Krishi Jagran Tamil
Menu Close Menu

E-Shram Card: ১০ কোটি শ্ৰমিকে লাভ কৰিলে ই-শ্ৰম কাৰ্ড, জানক ইয়াৰ লাভলাভ আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া

Thursday, 02 December 2021 03:54 PM
E-Shram card

E-Shram card

কেন্দ্ৰীয় চৰকাৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক লাভান্বিত কৰিবলৈ এটা পৰ্টেল মুকলি কৰিছে যাৰ জৰিয়তে শ্ৰমিকসকলে সহজে চৰকাৰী আঁচনিৰ লাভালাভ লাভ কৰিব পাৰে । ইয়াৰ নাম হৈছে ই-শ্ৰম পৰ্টেল ( E Shram Portal) । এই পৰ্টেলত কোটি কোটি লোকে পঞ্জীয়ন কৰিছে, পৰ্টেলটোত পঞ্জীয়ন কৰা শ্ৰমিকসকলে ই-শ্ৰম কাৰ্ড ( E-Shram Car) লাভ কৰিছে।

উল্লেখ্য যে, ১ ডিচেম্বৰত ই-শ্ৰম হৈছে ই-শ্ৰম পৰ্টেল ( E Shram Portal) ত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ পঞ্জীয়নৰ সংখ্যা ১০ কোটি অতিক্ৰম কৰিছে। ই-শ্ৰম পৰ্টেল হৈছে অসংগঠিত কৰ্মশক্তিৰ ৰাষ্ট্ৰীয় ডাটাবেচ সৃষ্টি কৰাৰ বাবে চৰকাৰৰ এক প্ৰচেষ্টা ।

এই সাফল্যৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এয়া হৈছে সংকল্পৰ পৰা সিদ্ধিৰ যাত্ৰা । দেশৰ লাখ লাখ শ্ৰমিকৰ শক্তি আজি নতুন ভাৰতৰ আধাৰশিলা হৈ পৰিছে । তেওঁলোকৰ সামাজিক সুৰক্ষাত দেশৰ ভৱিষ্যত লুকাই আছে ।

-শ্ৰম পৰ্টেল ৰ সুবিধা ( Advantages of E-Shram Port)

  • ই-শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ শ্ৰমিকৰ এক তথ্য প্ৰস্তত হ’ব

  • প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত ই-শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ শ্ৰমিকে কোনো প্ৰিমিয়াম নোহোৱাকৈ ২ লাখ পৰ্যন্ত বীমাৰ সুবিধা নাভ কৰিব

  • দুৰ্ঘটনাট মৃত্যু অথবা স্হায়ী ৰূপত প্ৰতিবন্ধী হ’লে ২ লাখ টকা লাভ কৰিব

  • আংশিকভাৱে প্ৰতিবন্ধী হ’লে ১ লাখ টকা লাভ কৰিব

  • ই শ্ৰমৰ জৰিয়তে বিভন্ন ধৰণৰ সামাজিক নিৰাপত্তাৰ সুবিধা

  • আপদকালীন অথবা মহামাৰীজনিত পৰিস্হিতিত চৰকাৰী সাহাৰ্য্য নাভত সুবিধা

কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব-শ্ৰম পৰ্টেলত ( How to register in E Shram Portal) :

নিকটবৰ্তী যিকোনো Common Service Centre (CSC) ত গৈ ই-শ্ৰম পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব । ইয়াৰ কাৰণে আধাৰ কাৰ্ড, চেভিংচ /  জনধন একাউণ্টৰ নথি পত্ৰৰ প্ৰয়োজন হ'ব । বিস্তাৰিত  তথ্যৰ বাবে http://eshram.gov.in/ যাব পাৰে অথবা হেল্পলাইন নম্বৰ ১৪৪৩৪ ত যোগাযোগ কৰিব পাৰে ।

How to apply for e shram card E Shram Portal E Shram

Share your comments

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.