1. Government Schemes

PM Kisan Yojna: বছৰৰ প্ৰথম দিনটোত ১০ কোটি কৃষকে লাভ কৰিলে আচঁনিৰ ধন

KJ Staff
KJ Staff
PM Kisan 10thn Installment
PM Kisan 10thn Installment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১ জানুৱাৰীত দুপৰীয়া ১২ বজাত প্ৰধানমন্ত্ৰী কিষাণ যোজনা (PM Kisan Yojna) ৰ দশম কিস্তি মুকলি কৰিলে । স্বাধীনতাৰ পিছত এইটো প্ৰথম আচঁনি যাৰ অধীনত প্ৰথমবাৰৰ বাবে কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন দিয়া হৈছে । কৃষি মন্ত্ৰাণালয়ে প্ৰায় ২২,০০০ কোটি টকা মুকলি কৰিছে । এই আচঁনিৰ অধীনত, দেশৰ প্ৰায় ১১  কোটি কৃষকক ১.৬১ লাখ কোটি টকা দিয়া হৈছে । ক্ষুদ্ৰ কৃষকসকল ইয়াৰ ফলত লাভান্বিত হৈছে । আজি দেশৰ ১০ কোটি কৃষকে আঁচনিখনৰ দশম কিস্তি লাভ কৰিছে ।

স্থিতি পৰীক্ষা কৰিবলৈ এই পদ্ধতিটো ব্যৱহাৰ কৰক:

  • প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট https://pmkisan.gov.in ভিজিত কৰক

  • স্ক্ৰীণত দেখা 'কিষাণ কৰ্ণাৰ' বিকল্পত ক্লিক কৰক

  • এতিয়া হিতাধিকাৰী তালিকা বিকল্পত ক্লিক কৰক

  • আপোনাৰ ৰাজ্য, জিলা, উপ জিলা, খণ্ড আৰু গাওঁ বাছনি কৰক

  • তাৰ পিছত 'প্ৰতিবেদন প্ৰাপ্ত কৰক'ত ক্লিক কৰক

এনেদৰে আপুনি প্ৰধানমন্ত্ৰী কিষাণ যোজনা  (PM Kisan Yojna)  ডৰিয়তে লাভ কৰা ধন সম্পৰ্কীয় বিভিন্ন তথ্য লাভ কৰিব পাৰে । লগতে, যদি আপোনাৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দশম তালিকাত নাথাকে, আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হেল্পলাইন নম্বৰ ১৫৫২৬১ আৰু ০১১-২৪৩০০৬০৬ ত কল কৰিব পাৰে ।

লগতে পঢ়কঃ ন্যূনতম মূল্য সমৰ্থিত আঁচনিৰ অধীনত মাটিমাহ ক্ৰয় কৰিব চৰকাৰে

English Summary: PM Kisan Yojna 10th Installment

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.