1. Government Schemes

ন্যূনতম মূল্য সমৰ্থিত আঁচনিৰ অধীনত মাটিমাহ ক্ৰয় কৰিব চৰকাৰে

KJ Staff
KJ Staff

নতুন বছৰত কৃষকসকলৰ বাবে আছে এক ভাল খবৰ । কৃষকসকলৰদ্বাৰা উৎপাদিত ধানৰ উপৰি এইবাৰ মাটিমাহ ক্ৰয়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে । বৃহস্পতিবাৰে জনতা ভৱনত কৃষিমন্ত্ৰী অতুল বৰা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে বিভাগীয় উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত ন্যূনতম মূল্য সমৰ্থিত আঁচনিৰ অধীনত NAFEDৰ সহযোগত কৃষি, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সমন্বয়ত কৃষকৰ পৰা মাটিমাহ ক্ৰয়ৰ বাবে নতুনকৈ এক আঁচনি যুগুত কৰা হৈছে ।

এই আঁচনিখনৰ জৰিয়তে মাটিমাহৰ খেতি কৰা কৃষকসকল যথেষ্ট উপকৃত হ’ব বুলি টুইটযোগে কৃষি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । কৃষি, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰধান সচিবদ্বয় ক্ৰমে শ্ৰী আশিস কুমাৰ ভূটানী, শ্ৰী বিশ্বৰঞ্জন সমল, NAFEDৰ বিষয়া, অসম কৃষি বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমুখ্যে বিভাগীয় আন বিষয়াসকলো বৈঠকত উপস্থিত থাকে । তেওঁলোকক ইণ্টিগ্ৰেটেড বী কিপিং চিষ্টেমৰ বাবে সঠিক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে । তদুপৰি আগন্তুক কৃষি-হৰ্টি শ্ব'ৰ প্ৰস্তুতি সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে বৈঠকত পৰ্যালোচনা কৰে ।

Meeting at Janata Bhaban
Meeting at Janata Bhaban

শুকুৰবাৰে কৃষি মন্ত্ৰীগৰাকীয়ে কৃষি, উদ্যানশস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ সৈতে মন্ত্ৰী অতুল বৰাই আন এখন বৈঠকত মিলিত হয় । বৈঠকত পি এম কিষাণ,  পিএমএফবিৱাই, আৰকেভিৱাই, কিষাণ ক্ৰেডিট কাৰ্ড, এনএফএছএম, আৰআইডিএফ, এমঅ'ভিচিডি আৰু এই আঁচনিসমূহৰ বিত্তীয় স্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে । ইয়াৰ উপৰিও সাৰৰ উপলব্ধতা বিষয়টো মূল্যায়ন কৰে ।

চি.এম.এছ.জি.ই.ই.-ৰ অধীনত মিনি ৰাইচ মিল, মিনি ট্ৰাক আৰু সংযুক্ত হাৰ্ভেষ্টাৰ প্ৰদান কৰাৰ উদ্যোগৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে বুজ লয় । কৃষকসকলক পাৱাৰ টিলাৰ বিতৰণকে ধৰি আঁচনিসমূহৰ সময়সীমা কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি টুইটযোগে কৃষিমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়কঃ আগন্তুক বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হ'ব মাজুলী-লখিমপুৰ প্ৰকল্পৰ কাম

English Summary: agro scheme in assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.