰ্শন আদি|
  • যথোপযুক্ত পানীৰ পৰিবহন আৰু পানী ব্যৱহাৰৰ নিখুত আহিলা যেনে- ড্ৰিপ ব্যৱস্থাৰ (টোপ টোপকৈ পানী পৰা পদ্ধতি)যোগেদি পানী যোগান, পানীৰ কোৱাৰা, ৰেইনগান আদি খেতিত ব্যৱহাৰ কৰা|
  • MGNREGS ৰ অধীনত বিভিন্ন কাৰ্যসূচী যেনে- আৱৰিত মাৰি, অসন্নিবিষ্ট মাৰি, পলসতা, বিতৰণ প্ৰক্ৰিয়া আদিৰ বাবে গড়কাপ্তানী নিৰ্মাণ কাৰ্যত ব্যৱহাৰিক খৰচ (৪০%শতাংশ) অনুমোদন সীমাৰ ভিতৰত ৰখা|
  • নলকুৱা, কুৱা খন্দা ( যিবোৰ ঠাইত ভুজল আছে আৰু যিবোৰ ঠাই মধ্য প্ৰতিকুল্প্ৰতিকুল, অতিশোষিত শ্ৰেণী উন্নয়নৰ অন্তৰ্গত নহয়) কাৰ্যক্ৰমৰ পৃষ্ঠপোষকতাৰ জৰিয়তে সুক্ষ্ম জলসিঞ্চনৰ গঠন কৰা আৰু এই কাৰ্যক্ৰম বোৰ AIBP, PMKSY (প্ৰ্ত্যেক খেতিত পানী যোগান), PMKSY (জলবিভাজন) আৰু MGNREGS ৰ অধীনৰ ব্লক বোৰ জিলা পৰ্যায়ৰ জলসিঞ্চন আঁচনিৰ গ্ৰহণযোগ্য নহয়|
  • যেতিয়া প্ৰচুৰ পৰিমাণৰ পানী বৰ্তি থাকে, নলাগনি প্ৰনালীৰ জৰিয়তে গৌণ সংৰক্ষণ গঠনৰ মাধ্যমত পানী সংৰক্ষণ কৰা যাতে ধাৱমান উৎস সমুহ যেনে নদী, জান-জুৰি আদিৰ পানীৰ সহায়ত শুকান বতৰত খেতিৰ বাবে পানী ব্যৱহাৰ কৰিব পৰা যায়|
  • পানী পৰিবহণ যন্ত্ৰ যেনে ডিজেল অথবা বৈদ্যুতিক অথবা সৌৰচালিত পাম্পসমুহ পানী পৰিবহণ নলা, ভুগৰ্ভস্থ নলা প্ৰণালীক সামৰি লয়|
  • বৈজ্ঞানিক আদ্ৰতা সংৰক্ষণ, কৃষিসংক্ৰান্ত মাপৰ দৰে কাৰ্যৰ উন্নীতকৰণৰ জৰিয়তে বৰষুণৰ পানীকে আদি কৰি ধাৱমান বৰ্ত্তিত পানী খেতিৰ উদ্দেশ্যে সঠিক ৰুপত ব্যৱহাৰ কৰা লগতে জলসিঞ্চনৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাই অনা (জলসংৰক্ষণ)
  • সজাগতা শিবিৰে প্ৰশিক্ষণ আৰু ক্ষমতা গঠনৰ উদ্দেশ্যে কম খৰচত প্ৰকাশিত পিক প্ৰজেক্টকৰ ব্যৱহাৰ আৰু মিতব্যয়ীভাৱে গঠিত্ চলচিত্ৰক সামৰি লয়| ইয়াৰ উদ্দেশ্যে এয়ে যে প্ৰযুক্তিবিদ্যা আৰু কৃষিসংক্ৰান্তীয় কাৰ্যৰ জৰিয়তে জলসিঞ্চনক সামৰি পানীৰ সঠিক ব্যৱহাৰৰ বাবে উৎসাহিত|
  • PMKSY ৰ অধীনত বনুৱাবোৰক সংলগ্ন প্ৰযুক্তিবিদ্যা যেনে বৈজ্ঞানিক আৰ্দ্ৰতা সংৰক্ষণ, কৃষিসংক্ৰান্ত মাপ, উন্নয়ন আৰু বিজ্ঞান প্ৰণালী উদাহৰণস্বৰুপে পাইপ আৰু বাকচ নিৰ্মাণ প্ৰণালী আদিৰ ওপৰত আৱশ্যকীয় প্ৰশিক্ষণ দি দক্ষতাসম্পন্ন কৰি তোলা হয়| এই ক্ষেত্ৰ্ত অভিজ্ঞ বিষয়াই মূল প্ৰশিক্ষক হিচাপে কাম কৰে|
  • NeGP জৰিয়তে তথ্য যোগাযোগ পদ্ধতিৰ সৃষ্টি:- নিখুত জলসিঞ্চনৰ যোগেদি পানীৰ যথোচিত ব্যৱহাৰ, কৃষিকৰ্মৰ পানীযোগানৰ হকে নিখুত জলসিঞ্চন ব্যৱস্থা আৰু আঁচনিৰ বিস্তৃত পৰিদৰ্শনৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা|

 

ঘ) PMKSY (জলবিভাজন উন্নয়ন)

প্ৰবাহমানী পানীৰ সংৰক্ষণৰ সঠিক ব্যৱস্থাপন আৰু আৰ্দ্ৰতা সংৰক্ষণ কাৰ্যক্ৰম যেনে:- সেতুবন্ধন কামৰ মেৰামতি, নলা-নৰ্দমা লাইন ৫ ৰ মেৰামতি, বৰষুণৰ পানীৰ সংৰক্ষণ, সিটু আৰ্দ্ৰতা সংৰক্ষণ আৰু অন্য জল বিভাজন কাৰ্যক্ৰমৰ উন্নয়ন সাধন|

বৰষুণৰ পানী অৱধাবিত ঠাইবোৰৰ চিনাক্তকৰণৰ লগতে পাৰস্পৰিক পানী ব্যৱহাৰ পদ্ধতিৰ সংস্কাৰণৰ যোগেদি পানীৰ উৎসৰ প্ৰসাৰণ ঘটোৱা MGNREGS আন এক উদ্দেশ্যে|

উৎস: http://pmksy.gov.in/

English Summary: PMKSY
Published on: 14 May 2019, 06:16 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now