1. Government Schemes

PM-Kisan : আঁচনিৰ দশম (10th) কিস্তি কেনেদৰে পৰীক্ষা কৰিব আপোনাৰ নাম

KJ Staff
KJ Staff
PM Kisan Samman Nidhi Yojana 10th installment
PM Kisan Samman Nidhi Yojana 10th installment

ক্ষুদ্ৰ আৰু মজলীয়া শ্ৰেণীৰ কৃষকসকলৰ উপাৰ্জনৰ পৰিপূৰক হিচাপে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan Sanmman Nidhi ) আঁচনি আৰম্ভ কৰা হৈছিল । এই আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলক বছৰি ৬,০০০ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয় । এই আঁচনিখন কৃষকসকলৰ আধাৰৰ বিৱৰণৰ সৈতে সংযুক্ত, যত কৃষক আৰু পৰিয়ালৰ সকলো সদস্যৰ বিৱৰণ ভূমি ৰেকৰ্ডত আছে । ডিজিটেল ইণ্ডিয়া উদ্যোগৰ সৈতে এই আঁচনিয়ে দেশৰ ১২ কোটি কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণৰ লাভালাভ প্ৰাপ্ত কৰাটো সম্ভৱ কৰি তুলিছে ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan Sanmman Nidhi ) আঁচনিৰ অধীনত বছৰি ৩ টা কিস্তিত চৰকাৰে এই আঁচনিৰ ধন প্ৰত্যক্ষভাৱে কৃষকক প্ৰদান কৰে আৰু যোগ্য কৃষকৰ একাউণ্টলৈ চৰকাৰে এটা কিস্তিত ২০০০ টকাকৈ স্থানান্তৰ কৰে । এতিয়ালৈকে এই আঁচনিখনৰ ৯টা কিস্তিৰ ধন কৃষকৰ একাউণ্টত জমা কৰা হৈছে আৰু দশম কিস্তিটো ১৫ ডিচেম্বৰৰ আশে পাশে জমা হোৱাৰ সম্ভাৱনা আছে । কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত দশম কিস্তিৰ বাবে অপেক্ষা কৰি আছে ।

বিগত বৰ্ষৰ ২৫ ডিচেম্বৰ ২০২০ ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধন কৃষকসকলৈ স্থানান্তৰ কৰা হৈছিল । এই পৰ্যন্ত ১১.৩৭ কোটি কৃষকৰ একাউডণ্টত প্ৰত্যক্ষভাৱে ১.৫৮ লাখ কোটি টকা স্থানান্তৰ কৰা হৈছে । যিসকল কৃষকে নৱম (9th) কিস্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই সেইসকল কৃষকৰ একাউণ্টত একেলগে ২টা কিস্তি অৰ্থাৎ ৪০০০ টকা স্হানান্তৰ কৰা হ’ব । কিন্ত এই সুবিধা ৩০ ছেপ্তেম্বৰৰ আগত পঞ্জীয়ণ কৰা কৃষকসকলে লাভ কৰিবলৈ সমৰ্থ হ’ব।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (PM-KSNY) দশম (10th) কিস্তি কেনেদৰে পৰীক্ষণ কৰিব:

  • পদক্ষেপ 1 - চৰকাৰৰ অফিচিয়েল ৱেবছাইটলৈ যাওক - https://pmkisan.gov.in/
  • পদক্ষেপ 2 - এতিয়া হোমপেজত ‘Farmer Corner Section’ বিচাৰক
  • পদক্ষেপ 3- ‘Beneficiary Status’ বিকল্পত ক্লিক কৰক
  • পদক্ষেপ 4- ইয়াৰ পিছত আপোনাৰ আধাৰ নম্বৰ বা একাউণ্ট নম্বৰ বা ম'বাইল নম্বৰ এণ্টাৰ কৰক
  • পদক্ষেপ 5 - তাৰ পিছত ‘Get Data’ ক্লিক কৰক

ইয়াৰ পিছত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা দিয়া হ'ব য'ত আপুনি আপোনাৰ নাম পৰীক্ষা কৰিব পাৰে।

লগতে পঢ়ক ঃ 

E-Shram Card: ১০ কোটি শ্ৰমিকে লাভ কৰিলে ই-শ্ৰম কাৰ্ড, জানক ইয়াৰ লাভলাভ আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া

ঔষধি উদ্ভিদৰ খেতি কৰি উপার্জন কৰক অধিক মুনাফা

English Summary: PM Kisan Samman Nidhi Yojana 10th installment

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.